--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ এগৰাকী মডেলে আঁকোৱালি ল’লে কৰুণ মৃত্যু। ছ’চিয়েল মিডিয়াৰ ইনফুৱেলেন্সাৰ তথা মডেল আৰিছাৰা কাৰ্বদেচোৱে ইমান খৰখেদাকৈ কাবাব খাইছিল যে সেই কাবাবেই তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰে। কাবাব খাই থাকোতে আৰিছাৰাৰ ডিঙিত লাগি ধৰে আৰু তেওঁক লৰালৰিকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰিছাৰাৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক চিকিৎসালয়ত লাইফ চাপ’ৰ্টত ৰখা হৈছিল। কিন্তু দুমাহ লাইফ চাপ’ৰ্টত থকাৰ পিছতো তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল।
 আৰিছাৰা কাৰ্বদেচোৰ বয়স আছিল মাত্ৰ ২৭ বছৰ। তেওঁৰ পৰিয়ালৰ লোকে এই দুখৰ খবৰটো নিশ্চিত কৰিছে। মডেলগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টত ১৫ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে। ছ’চিয়েল মিডিয়াত আৰিছাৰা যথেষ্ট বিখ্যাত আছিল। এই মডেলগৰাকী ইনষ্টাগ্ৰামত অতি সক্ৰিয় আছিল আৰু প্ৰায়ে তেওঁৰ নতুন ফটো প’ষ্ট কৰিছিল। মডেলগৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি সেইদিনা ব্যস্ততাৰ বাবে খৰখেদাকৈ খাদ্য খাইছিল আৰিছাৰাই। খৰখেদাকৈ গাহৰিৰ মাংসৰ কাবাব আৰু ভাত খাই থাকোতে তেওঁৰ ডিঙিত মাংস এটুকুৰা আবদ্ধ হৈ পৰিছিল।
 চিকিৎসকৰ মতে আৰিছাৰাৰ চিকিৎসালয় পোৱাত ৯ মিনিট পলম হৈছিল যাৰ বাবে তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল। আচলতে তেওঁৰ মগজুলৈকে অক্সিজেন গৈ পোৱা নাছিল, যাৰাবাবে আৰিছাৰাক লাইফ চাপৰ্ট দিয়া হৈছিল। নিজ কন্যাক হেৰুৱাই আৰিছাৰাৰ মাতৃয়ে যুৱক-যুৱতীসকলক খাদ্য আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক