--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ এগৰাকী মডেলে আঁকোৱালি ল’লে কৰুণ মৃত্যু। ছ’চিয়েল মিডিয়াৰ ইনফুৱেলেন্সাৰ তথা মডেল আৰিছাৰা কাৰ্বদেচোৱে ইমান খৰখেদাকৈ কাবাব খাইছিল যে সেই কাবাবেই তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰে। কাবাব খাই থাকোতে আৰিছাৰাৰ ডিঙিত লাগি ধৰে আৰু তেওঁক লৰালৰিকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰিছাৰাৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক চিকিৎসালয়ত লাইফ চাপ’ৰ্টত ৰখা হৈছিল। কিন্তু দুমাহ লাইফ চাপ’ৰ্টত থকাৰ পিছতো তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল।
 আৰিছাৰা কাৰ্বদেচোৰ বয়স আছিল মাত্ৰ ২৭ বছৰ। তেওঁৰ পৰিয়ালৰ লোকে এই দুখৰ খবৰটো নিশ্চিত কৰিছে। মডেলগৰাকীৰ ইনষ্টাগ্ৰাম একাউণ্টত ১৫ লাখতকৈ অধিক ফ’ল’ৱাৰ আছে। ছ’চিয়েল মিডিয়াত আৰিছাৰা যথেষ্ট বিখ্যাত আছিল। এই মডেলগৰাকী ইনষ্টাগ্ৰামত অতি সক্ৰিয় আছিল আৰু প্ৰায়ে তেওঁৰ নতুন ফটো প’ষ্ট কৰিছিল। মডেলগৰাকীৰ মাতৃয়ে জনোৱা অনুসৰি সেইদিনা ব্যস্ততাৰ বাবে খৰখেদাকৈ খাদ্য খাইছিল আৰিছাৰাই। খৰখেদাকৈ গাহৰিৰ মাংসৰ কাবাব আৰু ভাত খাই থাকোতে তেওঁৰ ডিঙিত মাংস এটুকুৰা আবদ্ধ হৈ পৰিছিল।
 চিকিৎসকৰ মতে আৰিছাৰাৰ চিকিৎসালয় পোৱাত ৯ মিনিট পলম হৈছিল যাৰ বাবে তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা নগ’ল। আচলতে তেওঁৰ মগজুলৈকে অক্সিজেন গৈ পোৱা নাছিল, যাৰাবাবে আৰিছাৰাক লাইফ চাপৰ্ট দিয়া হৈছিল। নিজ কন্যাক হেৰুৱাই আৰিছাৰাৰ মাতৃয়ে যুৱক-যুৱতীসকলক খাদ্য আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু