--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এজন যুৱকে নিজৰ জীৱন বিপদত পেলাই ৰক্ষা কৰিলে এগৰাকী মাতৃ আৰু তেওঁৰ ২ বছৰীয়া কন্যাৰ জীৱন। ১০০ ফুট গভীৰ জলপ্ৰপাতত পৰি গৈছিল মাতৃ আৰু কন্যা। এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ পোৰ্টলেণ্ডত। শ্বেন ৰাউণ্ডি নামৰ যুৱকজনে জলপ্ৰপাতৰ নৈসৰ্গিক শোভা চাবৰ বাবে তাত উপস্থিত হৈছিল। হঠাতে তেওঁ এক মৰণকাতৰ চিঞৰ শুনিবলৈ পালে। শ্বেন ৰাউণ্ডিয়ে দৌৰি গৈ দেখে যে এগৰাকী মহিলা আৰু এটি কন্যা শিশু দলঙৰ পৰা পানীত পৰি গৈছে। ১০০ ফুট তলত পৰি গৈছিল দুই মাতৃ-কন্যা।

শ্বেন ৰাউণ্ডিয়ে লগালগ লোহাৰ দলঙৰ পৰা জঁপিয়াই পৰিছিল আৰু গছ এডালত উঠিছিল। তেওঁ মহিলাগৰাকীক বচাবলৈ হাতখন আগবঢ়াইছিল। কিন্তু মহিলাগৰাকীয়ে চিঞৰি চিঞৰি কান্দিছিল আৰু প্ৰথমে শিশুটোক বচাবলৈ আহ্বান জনাইছিল। সেই কথা শুনি শ্বেনে বৰফ যেন ঠাণ্ডা পানীত জঁপিয়াই পৰিল। তেওঁ লাহে লাহে শিশুটোক দেৱালৰ ফালে লৈ আহিছিল আৰু এটা পাৰত উঠাই দিছিল। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত থকা আন কেইজনমানে তাত গৰম কাপোৰৰ ব্যৱস্থা কৰিছিল। শ্বেনে এইবাৰ মহিলাগৰাকীক বচাবলৈ আগবাঢ়িছিল। তেওঁ সেই সময়ত বহু আঘাত পাইছিল। কিন্তু তাৰপাছতো শ্বেনে মহিলাগৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ প্ৰাণে-পণে যুঁজিলে।

আৰু পঢ়কঃ সাফল্যৰ হাঁহি! পৰীক্ষাত ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰি চমক ১০৪ বছৰীয়া আইতাৰ

শ্বেন ৰাউণ্ডি পেছাত এজন মেকানিক। তেওঁৰ সাহসিকতাৰ বাবেই মাতৃ আৰু কন্যা দুয়োৰে প্ৰাণৰক্ষা পৰে। ইয়াৰ পাছতেই শ্বেন ৰাউণ্ডিক লৈ সকলো ঠাইতে প্ৰশংসা আৰম্ভ হৈছে। মাতৃগৰাকীয়ে শ্বেনক দেৱদূত আখ্যা দিছে। বৰ্তমানৰ তিনিওৰে স্বাস্থ্য সুস্থিৰ। শ্বেন ৰাউণ্ডিৰ সাহসিকতাক সকলোৱে একমুখে শলাগিছে। এই ঘটনাটো মাল্টনোমাহ জলপ্ৰপাত চোৱাৰ সময়ত সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু