--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এজন যুৱকে নিজৰ জীৱন বিপদত পেলাই ৰক্ষা কৰিলে এগৰাকী মাতৃ আৰু তেওঁৰ ২ বছৰীয়া কন্যাৰ জীৱন। ১০০ ফুট গভীৰ জলপ্ৰপাতত পৰি গৈছিল মাতৃ আৰু কন্যা। এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ পোৰ্টলেণ্ডত। শ্বেন ৰাউণ্ডি নামৰ যুৱকজনে জলপ্ৰপাতৰ নৈসৰ্গিক শোভা চাবৰ বাবে তাত উপস্থিত হৈছিল। হঠাতে তেওঁ এক মৰণকাতৰ চিঞৰ শুনিবলৈ পালে। শ্বেন ৰাউণ্ডিয়ে দৌৰি গৈ দেখে যে এগৰাকী মহিলা আৰু এটি কন্যা শিশু দলঙৰ পৰা পানীত পৰি গৈছে। ১০০ ফুট তলত পৰি গৈছিল দুই মাতৃ-কন্যা।

শ্বেন ৰাউণ্ডিয়ে লগালগ লোহাৰ দলঙৰ পৰা জঁপিয়াই পৰিছিল আৰু গছ এডালত উঠিছিল। তেওঁ মহিলাগৰাকীক বচাবলৈ হাতখন আগবঢ়াইছিল। কিন্তু মহিলাগৰাকীয়ে চিঞৰি চিঞৰি কান্দিছিল আৰু প্ৰথমে শিশুটোক বচাবলৈ আহ্বান জনাইছিল। সেই কথা শুনি শ্বেনে বৰফ যেন ঠাণ্ডা পানীত জঁপিয়াই পৰিল। তেওঁ লাহে লাহে শিশুটোক দেৱালৰ ফালে লৈ আহিছিল আৰু এটা পাৰত উঠাই দিছিল। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত থকা আন কেইজনমানে তাত গৰম কাপোৰৰ ব্যৱস্থা কৰিছিল। শ্বেনে এইবাৰ মহিলাগৰাকীক বচাবলৈ আগবাঢ়িছিল। তেওঁ সেই সময়ত বহু আঘাত পাইছিল। কিন্তু তাৰপাছতো শ্বেনে মহিলাগৰাকীৰ জীৱন ৰক্ষা কৰিবলৈ প্ৰাণে-পণে যুঁজিলে।

আৰু পঢ়কঃ সাফল্যৰ হাঁহি! পৰীক্ষাত ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰি চমক ১০৪ বছৰীয়া আইতাৰ

শ্বেন ৰাউণ্ডি পেছাত এজন মেকানিক। তেওঁৰ সাহসিকতাৰ বাবেই মাতৃ আৰু কন্যা দুয়োৰে প্ৰাণৰক্ষা পৰে। ইয়াৰ পাছতেই শ্বেন ৰাউণ্ডিক লৈ সকলো ঠাইতে প্ৰশংসা আৰম্ভ হৈছে। মাতৃগৰাকীয়ে শ্বেনক দেৱদূত আখ্যা দিছে। বৰ্তমানৰ তিনিওৰে স্বাস্থ্য সুস্থিৰ। শ্বেন ৰাউণ্ডিৰ সাহসিকতাক সকলোৱে একমুখে শলাগিছে। এই ঘটনাটো মাল্টনোমাহ জলপ্ৰপাত চোৱাৰ সময়ত সংঘটিত হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ