--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত৷ বন্ধ কৰিছে চৰকাৰী কৰ্মচাৰীৰ আগষ্ট মাহৰ দৰমহা৷ প্ৰাপ্ত তথ্য অনুসৰি মানৱ সম্পাদ পৰ্টেলত সম্পত্তিৰ সবিশেষ প্ৰদান নকৰাৰ বাবে ৰাজ্যৰ প্ৰায় ২.৫ লাখ ৰাজ্যিক কৰ্মচাৰীৰ আগষ্ট মাহৰ দৰমহা বন্ধ ৰখা হৈছে।

উত্তৰ প্ৰদেশৰ চৰকাৰৰ মুখ্য সচিবে চৰকাৰী কৰ্মচাৰীসকলক ৩১ আগষ্টৰ ভিতৰত মানৱ সম্পদ পৰ্টেলত স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ সবিশেষ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰাজ্য চৰকাৰৰ মাত্ৰ ৭১ শতাংশ কৰ্মচাৰীয়ে নিজৰ সম্পত্তিৰ তথ্য প্ৰকাশ কৰাত সমৰ্থ হৈছে বুলি জানিব পৰা গৈছে৷ সম্পত্তিৰ তথ্য প্ৰকাশ কৰিব নোৱাৰা কৰ্মচাৰী সকলৰ আগষ্ট মাহৰ দৰমহা বন্ধ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে৷

বস্ত্ৰশিল্প, সৈনিক কল্যাণ, শক্তি, ক্ৰীড়া, কৃষি আৰু মহিলা কল্যাণ বিভাগৰ প্ৰায় সকলো কৰ্মচাৰীয়ে মানৱ সম্পদ পৰ্টেলত স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ সবিশেষ তথ্য প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। শিক্ষা, চিকিৎসা স্বাস্থ্য, ঔদ্যোগিক উন্নয়ন আৰু ৰাজহ বিভাগসমূহৰ অধিক সংখ্যক কৰ্মচাৰীয়ে স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ সবিশেষ তথ্য প্ৰদান কৰাত অসমৰ্থ হৈছে বুলি সদৰি কৰিছে৷
 
ডিজিপি মুখ্য কাৰ্যালয়ে নিযুক্তি বিভাগক কৰ্মচাৰী সকলৰ বাবে সম্পত্তিৰ তথ্য জমা দিয়াৰ সময়সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে। উৎসৱ আৰু আৰক্ষী নিযুক্তি পৰীক্ষাৰ বাবে কৰ্মচাৰী সকলে সম্পত্তিৰ সবিশেষ তথ্য সময়মতে প্ৰদান কৰিব পৰা নাছিল বুলি পত্ৰখনত উল্লেখ কৰিছে। গৃহ বিভাগৰ বাবে এই তাৰিখ বৃদ্ধি কৰিব পৰা যাব বুলি সদৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ