--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ সিদ্ধান্ত৷ বন্ধ কৰিছে চৰকাৰী কৰ্মচাৰীৰ আগষ্ট মাহৰ দৰমহা৷ প্ৰাপ্ত তথ্য অনুসৰি মানৱ সম্পাদ পৰ্টেলত সম্পত্তিৰ সবিশেষ প্ৰদান নকৰাৰ বাবে ৰাজ্যৰ প্ৰায় ২.৫ লাখ ৰাজ্যিক কৰ্মচাৰীৰ আগষ্ট মাহৰ দৰমহা বন্ধ ৰখা হৈছে।

উত্তৰ প্ৰদেশৰ চৰকাৰৰ মুখ্য সচিবে চৰকাৰী কৰ্মচাৰীসকলক ৩১ আগষ্টৰ ভিতৰত মানৱ সম্পদ পৰ্টেলত স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ সবিশেষ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰাজ্য চৰকাৰৰ মাত্ৰ ৭১ শতাংশ কৰ্মচাৰীয়ে নিজৰ সম্পত্তিৰ তথ্য প্ৰকাশ কৰাত সমৰ্থ হৈছে বুলি জানিব পৰা গৈছে৷ সম্পত্তিৰ তথ্য প্ৰকাশ কৰিব নোৱাৰা কৰ্মচাৰী সকলৰ আগষ্ট মাহৰ দৰমহা বন্ধ কৰি ৰাখিছে বুলি জানিব পৰা গৈছে৷

বস্ত্ৰশিল্প, সৈনিক কল্যাণ, শক্তি, ক্ৰীড়া, কৃষি আৰু মহিলা কল্যাণ বিভাগৰ প্ৰায় সকলো কৰ্মচাৰীয়ে মানৱ সম্পদ পৰ্টেলত স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ সবিশেষ তথ্য প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে। শিক্ষা, চিকিৎসা স্বাস্থ্য, ঔদ্যোগিক উন্নয়ন আৰু ৰাজহ বিভাগসমূহৰ অধিক সংখ্যক কৰ্মচাৰীয়ে স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ সবিশেষ তথ্য প্ৰদান কৰাত অসমৰ্থ হৈছে বুলি সদৰি কৰিছে৷
 
ডিজিপি মুখ্য কাৰ্যালয়ে নিযুক্তি বিভাগক কৰ্মচাৰী সকলৰ বাবে সম্পত্তিৰ তথ্য জমা দিয়াৰ সময়সীমা বৃদ্ধি কৰিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছে। উৎসৱ আৰু আৰক্ষী নিযুক্তি পৰীক্ষাৰ বাবে কৰ্মচাৰী সকলে সম্পত্তিৰ সবিশেষ তথ্য সময়মতে প্ৰদান কৰিব পৰা নাছিল বুলি পত্ৰখনত উল্লেখ কৰিছে। গৃহ বিভাগৰ বাবে এই তাৰিখ বৃদ্ধি কৰিব পৰা যাব বুলি সদৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু