--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ এটা অৰ্ধসামৰিক গোটত যোগদান কৰিছিল এজন ভাৰতীয় ছাত্ৰই। ২১ বছৰীয়া ভাৰতীয় ছাত্ৰজনৰ নাম আৰ চাইনিকেশ। তেওঁৰ জন্মস্থান তামিলনাডুৰ কৈম্বাটুৰ। চাইনিকেশ এগৰাকী এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ।ইউক্ৰেইনত অধ্যয়ন কৰি থকা যুৱকজনে ৰাছিয়া-ইউক্ৰেইনৰ চলি থকা ভয়ংকৰ যুদ্ধৰ মাজতে ইউক্ৰেইন সেনাবাহিনীত যোগদান কৰাৰ খবৰ সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল। কিন্তু এতিয়া স্বদেশলৈ ঘূৰি আহিব বিচাৰিছে আৰ চাইনিকেশ। ইউক্ৰেইন সেনাবাহিনীত ইউক্ৰেইন সেনা বাহিনীত যোগদান কৰা ভাৰতীয় ছাত্ৰগৰাকীয়ে অলপতে নিজৰ পিতৃৰ সৈতে ফোনযোগে কথা পাতি জন্মস্থান কৈম্বটুৰলৈ উভতি অহাৰ বাবে ইচ্ছা প্ৰকাশ কৰে।পৰিয়ালৰ লোকে আশা কৰিছে যে অতি সোনকালেই তেওঁলোকৰ পুত্ৰ কুশলে ঘৰলৈ ঘূৰি আহিব। ইউক্ৰেইন সেনাবাহিনীত উল্লেখ্য যে আৰ চাইনিকেশে খাৰকিভৰ নেচনেল এৰোস্পেচ ইনষ্টিটিউটত অধ্যয়ন কৰি আছিল। ৰাছিয়াৰ আক্ৰমণৰ পাছত তেওঁ স্বেচ্ছাসেৱকসকলৰ অৰ্ধসামৰিক গোট জৰ্জিয়ান নেচনেল লিজিয়নত যোগদান কৰে আৰু ইউক্ৰেইনৰ সেনা বাহিনীৰ সৈতে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে। ইউক্ৰেইন সেনাবাহিনীত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে চাইনিকেশৰ বিষয়ে অনুসন্ধান কৰি গম পাইছিল যে চাইনিকেশে ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল কিন্তু তেওঁক দুবাৰকৈ প্ৰত্যাখ্যান কৰা হৈছিল। যুৱকজনৰ পৰিয়ালে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁক ঘৰলৈ ঘূৰাই অনাৰ বাবে আহ্বান জনাইছিল। চাইনিকেশক ঘৰলৈ ঘূৰি আহিবৰ বাবে ঘৰৰ মানুহে বাৰে বাৰে কৈ আছিল যদিও তেওঁ ঘৰলৈ ঘূৰি আহিবলৈ মান্তি হোৱা নাছিল। অৱশেষত আৰ চাইনিকেশে ঘৰলৈ উভতি অহাৰ ইচ্ছা প্ৰকাশ কৰাত স্বস্তিৰ নিশ্বাস পেলাইছে পৰিয়ালৰ লোকে। আৰু পঢ়কঃ দীঘল মোচ প্ৰতিযোগিতা! ৩২ ফুট দীঘল মোচ থকা ব্যক্তিৰ জয়লাভ BFC-new-banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে