--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতেই ইউক্ৰেইনৰ এটা অৰ্ধসামৰিক গোটত যোগদান কৰিছিল এজন ভাৰতীয় ছাত্ৰই। ২১ বছৰীয়া ভাৰতীয় ছাত্ৰজনৰ নাম আৰ চাইনিকেশ। তেওঁৰ জন্মস্থান তামিলনাডুৰ কৈম্বাটুৰ। চাইনিকেশ এগৰাকী এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ।ইউক্ৰেইনত অধ্যয়ন কৰি থকা যুৱকজনে ৰাছিয়া-ইউক্ৰেইনৰ চলি থকা ভয়ংকৰ যুদ্ধৰ মাজতে ইউক্ৰেইন সেনাবাহিনীত যোগদান কৰাৰ খবৰ সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল। কিন্তু এতিয়া স্বদেশলৈ ঘূৰি আহিব বিচাৰিছে আৰ চাইনিকেশ। ইউক্ৰেইন সেনাবাহিনীত ইউক্ৰেইন সেনা বাহিনীত যোগদান কৰা ভাৰতীয় ছাত্ৰগৰাকীয়ে অলপতে নিজৰ পিতৃৰ সৈতে ফোনযোগে কথা পাতি জন্মস্থান কৈম্বটুৰলৈ উভতি অহাৰ বাবে ইচ্ছা প্ৰকাশ কৰে।পৰিয়ালৰ লোকে আশা কৰিছে যে অতি সোনকালেই তেওঁলোকৰ পুত্ৰ কুশলে ঘৰলৈ ঘূৰি আহিব। ইউক্ৰেইন সেনাবাহিনীত উল্লেখ্য যে আৰ চাইনিকেশে খাৰকিভৰ নেচনেল এৰোস্পেচ ইনষ্টিটিউটত অধ্যয়ন কৰি আছিল। ৰাছিয়াৰ আক্ৰমণৰ পাছত তেওঁ স্বেচ্ছাসেৱকসকলৰ অৰ্ধসামৰিক গোট জৰ্জিয়ান নেচনেল লিজিয়নত যোগদান কৰে আৰু ইউক্ৰেইনৰ সেনা বাহিনীৰ সৈতে ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিয়ে। ইউক্ৰেইন সেনাবাহিনীত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে চাইনিকেশৰ বিষয়ে অনুসন্ধান কৰি গম পাইছিল যে চাইনিকেশে ভাৰতীয় সেনাত যোগদান কৰিব বিচাৰিছিল কিন্তু তেওঁক দুবাৰকৈ প্ৰত্যাখ্যান কৰা হৈছিল। যুৱকজনৰ পৰিয়ালে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁক ঘৰলৈ ঘূৰাই অনাৰ বাবে আহ্বান জনাইছিল। চাইনিকেশক ঘৰলৈ ঘূৰি আহিবৰ বাবে ঘৰৰ মানুহে বাৰে বাৰে কৈ আছিল যদিও তেওঁ ঘৰলৈ ঘূৰি আহিবলৈ মান্তি হোৱা নাছিল। অৱশেষত আৰ চাইনিকেশে ঘৰলৈ উভতি অহাৰ ইচ্ছা প্ৰকাশ কৰাত স্বস্তিৰ নিশ্বাস পেলাইছে পৰিয়ালৰ লোকে। আৰু পঢ়কঃ দীঘল মোচ প্ৰতিযোগিতা! ৩২ ফুট দীঘল মোচ থকা ব্যক্তিৰ জয়লাভ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ