--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অভিনেত্ৰীয়ে কৰিলে এক নিৰ্লজ্জ কাম। পকেটমাৰ হিচাপে আৰক্ষীৰ হাতত ধৰা পৰিল অভিনেত্ৰীগৰাকী। নাক-কাণ কাটি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ বৰ্তমান ৰঙাঘৰৰ আলহী অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকী হৈছে বঙালী ছবিজগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ৰূপা দত্ত। কলিকতাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ বাকৰিত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা হৈছে। গ্ৰন্থমেলাৰ বাকৰিত এগৰাকী মহিলাক আৰক্ষীয়ে এটা মানিবেগ ডাষ্টবিনত পেলোৱা দেখা পায়। আৰক্ষীৰ কথাটো সন্দেহ হোৱাত লগে লগে মহিলাগৰাকীক সোধপোচ কৰে। অভিনেত্ৰী ৰূপা দত্ত সোধপোচত গম পোৱা যায় যে মহিলাগৰাকী হৈছে অভিনেত্ৰী ৰূপা দত্ত। সোধপোচৰ লগতে তালাচী চলাওতে ৰূপা দত্তৰ পৰা উদ্ধাৰ হয় অন্য কেইবাটাও মানিবেগ আৰু নগদ ৭৫ হাজাৰ টকা। অভিনেত্ৰী ৰূপা দত্ত আৰম্ভণিতে তেওঁ বিশেষ একো কোৱা নাছিল যদিও পাছলৈ আৰক্ষীৰ জেৰাত তেওঁ পকেট মাৰিছে বুলি স্বীকাৰ কৰে। ৰূপা দত্তই কয় যে এইবাৰেই তেওঁ প্ৰথম পকেট মৰা নাই, আগতেও ভিৰ হোৱা ঠাইলৈ গৈ এনেদৰেই তেওঁ পকেট মাৰে। ৰূপাৰ পৰা আৰক্ষীয়ে এখন ডায়েৰীয়ো উদ্ধাৰ কৰিছে। সেই ডায়েৰীখনত ৰূপাই পকেট মাৰি পোৱা টকাৰ বিষয়ে লিখি ৰাখে। অভিনেত্ৰী ৰূপা দত্ত উল্লেখ্য যে ৰূপা দত্ত পশ্চিমবংগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেওঁ কেইবাখনো চিনেমাত কাম কৰাৰ লগতে ধাৰবাহিকতো অভিনয় কৰিছে। 'জয় মা বৈষ্ণুদেৱী'ত অভিনয় কৰি বিশেষ পৰিচিতি লাভ কৰিছিল ৰূপাই। মাজতে ৰূপাই ছবি পৰিচালক অনুৰাগ কাশ্যপে তেওঁলৈ অশ্লীল মেছেজ পঠাই বুলি অভিযোগ তুলি চিঞৰ-বাখৰ লগাইছিল। তদন্তত গম পোৱা গ'ল যে তেওঁ অনুৰাগ নামৰ অন্য এজন লোকৰ সৈতেহে মেছেজত কথা পাতিছিল, সেই অনুৰাগ ছবি পৰিচালক অনুৰাগ কাশ্যপ নহয়। মমতা বেনাৰ্জীকো ছ'চিয়েল মিডিয়াত ঠাট্টা-মস্কৰা কৰি থাকে ৰূপা দত্তই। আৰু পঢ়কঃ ঘৰলৈ ঘূৰি অহাৰ ইচ্ছা ইউক্ৰেইন সেনাবাহিনীত যোগদান কৰা ভাৰতীয় ছাত্ৰৰ BFC-new-banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে