--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অভিনেত্ৰীয়ে কৰিলে এক নিৰ্লজ্জ কাম। পকেটমাৰ হিচাপে আৰক্ষীৰ হাতত ধৰা পৰিল অভিনেত্ৰীগৰাকী। নাক-কাণ কাটি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ বৰ্তমান ৰঙাঘৰৰ আলহী অভিনেত্ৰীগৰাকী। অভিনেত্ৰীগৰাকী হৈছে বঙালী ছবিজগতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ৰূপা দত্ত। কলিকতাৰ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলাৰ বাকৰিত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা হৈছে। গ্ৰন্থমেলাৰ বাকৰিত এগৰাকী মহিলাক আৰক্ষীয়ে এটা মানিবেগ ডাষ্টবিনত পেলোৱা দেখা পায়। আৰক্ষীৰ কথাটো সন্দেহ হোৱাত লগে লগে মহিলাগৰাকীক সোধপোচ কৰে। অভিনেত্ৰী ৰূপা দত্ত সোধপোচত গম পোৱা যায় যে মহিলাগৰাকী হৈছে অভিনেত্ৰী ৰূপা দত্ত। সোধপোচৰ লগতে তালাচী চলাওতে ৰূপা দত্তৰ পৰা উদ্ধাৰ হয় অন্য কেইবাটাও মানিবেগ আৰু নগদ ৭৫ হাজাৰ টকা। অভিনেত্ৰী ৰূপা দত্ত আৰম্ভণিতে তেওঁ বিশেষ একো কোৱা নাছিল যদিও পাছলৈ আৰক্ষীৰ জেৰাত তেওঁ পকেট মাৰিছে বুলি স্বীকাৰ কৰে। ৰূপা দত্তই কয় যে এইবাৰেই তেওঁ প্ৰথম পকেট মৰা নাই, আগতেও ভিৰ হোৱা ঠাইলৈ গৈ এনেদৰেই তেওঁ পকেট মাৰে। ৰূপাৰ পৰা আৰক্ষীয়ে এখন ডায়েৰীয়ো উদ্ধাৰ কৰিছে। সেই ডায়েৰীখনত ৰূপাই পকেট মাৰি পোৱা টকাৰ বিষয়ে লিখি ৰাখে। অভিনেত্ৰী ৰূপা দত্ত উল্লেখ্য যে ৰূপা দত্ত পশ্চিমবংগৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। তেওঁ কেইবাখনো চিনেমাত কাম কৰাৰ লগতে ধাৰবাহিকতো অভিনয় কৰিছে। 'জয় মা বৈষ্ণুদেৱী'ত অভিনয় কৰি বিশেষ পৰিচিতি লাভ কৰিছিল ৰূপাই। মাজতে ৰূপাই ছবি পৰিচালক অনুৰাগ কাশ্যপে তেওঁলৈ অশ্লীল মেছেজ পঠাই বুলি অভিযোগ তুলি চিঞৰ-বাখৰ লগাইছিল। তদন্তত গম পোৱা গ'ল যে তেওঁ অনুৰাগ নামৰ অন্য এজন লোকৰ সৈতেহে মেছেজত কথা পাতিছিল, সেই অনুৰাগ ছবি পৰিচালক অনুৰাগ কাশ্যপ নহয়। মমতা বেনাৰ্জীকো ছ'চিয়েল মিডিয়াত ঠাট্টা-মস্কৰা কৰি থাকে ৰূপা দত্তই। আৰু পঢ়কঃ ঘৰলৈ ঘূৰি অহাৰ ইচ্ছা ইউক্ৰেইন সেনাবাহিনীত যোগদান কৰা ভাৰতীয় ছাত্ৰৰ BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন