--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰে ৰাজ কুন্দ্ৰাৰ বিচ্ছেদ হ’ব বুলি গুজৱ শুনিবলৈ পোৱা গৈছিল। পৰ্ণকাণ্ডৰ গোচৰত অভিযুক্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছৰে পৰা বলীউড এৰিনাত শিল্পা-ৰাজৰ বিচ্ছেদৰ কথাই বিশেষ চৰ্চা লাভ কৰা দেখা গৈছিল। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই এইবাৰ মুখ খুলিলে শিল্পা ছেট্টীয়ে। দ্বাদশ বিবাহ বাৰ্ষিকীত অভিনেত্ৰীগৰাকীয়ে স্বামী ৰাজ কুন্দ্ৰালৈ প্ৰেৰণ কৰিলে মুকলি পত্ৰ। চিঠিখনত শিল্পাই লিখিছে, ‘১২ বছৰ পূৰ্বে আজিৰ দিনটোতে আমি ইজনে-সিজনে একেলগে থকাৰ পণ লৈছিলো। কঠিন সময়ত কাষত থকাৰ আৰু প্ৰেম-ভালপোৱাৰে আজীৱন জীৱনৰে গীত গোৱাৰ প্ৰতিশ্ৰুতি দিছিলো। মই ঈশ্বৰক বিশ্বাস কৰো। আমি এনেকৈ ১২ বছৰ অতিক্ৰম কৰিলো। শুভ বিবাহ বাৰ্ষিকী, কুঁকি।’ শিল্পাই এই লেখাটোৰ সৈতে একাধিক বিবাহৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

এ‌ই বিশেষ দিনটোতে ইনষ্টাগ্ৰামত শিল্পাই সাঁচি থ’লে জীৱনযোৰা ভালপোৱাৰ গল্প। উল্লেখ্য যে, জামিন মঞ্জুৰ হোৱাৰ পাছত ৰাজে বৰ্জন কৰিছে সামাজিক উপস্থিতি, ফেচবুক একাউণ্টো কৰিছিল ডিলিট। অলপতে, শিল্পাই স্বামী ৰাজকুন্দ্ৰাৰ হাতত ধৰি হিমাচলৰ জ্বালাজী দেৱী আৰু মা চামুণ্ডা দেৱী মন্দিৰত প্ৰাৰ্থনা কৰা দেখা গৈছিল। পতি-পত্নীৰ একে পোছাকেও সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছিল। উল্লেখ্য যে, পৰ্ণগ্ৰাফীৰ গোচৰত ৰাজ কুন্দ্ৰাক ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পৰ্ণ ছবি নিৰ্মাণ আৰু ইয়াক বিভিন্ন মাধম্যত প্ৰচাৰ কৰা বুলি ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল। তাৰ পাছত ১৫ ছেপ্টেম্বৰত মুম্বাই দণ্ডাধীশৰ আদালতত ৰাজৰ বিৰুদ্ধে ১৫০০ পৃষ্ঠাৰ পৰিপূৰক অভিযোগপত্ৰ দাখিল কৰিছিল মুম্বাই আৰক্ষীয়ে। ৰাজ কুন্দ্ৰাই জামিন বিচাৰি ১৮ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ আদালতত আবেদন কৰিছিল। ৰুজু হোৱা গোচৰটোত ৰাজৰ বিৰুদ্ধে কোনো আৰক্ষীৰ ওচৰত কোনো প্ৰামাণিক তথ্য নাই বুলি ৰাজকুন্দ্ৰাৰ ব্যক্তিগত অধিবক্তাই দাবীও কৰিছিল। অৱশেষত, ২০ ছেপ্টেম্বৰত ৫০,০০০ টকাৰ ব্যক্তিগত বণ্ডত জামিন পাইছিল ৰাজ কুন্দ্ৰাই। অৱশ্যে, বিতৰ্ক আৰু সমালোচনাক একাশৰীয়া কৰি সততা আৰু সাহসেৰে প্ৰতিটো সমস্যাৰ সন্মুখীন হৈছে শিল্পাই। ৰাজক কাষত পাই স্বাভাৱিকতে সুখী শিল্পা। শিল্পাৰ শেহতীয়া পোষ্টটোৱে যেন তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ