--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ বলীউডৰ অভিনেত্ৰী শিল্পা ছেট্টীৰে ৰাজ কুন্দ্ৰাৰ বিচ্ছেদ হ’ব বুলি গুজৱ শুনিবলৈ পোৱা গৈছিল। পৰ্ণকাণ্ডৰ গোচৰত অভিযুক্ত হোৱাৰ কথা পোহৰলৈ অহাৰ পিছৰে পৰা বলীউড এৰিনাত শিল্পা-ৰাজৰ বিচ্ছেদৰ কথাই বিশেষ চৰ্চা লাভ কৰা দেখা গৈছিল। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই এইবাৰ মুখ খুলিলে শিল্পা ছেট্টীয়ে। দ্বাদশ বিবাহ বাৰ্ষিকীত অভিনেত্ৰীগৰাকীয়ে স্বামী ৰাজ কুন্দ্ৰালৈ প্ৰেৰণ কৰিলে মুকলি পত্ৰ। চিঠিখনত শিল্পাই লিখিছে, ‘১২ বছৰ পূৰ্বে আজিৰ দিনটোতে আমি ইজনে-সিজনে একেলগে থকাৰ পণ লৈছিলো। কঠিন সময়ত কাষত থকাৰ আৰু প্ৰেম-ভালপোৱাৰে আজীৱন জীৱনৰে গীত গোৱাৰ প্ৰতিশ্ৰুতি দিছিলো। মই ঈশ্বৰক বিশ্বাস কৰো। আমি এনেকৈ ১২ বছৰ অতিক্ৰম কৰিলো। শুভ বিবাহ বাৰ্ষিকী, কুঁকি।’ শিল্পাই এই লেখাটোৰ সৈতে একাধিক বিবাহৰ ছবি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে।

এ‌ই বিশেষ দিনটোতে ইনষ্টাগ্ৰামত শিল্পাই সাঁচি থ’লে জীৱনযোৰা ভালপোৱাৰ গল্প। উল্লেখ্য যে, জামিন মঞ্জুৰ হোৱাৰ পাছত ৰাজে বৰ্জন কৰিছে সামাজিক উপস্থিতি, ফেচবুক একাউণ্টো কৰিছিল ডিলিট। অলপতে, শিল্পাই স্বামী ৰাজকুন্দ্ৰাৰ হাতত ধৰি হিমাচলৰ জ্বালাজী দেৱী আৰু মা চামুণ্ডা দেৱী মন্দিৰত প্ৰাৰ্থনা কৰা দেখা গৈছিল। পতি-পত্নীৰ একে পোছাকেও সামাজিক মাধ্যমতো ব্যাপক চৰ্চা লাভ কৰিছিল। উল্লেখ্য যে, পৰ্ণগ্ৰাফীৰ গোচৰত ৰাজ কুন্দ্ৰাক ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। পৰ্ণ ছবি নিৰ্মাণ আৰু ইয়াক বিভিন্ন মাধম্যত প্ৰচাৰ কৰা বুলি ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল। তাৰ পাছত ১৫ ছেপ্টেম্বৰত মুম্বাই দণ্ডাধীশৰ আদালতত ৰাজৰ বিৰুদ্ধে ১৫০০ পৃষ্ঠাৰ পৰিপূৰক অভিযোগপত্ৰ দাখিল কৰিছিল মুম্বাই আৰক্ষীয়ে। ৰাজ কুন্দ্ৰাই জামিন বিচাৰি ১৮ ছেপ্টেম্বৰত মহাৰাষ্ট্ৰৰ আদালতত আবেদন কৰিছিল। ৰুজু হোৱা গোচৰটোত ৰাজৰ বিৰুদ্ধে কোনো আৰক্ষীৰ ওচৰত কোনো প্ৰামাণিক তথ্য নাই বুলি ৰাজকুন্দ্ৰাৰ ব্যক্তিগত অধিবক্তাই দাবীও কৰিছিল। অৱশেষত, ২০ ছেপ্টেম্বৰত ৫০,০০০ টকাৰ ব্যক্তিগত বণ্ডত জামিন পাইছিল ৰাজ কুন্দ্ৰাই। অৱশ্যে, বিতৰ্ক আৰু সমালোচনাক একাশৰীয়া কৰি সততা আৰু সাহসেৰে প্ৰতিটো সমস্যাৰ সন্মুখীন হৈছে শিল্পাই। ৰাজক কাষত পাই স্বাভাৱিকতে সুখী শিল্পা। শিল্পাৰ শেহতীয়া পোষ্টটোৱে যেন তাকেই পুনৰবাৰ প্ৰমাণ কৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু