--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় সংগীত শিল্পী অৰিজিত সিঙে শেহতীয়াকৈ দখল কৰিছে সংবাদ শিৰোনাম। কোনো নতুন গানৰ বাবে নহয় বা কোনো পৰিকল্পনাৰ বাবে নহয় এটা মন্তব্যৰ বাবেহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অৰিজিত সিং। অৰিজিত সিঙে পাকিস্তানী গায়কসকলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। আবু ধাবিত অনুষ্ঠিত এক সংগীত অনুষ্ঠানত অংশ লোৱাৰ সময়ত পাকিস্তানী সংগীত শিল্পীৰ প্ৰতি থকা আন্তৰিকতা তথা সমৰ্থন প্ৰকাশ কৰি এক প্ৰকাৰ বিতৰ্কৰ সূচনা কৰিলে অৰিজিতে।

যোৱা ১৯ নৱেম্বৰত আবু ধাবিৰ সৰ্ববৃহৎ ইনড'ৰ ষ্টেডিয়ামত হাতত গীটাৰ লৈ এটাৰ পাছত আন এটা জনপ্ৰিয় গীত গাই ৰাইজক আপ্লুত কৰিছিল দৰদী কণ্ঠৰ শিল্পীগৰাকীয়ে। এবাৰ তেওঁ জনপ্ৰিয় পাকিস্তানী শিল্পী আতিফ আছলামৰ গীত 'পেহলি নজৰ মে কেইচা যাদু কৰ দিয়া' গাবলৈ আৰম্ভ কৰিছিল। গানটো গাই থকাৰ সময়তে হঠাতে গোৱা বন্ধ কৰি দৰ্শকক উদ্দ্যেশি এটা প্ৰশ্ন কৰে অৰিজিতে। তেওঁ কয় যে, ''এটা প্ৰশ্ন আছে। প্ৰশ্নটো বিতৰ্কিত যদিও মই প্ৰশ্ন কৰিমেই কিয়নো মই কাকো কেৰেপ নকৰো। মই সিমান বাতৰি নাচাও,মই এটা কথা জানিব বিচাৰিছো যে পাকিস্তানী শিল্পীসকলৰ গান ভাৰতত এতিয়াও বন্ধ হৈ আছে নেকি? মাজতে ভাৰতত পাকিস্তানী শিল্পীসকলক নিষিদ্ধ কৰা হৈছিল, সেয়া এতিয়াও বাহাল আছে নেকি?নে নিষেধাজ্ঞা উঠাই লোৱা হৈছে?''

পাকিস্তানী সংগীত শিল্পীসকলক উচ্চ প্ৰশংসা কৰি অৰিজিত সিঙে কয় যে ''আতিফ আচলাম মোৰ অন্যতম প্ৰিয় শিল্পী। ৰাহত ফাতেহ আলী খান আৰু শ্বফাকত আমানত আলীৰ গানো বহুত ভাল পাওঁ। সংগীতৰ ক্ষেত্ৰখনত মই দুয়োখন দেশৰ মাজত সহযোগিতা কামনা কৰিলোঁ।'' বহু লোকে অৰিজিত সিঙৰ এই মন্তব্যৰ প্ৰতি সমৰ্থন জনোৱাৰ লগতে আন একাংশই ঘোৰ বিৰোধিতা কৰিছে। পাকিস্তানী শিল্পীসকলৰ সুৰীয়া কণ্ঠত বলীউডৰ গানসমূহে পুনৰ স্থান পাব নে নাই পৰৱৰ্তী সময়ত সেয়াহে হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ তৃতীয়বাৰলৈ বিয়া পাতিব আমিৰ খানে! কইনা কোন?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ