--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় সংগীত শিল্পী অৰিজিত সিঙে শেহতীয়াকৈ দখল কৰিছে সংবাদ শিৰোনাম। কোনো নতুন গানৰ বাবে নহয় বা কোনো পৰিকল্পনাৰ বাবে নহয় এটা মন্তব্যৰ বাবেহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অৰিজিত সিং। অৰিজিত সিঙে পাকিস্তানী গায়কসকলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। আবু ধাবিত অনুষ্ঠিত এক সংগীত অনুষ্ঠানত অংশ লোৱাৰ সময়ত পাকিস্তানী সংগীত শিল্পীৰ প্ৰতি থকা আন্তৰিকতা তথা সমৰ্থন প্ৰকাশ কৰি এক প্ৰকাৰ বিতৰ্কৰ সূচনা কৰিলে অৰিজিতে।

যোৱা ১৯ নৱেম্বৰত আবু ধাবিৰ সৰ্ববৃহৎ ইনড'ৰ ষ্টেডিয়ামত হাতত গীটাৰ লৈ এটাৰ পাছত আন এটা জনপ্ৰিয় গীত গাই ৰাইজক আপ্লুত কৰিছিল দৰদী কণ্ঠৰ শিল্পীগৰাকীয়ে। এবাৰ তেওঁ জনপ্ৰিয় পাকিস্তানী শিল্পী আতিফ আছলামৰ গীত 'পেহলি নজৰ মে কেইচা যাদু কৰ দিয়া' গাবলৈ আৰম্ভ কৰিছিল। গানটো গাই থকাৰ সময়তে হঠাতে গোৱা বন্ধ কৰি দৰ্শকক উদ্দ্যেশি এটা প্ৰশ্ন কৰে অৰিজিতে। তেওঁ কয় যে, ''এটা প্ৰশ্ন আছে। প্ৰশ্নটো বিতৰ্কিত যদিও মই প্ৰশ্ন কৰিমেই কিয়নো মই কাকো কেৰেপ নকৰো। মই সিমান বাতৰি নাচাও,মই এটা কথা জানিব বিচাৰিছো যে পাকিস্তানী শিল্পীসকলৰ গান ভাৰতত এতিয়াও বন্ধ হৈ আছে নেকি? মাজতে ভাৰতত পাকিস্তানী শিল্পীসকলক নিষিদ্ধ কৰা হৈছিল, সেয়া এতিয়াও বাহাল আছে নেকি?নে নিষেধাজ্ঞা উঠাই লোৱা হৈছে?''

পাকিস্তানী সংগীত শিল্পীসকলক উচ্চ প্ৰশংসা কৰি অৰিজিত সিঙে কয় যে ''আতিফ আচলাম মোৰ অন্যতম প্ৰিয় শিল্পী। ৰাহত ফাতেহ আলী খান আৰু শ্বফাকত আমানত আলীৰ গানো বহুত ভাল পাওঁ। সংগীতৰ ক্ষেত্ৰখনত মই দুয়োখন দেশৰ মাজত সহযোগিতা কামনা কৰিলোঁ।'' বহু লোকে অৰিজিত সিঙৰ এই মন্তব্যৰ প্ৰতি সমৰ্থন জনোৱাৰ লগতে আন একাংশই ঘোৰ বিৰোধিতা কৰিছে। পাকিস্তানী শিল্পীসকলৰ সুৰীয়া কণ্ঠত বলীউডৰ গানসমূহে পুনৰ স্থান পাব নে নাই পৰৱৰ্তী সময়ত সেয়াহে হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ তৃতীয়বাৰলৈ বিয়া পাতিব আমিৰ খানে! কইনা কোন?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু