--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৰাজ্য খনৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু মডেল অৰ্পিতা মিখাৰ্জীৰ নিত্য নতুন তথ্য পোহৰলৈ আহিয়েই আছে৷ তদন্তকাৰী সংস্থা ইডিয়ে প্ৰকাশ কৰা মতে অৰ্পিতা মুখাৰ্জীৰ আছে ৩১ টা জীৱন বীমাৰ পলিচি আৰু এই প্ৰতিটো পলিচিতে নমিনী হিচাবে আছে অপসাৰিত মন্ত্ৰী  পাৰ্থ চেটাৰ্জী৷ 

কলকাতাৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) এখন বিশেষ আদালতত এই দাবী কৰিছে ইডিৰ বিষয়াসকলে।পাৰ্থ আৰু অৰ্পিতাক ১০ দিনৰ ইডি জিম্মাৰ পিছত বুধবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হৈছিল। 

শুনানিৰ সময়ত, ইডিয়ে দাবী কৰিছিল যে অৰ্পিতাৰ ৩১ টা জীৱন বীমাৰ পলিচিত মনোনীত ব্যক্তি হিচাপে পাৰ্থৰ নাম আছিল। এই কথাই দুয়োৰে  মাজত কিমান "ঘনিষ্ঠ সম্পৰ্ক" আছে তাক সূচাইছে৷

 "কেলেংকাৰী"ৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ আৰু মডেল-অভিনেত্ৰী অৰ্পিতাক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ইডিয়ে দাবী কৰি আহিছে যে দুয়োৰে মাজত "ঘনিষ্ঠ" সম্পৰ্ক আছে। 

অথচ অৰ্পিতা পাৰ্থ চেটাৰ্জীৰ পত্নীও নহয়৷অনুসন্ধানকাৰীসকলে ইতিমধ্যে তেওঁলোকৰ নামত  বহু যুটীয়া সম্পত্তি বিচাৰি পোৱা বুলিও দাবী কৰিছে। ইডিয়ে যুক্তি দিছে যে দুয়োৰে মাজত "ঘনিষ্ঠ" সম্পৰ্ক নাথাকিলে এনে হ'ব নোৱাৰে। 

 উল্লেখ্য অৰ্পিতাৰ ঘৰৰ পৰা ইডিয়ে ৫০ কোটি নগদ ধনৰ লগতে বহু সোণৰ গহণাও জব্দ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ