ডিজিটেল ডেস্কঃপশ্চিমবংগৰ শিক্ষক নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৰাজ্য খনৰ শিক্ষামন্ত্ৰী পাৰ্থ চেটাৰ্জী আৰু মডেল অৰ্পিতা মিখাৰ্জীৰ নিত্য নতুন তথ্য পোহৰলৈ আহিয়েই আছে৷ তদন্তকাৰী সংস্থা ইডিয়ে প্ৰকাশ কৰা মতে অৰ্পিতা মুখাৰ্জীৰ আছে ৩১ টা জীৱন বীমাৰ পলিচি আৰু এই প্ৰতিটো পলিচিতে নমিনী হিচাবে আছে অপসাৰিত মন্ত্ৰী পাৰ্থ চেটাৰ্জী৷
কলকাতাৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ইডি) এখন বিশেষ আদালতত এই দাবী কৰিছে ইডিৰ বিষয়াসকলে।পাৰ্থ আৰু অৰ্পিতাক ১০ দিনৰ ইডি জিম্মাৰ পিছত বুধবাৰে পুনৰ আদালতত হাজিৰ কৰোৱা হৈছিল।
শুনানিৰ সময়ত, ইডিয়ে দাবী কৰিছিল যে অৰ্পিতাৰ ৩১ টা জীৱন বীমাৰ পলিচিত মনোনীত ব্যক্তি হিচাপে পাৰ্থৰ নাম আছিল। এই কথাই দুয়োৰে মাজত কিমান "ঘনিষ্ঠ সম্পৰ্ক" আছে তাক সূচাইছে৷
"কেলেংকাৰী"ৰ সন্দৰ্ভত ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী পাৰ্থ আৰু মডেল-অভিনেত্ৰী অৰ্পিতাক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ইডিয়ে দাবী কৰি আহিছে যে দুয়োৰে মাজত "ঘনিষ্ঠ" সম্পৰ্ক আছে।
অথচ অৰ্পিতা পাৰ্থ চেটাৰ্জীৰ পত্নীও নহয়৷অনুসন্ধানকাৰীসকলে ইতিমধ্যে তেওঁলোকৰ নামত বহু যুটীয়া সম্পত্তি বিচাৰি পোৱা বুলিও দাবী কৰিছে। ইডিয়ে যুক্তি দিছে যে দুয়োৰে মাজত "ঘনিষ্ঠ" সম্পৰ্ক নাথাকিলে এনে হ'ব নোৱাৰে।
উল্লেখ্য অৰ্পিতাৰ ঘৰৰ পৰা ইডিয়ে ৫০ কোটি নগদ ধনৰ লগতে বহু সোণৰ গহণাও জব্দ কৰিছিল৷