ডিজিটেল ডেস্কঃকন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে স্কেটবৰ্ডত ভ্ৰমণ কৰি থকা অৱস্থাত মঙ্গলবাৰে মৃত্যু হয় কেৰালাৰ আনছ হাজছৰ। তীব্ৰবেগী ট্ৰাক এখনে খুন্দিওৱাৰ ফলত এইজন সাহসী যুৱকে মৃত্যু সাৱতি লয়।
হাৰিয়ানাৰ পিঞ্জোৰেৰ পৰা হিমাচল প্ৰদেশৰ নলগ্ৰহলৈ যাত্ৰা কৰি আছিল যুৱকজনে৷ পিঞ্জোৰে আৰক্ষীচকীৰ ৰাম কৰণৰ মতে দুৰ্ঘটনাটোৰ সময়ত যুৱকজনে স্কেটবৰ্ডতে ভ্ৰমণ কৰি আছিল৷ স্থানীয় কিছু লোকে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ আৰক্ষীক দিয়ে আৰু আনছক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ কিছু সময় পিছতেই আনছক মৃত ঘোষণা কৰে৷
কেৰালাৰ যুৱক আনছে মে মাহৰ ২৯ তাৰিখে তেওঁ ৩৫১১ কিলোমিটাৰৰ যাত্ৰা আৰম্ভ কৰিছিল৷ আনকি চ’চিয়েল মিডিয়াত তেওঁ এক ভিডিঅ’ আপলোড কৰিছিল ।য’ত তেওঁ কৈছিল যে তেওঁ কাশ্মীৰৰ পৰা মাত্ৰ ৬০০ কিলোমিটাৰ হে দূৰত আছে৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁক আৰু ১৫/২০ দিন সময় লাগিব বুলিও জনাইছিল। প্ৰতিদিনে ৪০ ৰ পৰা ৫০ কিলোমিটাৰ দূৰত্ব স্কেটবৰ্ডৰে অতিক্ৰম কৰিছিল আনছে৷
কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী যুৱকজনে স্কেটবৰ্ড সম্পৰ্কে জনসাধাৰণকমৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ হাতত লৈছিল৷ তিনিবছৰ পূৰ্বেই স্কেটবৰ্ডৰ সৈতে জড়িত হৈ পৰিছিল যুৱকজন৷ স্কেটবৰ্ডত কাশ্মীৰ ভ্ৰমণৰ পিছতে নেপাল, ভূটান আৰু কম্বোডিয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছিল যুৱকজনে৷ কিন্তু কাশ্মীৰ যাত্ৰাৰ মাত্ৰ এদিন আগতেহে পিতৃ-মাতৃক জনাইছিল আনছে৷