--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকন্যাকুমাৰীৰ পৰা  কাশ্মীৰলৈকে স্কেটবৰ্ডত ভ্ৰমণ কৰি থকা অৱস্থাত মঙ্গলবাৰে মৃত্যু হয় কেৰালাৰ আনছ হাজছৰ। তীব্ৰবেগী ট্ৰাক এখনে খুন্দিওৱাৰ ফলত এইজন সাহসী যুৱকে মৃত্যু সাৱতি লয়। 

হাৰিয়ানাৰ পিঞ্জোৰেৰ পৰা হিমাচল প্ৰদেশৰ নলগ্ৰহলৈ যাত্ৰা কৰি আছিল যুৱকজনে৷ পিঞ্জোৰে আৰক্ষীচকীৰ ৰাম কৰণৰ মতে দুৰ্ঘটনাটোৰ সময়ত যুৱকজনে স্কেটবৰ্ডতে ভ্ৰমণ কৰি আছিল৷ স্থানীয় কিছু লোকে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ আৰক্ষীক দিয়ে আৰু আনছক চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসালয়ত ভৰ্ত্তি কৰাৰ কিছু সময় পিছতেই আনছক মৃত ঘোষণা কৰে৷ 

কেৰালাৰ যুৱক আনছে মে মাহৰ ২৯ তাৰিখে তেওঁ ৩৫১১ কিলোমিটাৰৰ যাত্ৰা আৰম্ভ কৰিছিল৷ আনকি চ’চিয়েল মিডিয়াত তেওঁ এক ভিডিঅ’ আপলোড কৰিছিল ।য’ত তেওঁ কৈছিল যে তেওঁ কাশ্মীৰৰ পৰা মাত্ৰ ৬০০ কিলোমিটাৰ হে দূৰত আছে৷ এই দূৰত্ব অতিক্ৰম কৰিবলৈ তেওঁক আৰু ১৫/২০ দিন সময় লাগিব বুলিও জনাইছিল। প্ৰতিদিনে ৪০ ৰ পৰা ৫০ কিলোমিটাৰ দূৰত্ব স্কেটবৰ্ডৰে অতিক্ৰম কৰিছিল আনছে৷ 

কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰীধাৰী যুৱকজনে স্কেটবৰ্ড সম্পৰ্কে জনসাধাৰণকমৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ হাতত লৈছিল৷ তিনিবছৰ পূৰ্বেই স্কেটবৰ্ডৰ সৈতে জড়িত হৈ পৰিছিল যুৱকজন৷ স্কেটবৰ্ডত কাশ্মীৰ ভ্ৰমণৰ পিছতে নেপাল, ভূটান আৰু কম্বোডিয়া ভ্ৰমণৰ পৰিকল্পনা কৰিছিল যুৱকজনে৷ কিন্তু কাশ্মীৰ যাত্ৰাৰ মাত্ৰ এদিন আগতেহে পিতৃ-মাতৃক জনাইছিল আনছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ