--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উৎকণ্ঠাৰ এঘাৰটা দিন অতিবাহিত হ'ল। উত্তৰকাশীৰ এটা সুৰংগত এতিয়াও ৪১ জন শ্ৰমিক আৱদ্ধ হৈ আছে। তেওঁলোকক কেতিয়া  উদ্ধাৰ কৰিব পৰা যাব তাকেলৈয়ো ৰহস্যৰ সৃষ্টি হৈছে।সময় বাগৰাৰ লগে লগে  জল্পনা-কল্পনাও বাঢ়ি আহিছে। এনে পৰিস্থিতিত এটা পৃথক সুৰংগ নিৰ্মাণ কৰি আব্ধ শ্ৰমিকসকলক উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হ’ব।  কিন্তু এই প্ৰক্ৰিয়াটো হ’ব সময় সাপেক্ষ। 

ফলস্বৰূপে চিন্তা বৃদ্ধি পাইছে। অৱশ্যে আবদ্ধ হৈ থকা  শ্ৰমিকসকল সুস্থ হৈ আছে  বুলি জানিব পৰা গৈছে। তেওঁলোকক মঙলবাৰে নিশা গৰম আৰু গোটা  আহাৰো যোগান ধৰা হৈছে। বৰ্তমান, আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে  পাঁচটা কাৰ্য পৰিকল্পনা যুগুত কৰা হৈছে। তাৰে ভিতৰত এটা হ’ল নতুন সুৰংগ নিৰ্মাণ কৰি উদ্ধাৰ কৰাৰ  পৰিকল্পনা। মাইক্ৰ' টানেলৰ নিৰ্মাণ বৰ্তমানৰ সুৰংগটোৰ সমান্তৰালভাবে আৰম্ভ হৈছে।  অৱশ্যে, এই সুৰংগটো নিৰ্মাণ কৰিবলৈ সময় লাগিব। অন্যান্যপদক্ষেপসমূহো সমানে কাৰ্যকৰী কৰি থকা হৈছে।

ইফালে, মঙলবাৰে প্ৰথমবাৰৰ বাবে সুৰংগটোৰ ভিতৰত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিডিঅ' মুকলি কৰা হৈছে। ভিডিঅ'টোত শ্ৰমিকসকলে কেনেকৈ কৰি আছে সেয়া দেখা গৈছে। মঙলবাৰে নিশা, ৬  ইঞ্চি পাইপলাইনৰ জৰিয়তে তেওঁলোকক গৰম খাদ্য প্ৰদান কৰা হৈছে। তেওঁলোকক নিৰামিষ পোলাও, মটৰ চীজ আৰু মাখনসনা ৰুটি দিয়া হৈছে। এই মুহূৰ্তত এই পাইপৰ জড়িয়তেই  আৱদ্ধ শ্ৰমিকসকলৰ সৈতে সকলো যোগাযোগৰ ৰক্ষা কৰি থকা হৈছে।
 
দৰাচলতে, উত্তৰকাশীৰ সুৰংগটো চিল্কিয়াৰা আৰু দাণ্ডালগাঁওৰ মাজত নিৰ্মাণ কৰা হৈছিল। তাতেই হঠাতে সুৰংগটোৰ এটা অংশ  খহি পৰিছিল। সুৰংগটো ৪.৫ কিলোমিটাৰ দীঘলকৈ খন্দাৰ কাম চলি আছে।। ইয়াৰ মাজতে ১৫০ মিটাৰ দীঘল এলেকাত খহি পৰিছিল। উত্তৰকাশীৰ আৰক্ষী অধীক্ষক অৰ্পন যদুবংশীৰ তত্বাৱধানত উদ্ধাৰ অভিযান চলি আছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। কিন্তু শ্ৰমিকসকলক এতিয়াও উদ্ধাৰ কৰিব পৰা  হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক