--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘মই ভাবোঁ ইয়াতেই শেষ। মোৰ নাম মুনাব্বৰ ফাৰুকী। মোৰ সময় হৈ গ’ল। আপোনালোক খুব ভাল দৰ্শক আছিল। মোৰ কাম শেষ।’ দেশৰ এগৰাকী চৰ্চিত কমেডিয়ান মুনাব্বৰ ফাৰুকীৰ এটা ঘোষণাই এতিয়া দেশজুৰি তোলপাৰ লগাইছে। বিভিন্ন সময়ত নিজৰ ভীতিহীন আৰু তীক্ষ্ণ ব্যংগৰ বাবে বিতৰ্কিত হৈ পৰা মুনাব্বৰ ফাৰুকীয়ে আৰু কোনো কমেডি অনুষ্ঠানত ভাগ নোলোৱাৰ ইংগিত দিছে। মাত্ৰ দুটা মাহতে তেওঁ ১২টাকৈ শ্ব’ নিৰাপত্তাজনিত কাৰণ বাতিল কৰিবলগীয়া হোৱাৰ পাছত এনে আৱেগিক ঘোষণা কৰা দেখা গৈছে।

ভালেমান সোপন্থী সংগঠনে ফাৰুকীৰ কমেডি শ্ব’ বন্ধ কৰাৰ বাবে ভাবুকি দি অহাৰ পৰিপ্ৰেক্ষিততে বাতিল কৰিবলগীয়া হয় ফাৰুকীৰ শ্ব’। আজি বেংগালুৰুত হ’বলগীয়া এটা শ্ব’ বাতিলৰ পাছতে কমেডিয়ানগৰাকীয়ে আৱেগিক ভাৱে আৰু শ্ব’ নকৰাৰ কথা ঘোষণা কৰে। আৰক্ষীয়ে এই শ্ব’ৰ উদ্যোক্তাসকলক আইন-শৃংখলাজনিত সমস্যাৰ উদ্ভৱ হ’ব পাৰে বুলি আশংকা কৰি শ্ব’টো বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, হিন্দু দেৱ-দেৱীক অপমান কৰাৰ অভিযোগত এই বছৰৰ প্ৰথম ভাগতে গ্ৰেপ্তাৰো হৈছিল ফাৰুকী। প্ৰায় এমাহ জুৰি তেওঁ কটাবলগীয়া হৈছিল কাৰাগাৰত। তাৰ পাছত ধাৰাবাহিকভাৱে কমেডিয়ানজনক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ভালেমান সোপন্থী সংগঠনৰ লোকে। আজিৰ শ্ব’ বাতিলৰ হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফাৰুকীয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘ঘৃণাৰ জয় হয়, শিল্পী হাৰি গৈছে। মোৰ কাম হৈ গ’ল, বিদায়।’


এগৰাকী শিল্পীক এনেদৰে মানসিকভাৱে বিপৰ্যস্ত কৰি একপ্ৰকাৰে ধ্বংস কৰি পেলোৱাৰ এই প্ৰৱণতা এখ উদ্বেগৰ কাৰণ হিচাপে চিহ্নিত হৈছে। ফাৰুকীৰ বহু অনুৰাগীয়ে তেওঁ শ্ব’ নকৰোঁ বুলি কৰা ঘোষণাৰ বিৰোধিতা কৰিছে আৰু এনে কাৰ্য হ’বলৈ নিদিওঁ বুলি মন্তব্য কৰিছে। বেংগালুৰুত হ’বলগীয়া শ্ব’টোত উদ্ভণ্ডালি কৰাৰ ভাবুকি দিছিল একাংশ লোকে। এগৰাকী কমেডিয়ান, এগৰাকী শিল্পীক এনেদৰে সন্ত্ৰাসবাদীতকৈও ভয়ংকৰ হিচাপে চিহ্নিত কৰিব খোজাৰ এই প্ৰৱণতাই দেশৰ গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতিয়েই যেন একপ্ৰকাৰ ভাবুকি মাতিছে বুলি মন্তব্য কৰিছে বিভিন্নজন লোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক