--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ‘মই ভাবোঁ ইয়াতেই শেষ। মোৰ নাম মুনাব্বৰ ফাৰুকী। মোৰ সময় হৈ গ’ল। আপোনালোক খুব ভাল দৰ্শক আছিল। মোৰ কাম শেষ।’ দেশৰ এগৰাকী চৰ্চিত কমেডিয়ান মুনাব্বৰ ফাৰুকীৰ এটা ঘোষণাই এতিয়া দেশজুৰি তোলপাৰ লগাইছে। বিভিন্ন সময়ত নিজৰ ভীতিহীন আৰু তীক্ষ্ণ ব্যংগৰ বাবে বিতৰ্কিত হৈ পৰা মুনাব্বৰ ফাৰুকীয়ে আৰু কোনো কমেডি অনুষ্ঠানত ভাগ নোলোৱাৰ ইংগিত দিছে। মাত্ৰ দুটা মাহতে তেওঁ ১২টাকৈ শ্ব’ নিৰাপত্তাজনিত কাৰণ বাতিল কৰিবলগীয়া হোৱাৰ পাছত এনে আৱেগিক ঘোষণা কৰা দেখা গৈছে।

ভালেমান সোপন্থী সংগঠনে ফাৰুকীৰ কমেডি শ্ব’ বন্ধ কৰাৰ বাবে ভাবুকি দি অহাৰ পৰিপ্ৰেক্ষিততে বাতিল কৰিবলগীয়া হয় ফাৰুকীৰ শ্ব’। আজি বেংগালুৰুত হ’বলগীয়া এটা শ্ব’ বাতিলৰ পাছতে কমেডিয়ানগৰাকীয়ে আৱেগিক ভাৱে আৰু শ্ব’ নকৰাৰ কথা ঘোষণা কৰে। আৰক্ষীয়ে এই শ্ব’ৰ উদ্যোক্তাসকলক আইন-শৃংখলাজনিত সমস্যাৰ উদ্ভৱ হ’ব পাৰে বুলি আশংকা কৰি শ্ব’টো বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, হিন্দু দেৱ-দেৱীক অপমান কৰাৰ অভিযোগত এই বছৰৰ প্ৰথম ভাগতে গ্ৰেপ্তাৰো হৈছিল ফাৰুকী। প্ৰায় এমাহ জুৰি তেওঁ কটাবলগীয়া হৈছিল কাৰাগাৰত। তাৰ পাছত ধাৰাবাহিকভাৱে কমেডিয়ানজনক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ভালেমান সোপন্থী সংগঠনৰ লোকে। আজিৰ শ্ব’ বাতিলৰ হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ফাৰুকীয়ে ইনষ্টাগ্ৰামত লিখিছে, ‘ঘৃণাৰ জয় হয়, শিল্পী হাৰি গৈছে। মোৰ কাম হৈ গ’ল, বিদায়।’


এগৰাকী শিল্পীক এনেদৰে মানসিকভাৱে বিপৰ্যস্ত কৰি একপ্ৰকাৰে ধ্বংস কৰি পেলোৱাৰ এই প্ৰৱণতা এখ উদ্বেগৰ কাৰণ হিচাপে চিহ্নিত হৈছে। ফাৰুকীৰ বহু অনুৰাগীয়ে তেওঁ শ্ব’ নকৰোঁ বুলি কৰা ঘোষণাৰ বিৰোধিতা কৰিছে আৰু এনে কাৰ্য হ’বলৈ নিদিওঁ বুলি মন্তব্য কৰিছে। বেংগালুৰুত হ’বলগীয়া শ্ব’টোত উদ্ভণ্ডালি কৰাৰ ভাবুকি দিছিল একাংশ লোকে। এগৰাকী কমেডিয়ান, এগৰাকী শিল্পীক এনেদৰে সন্ত্ৰাসবাদীতকৈও ভয়ংকৰ হিচাপে চিহ্নিত কৰিব খোজাৰ এই প্ৰৱণতাই দেশৰ গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতিয়েই যেন একপ্ৰকাৰ ভাবুকি মাতিছে বুলি মন্তব্য কৰিছে বিভিন্নজন লোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?