--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১০ মহলীয়া বিল্ডিঙৰ পৰা পৰি এটি ৪ বছৰীয়া শিশুৰ কৰুণ মৃত্যু। উত্তৰ প্ৰদেশতৰ নয়ডাৰ চেক্টৰ ৭৫-ৰ ডেচনেক ছ'চাইটিত সংঘিত হৈছে এই কৰুণ ঘটনা। এই অঘটনক খবৰে সমগ্ৰ অঞ্চলটোকে শোকস্তব্ধ কৰি তুলিছে। শিশুটিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দৰাচলতে ঘটনাস্থলীতে মৃত্যু ঘটিছিল শিশুটিৰ। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰে। আৰক্ষীয়ে শিশুটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। শিশুটোৱে বাৰান্দাত খেলি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁলোকে নিউ হস্পিটেলৰ পৰা ঘটনাটোৰ বিষয়ে তথ্য পাইছিল যে চেক্টৰ-৭৫ৰ ডেচনেক ছ'চাইটিত এটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু এটা ৪ বছৰীয়া শিশুক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছে। এই তথ্য পোৱাৰ পাছত থানা-৪৯ ৰ এটা আৰক্ষীদল ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধানত মৃত শিশুটো তাভিশ চৌলানি বুলি চিনাক্ত কৰে। তাভিশৰ পিতৃ ব্যৱসায় সূত্ৰে থাকে চান্দনী চ'কত। তাভিশে তেওঁৰ পৰিয়ালৰ সৈতে ১০ মহলীয়া ছ'চাইটিৰ ফ্লেট নম্বৰ B-1002ত বাস কৰিছিল। অনুসন্ধানত প্ৰকাশ পাইছে যে ৪ বছৰীয়া ফুলকুমলীয়া শিশুটোৱে নিশা তেওঁৰ মাকৰ সৈতে ফ্লেটৰ বাৰান্দাত খেলি আছিল।

আৰু পঢ়কঃ শ্মশানলৈ গৈ থাকোতে ভয়ংকৰ অঘটন; ১৮ জনৰ মৃত্যু, গুৰুতৰভাবে আহত ৫

মাকৰ হঠাতে কিবা কাম এটা মনত পৰাত ভিতৰলৈ সোমাই আহে আৰু শিশুটি অকলে খেলি থাকে বেলকনীত। অলপ সময়ৰ পাছতে মাতৃ বেলকনীলৈ আহি দেখে যে শিশুটি নাই। লগে লগে হাহাকাৰ লাগে। যেতিয়ালৈ তাভিশ উদ্ধাৰ হৈছিল তেতিয়ালৈ বহু পলম হৈ গৈছিল। ইতিমধ্যে তাভিশ মৃত্যুৰ কোলাত শুই পৰিছিল। মাতৃৰ সৈতে মিলি চুবুৰীয়াসকলে শিশুটোক চিকিৎসালয়ত ভৰ্তি কৰিছিল কিন্তু সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গল কণমানি শিশুটি। ওচৰ-চুবুৰীয়াই এই ঘটনাটোৰ বাবে বিল্ডাৰক দোষাৰোপ কৰিছে। তেওঁলোকে যে নিৰ্মাণ কাৰ্যত আঁসোৱাহ থকা বাবে এই অঘটন সংঘটিত হবলৈ পালে।আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক