--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ১০ মহলীয়া বিল্ডিঙৰ পৰা পৰি এটি ৪ বছৰীয়া শিশুৰ কৰুণ মৃত্যু। উত্তৰ প্ৰদেশতৰ নয়ডাৰ চেক্টৰ ৭৫-ৰ ডেচনেক ছ'চাইটিত সংঘিত হৈছে এই কৰুণ ঘটনা। এই অঘটনক খবৰে সমগ্ৰ অঞ্চলটোকে শোকস্তব্ধ কৰি তুলিছে। শিশুটিক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দৰাচলতে ঘটনাস্থলীতে মৃত্যু ঘটিছিল শিশুটিৰ। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰে। আৰক্ষীয়ে শিশুটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। শিশুটোৱে বাৰান্দাত খেলি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, তেওঁলোকে নিউ হস্পিটেলৰ পৰা ঘটনাটোৰ বিষয়ে তথ্য পাইছিল যে চেক্টৰ-৭৫ৰ ডেচনেক ছ'চাইটিত এটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু এটা ৪ বছৰীয়া শিশুক মৃত অৱস্থাত চিকিৎসালয়লৈ অনা হৈছে। এই তথ্য পোৱাৰ পাছত থানা-৪৯ ৰ এটা আৰক্ষীদল ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধানত মৃত শিশুটো তাভিশ চৌলানি বুলি চিনাক্ত কৰে। তাভিশৰ পিতৃ ব্যৱসায় সূত্ৰে থাকে চান্দনী চ'কত। তাভিশে তেওঁৰ পৰিয়ালৰ সৈতে ১০ মহলীয়া ছ'চাইটিৰ ফ্লেট নম্বৰ B-1002ত বাস কৰিছিল। অনুসন্ধানত প্ৰকাশ পাইছে যে ৪ বছৰীয়া ফুলকুমলীয়া শিশুটোৱে নিশা তেওঁৰ মাকৰ সৈতে ফ্লেটৰ বাৰান্দাত খেলি আছিল।

আৰু পঢ়কঃ শ্মশানলৈ গৈ থাকোতে ভয়ংকৰ অঘটন; ১৮ জনৰ মৃত্যু, গুৰুতৰভাবে আহত ৫

মাকৰ হঠাতে কিবা কাম এটা মনত পৰাত ভিতৰলৈ সোমাই আহে আৰু শিশুটি অকলে খেলি থাকে বেলকনীত। অলপ সময়ৰ পাছতে মাতৃ বেলকনীলৈ আহি দেখে যে শিশুটি নাই। লগে লগে হাহাকাৰ লাগে। যেতিয়ালৈ তাভিশ উদ্ধাৰ হৈছিল তেতিয়ালৈ বহু পলম হৈ গৈছিল। ইতিমধ্যে তাভিশ মৃত্যুৰ কোলাত শুই পৰিছিল। মাতৃৰ সৈতে মিলি চুবুৰীয়াসকলে শিশুটোক চিকিৎসালয়ত ভৰ্তি কৰিছিল কিন্তু সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গুচি গল কণমানি শিশুটি। ওচৰ-চুবুৰীয়াই এই ঘটনাটোৰ বাবে বিল্ডাৰক দোষাৰোপ কৰিছে। তেওঁলোকে যে নিৰ্মাণ কাৰ্যত আঁসোৱাহ থকা বাবে এই অঘটন সংঘটিত হবলৈ পালে।আৰক্ষীয়ে বৰ্তমান ঘটনাটোৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক