--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী। পৰ্যাপ্ত পৰিমাণে পানী খালে বহু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু শৰীৰ সুস্থ হৈ থাকে। অৱশ্যে ঠাণ্ডা পানী খোৱাতকৈ গৰম পানী স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। অতিৰিক্ত ওজনৰ থকা লোকসকলে গৰম পানী সেৱন কৰে কাৰণ তেওঁলোকে ভাবে যে অধিক গৰম পানী খালে ওজন হ্ৰাস হয়। ডিঙিৰ বিষ, ঠাণ্ডা-কাহ আৰু চৰ্দি হ’লেও মানুহে গৰম পানী খায়। কিন্তু বিশেষজ্ঞসকলৰ মতে ঠাণ্ডা আৰু গৰম পানী খোৱাতকৈ স্বাভাৱিক পানী খোৱাটো অধিক ফলপ্ৰসূ। কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলেও মানুহে পুৱা গৰম পানী খায়। কিন্তু অত্যধিক গৰম পানী সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। সেইবাবেই স্বাস্থ্য পক্ষে গৰম পানী খোৱা কিমান উপকাৰী আৰু অপকাৰিতা বিষয়ে জানো আহক।

 ১. গৰম পানী খোৱাৰ উপকাৰিতা-

* কোষ্ঠকাঠিন্যৰ পৰা উপশমঃ-কুহুমীয়া পানী সেৱন কৰিলে পেট পৰিষ্কাৰ হয় আৰু শৌচত কোনো সমস্যা নহয়। বদহজম আৰু এচিডিটি হ’লে কুহুমীয়া পানী খাব পাৰে। ইয়াৰ দ্বাৰা খাদ্য খোৱাৰ পাছত কোষ্ঠকাঠিন্যৰ কোনো অভিযোগ নাথাকে আৰু পেটৰ ক্ৰেম্প আৰু বিষ কমাব পাৰে।

* ওজন হ্ৰাস হয়ঃ-খাদ্য হজমৰ বাবে গৰম পানী অতি ফলপ্ৰসূ। খাদ্য খোৱাৰ পাছত পুৱা আৰু গধূলি পাতল কুহুমীয়া পানী খাব লাগে, ই ওজন হ্ৰাস কৰে।

* পাচনতন্ত্ৰ উন্নত কৰেঃ-গৰম পানী সেৱন কৰি হজম শক্তি বৃদ্ধি কৰিব পাৰি। মৃদু উষ্ণ পানীয়ে পেট আৰু অন্ত্ৰক হাইড্ৰেট কৰাত সহায় কৰে। এনে ক্ষেত্ৰত সঠিক পৰিমাণত গৰম পানী সেৱন কৰিলে উপকৃত হ’ব।

 ২. গৰম পানী খোৱাৰ অপকাৰিতা-

অত্যধিক গৰম পানী সেৱন কৰিলে আপোনাৰ বহুতো শাৰীৰিক সমস্যাই দেখা দিব পাৰে। যেনে-

 * বৃক্কৰ প্ৰভাৱঃ-কিডনীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। কিন্তু অত্যধিক গৰম পানী সেৱন কৰিলে পানীলগা হোৱাৰ লগতে বৃক্কত প্ৰভাৱ পৰিব পাৰে। গৰম পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰাত অসুবিধাৰ সন্মুখীন হয় ফলত বৃক্কৰ ক্ষতি হ’বলৈ ধৰে।

* টোপনিৰ ওপৰত প্ৰভাৱঃ-নিশা শোৱাৰ আগতে গৰম পানী খালে টোপনিত প্ৰভাৱ পৰিব পাৰে। কাৰণ গৰম পানীৰে খালে অধিক প্ৰস্ৰাৱ হোৱাৰ লগতে ৰক্তবাহী নলীৰ কোষবোৰৰ ওপৰত চাপ বৃদ্ধি পায়। ফলত টোপনিৰ অভাৱত ক্লান্তি আৰু অন্যান্য শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰে।

* পানীলগাৰ অভিযোগঃ-এক অধ্যয়নৰ মতে শৰীৰৰ পৰিমাণৰ ৫৫-৫৬ শতাংশ পানী। স্বাস্থ্যৰ বাবে পানী ফলপ্ৰসূ। ই শৰীৰক হাইড্ৰেট কৰে আৰু বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ উলিয়াই দিয়াৰ কাম কৰে। কিন্তু গৰম পানী সেৱনে শৰীৰক হাইড্ৰেট নকৰে আৰু পানীলগা হোৱাৰ অভিযোগ বৃদ্ধি কৰিব পাৰে।

* ইলেক্ট্ৰলাইটৰ ওপৰত প্ৰভাৱঃ-অত্যধিক পানীয়ে তেজত থকা ইলেক্ট্ৰ’লাইটবোৰ কোষতকৈ বেছি পাতল কৰিব পাৰে। তেজ আৰু কোষৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ তেজৰ পানী কোষবোৰ আহে। ইয়াৰ ফলত কোষবোৰ ফুলি উঠে আৰু মগজুৰ ওপৰত চাপ বৃদ্ধি পায়। মূৰৰ বিষ আৰু অন্যান্য সমস্যা হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ