--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পানী স্বাস্থ্যৰ বাবে অতি উপকাৰী। পৰ্যাপ্ত পৰিমাণে পানী খালে বহু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু শৰীৰ সুস্থ হৈ থাকে। অৱশ্যে ঠাণ্ডা পানী খোৱাতকৈ গৰম পানী স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। অতিৰিক্ত ওজনৰ থকা লোকসকলে গৰম পানী সেৱন কৰে কাৰণ তেওঁলোকে ভাবে যে অধিক গৰম পানী খালে ওজন হ্ৰাস হয়। ডিঙিৰ বিষ, ঠাণ্ডা-কাহ আৰু চৰ্দি হ’লেও মানুহে গৰম পানী খায়। কিন্তু বিশেষজ্ঞসকলৰ মতে ঠাণ্ডা আৰু গৰম পানী খোৱাতকৈ স্বাভাৱিক পানী খোৱাটো অধিক ফলপ্ৰসূ। কোষ্ঠকাঠিন্যৰ সমস্যা থাকিলেও মানুহে পুৱা গৰম পানী খায়। কিন্তু অত্যধিক গৰম পানী সেৱন কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। সেইবাবেই স্বাস্থ্য পক্ষে গৰম পানী খোৱা কিমান উপকাৰী আৰু অপকাৰিতা বিষয়ে জানো আহক।

 ১. গৰম পানী খোৱাৰ উপকাৰিতা-

* কোষ্ঠকাঠিন্যৰ পৰা উপশমঃ-কুহুমীয়া পানী সেৱন কৰিলে পেট পৰিষ্কাৰ হয় আৰু শৌচত কোনো সমস্যা নহয়। বদহজম আৰু এচিডিটি হ’লে কুহুমীয়া পানী খাব পাৰে। ইয়াৰ দ্বাৰা খাদ্য খোৱাৰ পাছত কোষ্ঠকাঠিন্যৰ কোনো অভিযোগ নাথাকে আৰু পেটৰ ক্ৰেম্প আৰু বিষ কমাব পাৰে।

* ওজন হ্ৰাস হয়ঃ-খাদ্য হজমৰ বাবে গৰম পানী অতি ফলপ্ৰসূ। খাদ্য খোৱাৰ পাছত পুৱা আৰু গধূলি পাতল কুহুমীয়া পানী খাব লাগে, ই ওজন হ্ৰাস কৰে।

* পাচনতন্ত্ৰ উন্নত কৰেঃ-গৰম পানী সেৱন কৰি হজম শক্তি বৃদ্ধি কৰিব পাৰি। মৃদু উষ্ণ পানীয়ে পেট আৰু অন্ত্ৰক হাইড্ৰেট কৰাত সহায় কৰে। এনে ক্ষেত্ৰত সঠিক পৰিমাণত গৰম পানী সেৱন কৰিলে উপকৃত হ’ব।

 ২. গৰম পানী খোৱাৰ অপকাৰিতা-

অত্যধিক গৰম পানী সেৱন কৰিলে আপোনাৰ বহুতো শাৰীৰিক সমস্যাই দেখা দিব পাৰে। যেনে-

 * বৃক্কৰ প্ৰভাৱঃ-কিডনীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাৰ কাম কৰে। কিন্তু অত্যধিক গৰম পানী সেৱন কৰিলে পানীলগা হোৱাৰ লগতে বৃক্কত প্ৰভাৱ পৰিব পাৰে। গৰম পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰাত অসুবিধাৰ সন্মুখীন হয় ফলত বৃক্কৰ ক্ষতি হ’বলৈ ধৰে।

* টোপনিৰ ওপৰত প্ৰভাৱঃ-নিশা শোৱাৰ আগতে গৰম পানী খালে টোপনিত প্ৰভাৱ পৰিব পাৰে। কাৰণ গৰম পানীৰে খালে অধিক প্ৰস্ৰাৱ হোৱাৰ লগতে ৰক্তবাহী নলীৰ কোষবোৰৰ ওপৰত চাপ বৃদ্ধি পায়। ফলত টোপনিৰ অভাৱত ক্লান্তি আৰু অন্যান্য শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি কৰে।

* পানীলগাৰ অভিযোগঃ-এক অধ্যয়নৰ মতে শৰীৰৰ পৰিমাণৰ ৫৫-৫৬ শতাংশ পানী। স্বাস্থ্যৰ বাবে পানী ফলপ্ৰসূ। ই শৰীৰক হাইড্ৰেট কৰে আৰু বিষাক্ত পদাৰ্থবোৰ বাহিৰলৈ উলিয়াই দিয়াৰ কাম কৰে। কিন্তু গৰম পানী সেৱনে শৰীৰক হাইড্ৰেট নকৰে আৰু পানীলগা হোৱাৰ অভিযোগ বৃদ্ধি কৰিব পাৰে।

* ইলেক্ট্ৰলাইটৰ ওপৰত প্ৰভাৱঃ-অত্যধিক পানীয়ে তেজত থকা ইলেক্ট্ৰ’লাইটবোৰ কোষতকৈ বেছি পাতল কৰিব পাৰে। তেজ আৰু কোষৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ তেজৰ পানী কোষবোৰ আহে। ইয়াৰ ফলত কোষবোৰ ফুলি উঠে আৰু মগজুৰ ওপৰত চাপ বৃদ্ধি পায়। মূৰৰ বিষ আৰু অন্যান্য সমস্যা হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক