--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত নিগনি থাকিলে মানুহৰ বৰ অশান্তি হয়। নিগনি অনিষ্টকাৰী প্ৰাণী। ঘৰৰ বিভিন্ন কাপোৰ-কানি, কাগজ-পত্ৰ আৰু মূল্যৱান বস্তু কুটি ই নষ্ট কৰে। কেৱল এয়াই নহয়, এন্দুৰ নিগনিয়ে বহুতো লেতেৰা, দূষিত ঠাই ঘুৰি-ফুৰি ৰোগৰ বীজাণু লগত কঢ়িয়াই আনে। সেয়েহে, এন্দুৰ, নিগনিক বাসগৃহৰ পৰা উলিয়াই দিয়াটো উচিত। 

ঘৰখন পৰিষ্কাৰকৈ ৰখাৰ পাছতো কিছুমান মানুহৰ ঘৰত নিগনিয়ে চলায় উপদ্ৰৱ। কীটনাশক বা পেষ্ট কণ্ট্ৰ’ল চাৰ্ভিচৰ সহায়ত এন্দুৰ, নিগনিৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু এইবোৰত নানা ধৰণৰ কেমিকেল মিহলি কৰা থাকে। ইয়াৰ নিয়মিত ব্যৱহাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। গতিকে ঘৰুৱা উপায়েৰে পৰিত্ৰাণ পাওক নিগনিৰ সন্ত্ৰাসৰ পৰা।

১) তুলা বা কপাহৰ সৰু সৰু বল বনাই পদিনা পাতৰ ৰসত ডুবাই ঘৰৰ বিভিন্ন স্থানত ৰাখক। পদিনাৰ গোন্ধ নিগনি, এন্দুৰে সহ্য কৰিব নোৱাৰে। এনে কৰিলে নিগনিয়ে আপোনাৰ ঘৰ এৰিব।

২) লঙৰ গোন্ধ আৰু সোৱাদ এন্দুৰ, নিগনিৰ বাবে অত্যন্ত অস্বস্তিকৰ। কেইটামান লং সৰু সৰু কাপোৰত মেৰিয়াই ঘৰৰ বিভিন্ন কোণত ৰাখক। নিগনি পলাব!

৩) ঘৰৰ পৰা এন্দুৰ, নিগনি দূৰ কৰিবলৈ ৰঙা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। এন্দুৰ, নিগনিয়ে উপদ্ৰৱ চলোৱা ঠাইসমূহত অলপ ৰঙা জলকীয়া কাটি ছটিয়াই থৈ দিয়ক। ইয়াৰ ফলত এন্দুৰ, নিগনিবোৰ পলাই যাব। কিয়নো ৰঙা জলকীয়াৰ ফলত এন্দুৰ, নিগনিৰ উশাহ-নিশাহৰ সমস্যা হয়।  কেৱল নিগনি, এন্দুৰেই নহয়, বিভিন্ন পোকো দূৰ হ’ব।

৪) পিঁয়াজৰ গোন্ধ এন্দুৰে সহ্য কৰিব নোৱাৰে। গতিকে যি ঠাইত এন্দুৰৰ উপদ্ৰৱ বেছি,সেই ঠাইত ৰাখি পিঁয়াজ কাটি থৈ দিয়ক।

৫) পদিনাৰ পাত কেইটামান থেতেলিয়াই লৈ নিগনি অহা- যোৱা কৰা গাঁতৰ সন্মুখত থৈ দিব।

৬) ৰাতি ঘৰৰ বিভিন্ন ঠাইত যথেষ্ট পৰিমাণে বেকিং পাউদাৰ ৰাখক। নিগনি পলাই যাব।

৭) তেজপাতেও নিগনি আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। কিয়নো ইয়াৰ সুবাস তীব্ৰ। গতিকে ইয়াক ঘৰৰ এন্দুৰ, নিগনি প্ৰৱেশ কৰা বাটসমূহত তেজপাত ৰাখিব পাৰে। 

৮) এন্দুৰ, নিগনিক ঘৰৰ পৰা বাহিৰ কৰাৰ আটাইতকৈ সহজ উপায় হ'ল মানুহৰ চুলি। সাধাৰণতে, এন্দুৰ,নিগনিৰ চকুত মানুহৰ চুলি দৃশ্যমান নহয় আৰু সিহঁতে সেইবোৰ গিলি দিয়াত অসুবিধাৰ সৃষ্টি হয়। সেয়েহে, এন্দুৰ, নিগনিৰ গাঁতৰ কাষত চুলি থৈ দিব পাৰে। এনে সমস্যা পালে নিগনিয়ে ঘৰ এৰি গুচি যায়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ