--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত নিগনি থাকিলে মানুহৰ বৰ অশান্তি হয়। নিগনি অনিষ্টকাৰী প্ৰাণী। ঘৰৰ বিভিন্ন কাপোৰ-কানি, কাগজ-পত্ৰ আৰু মূল্যৱান বস্তু কুটি ই নষ্ট কৰে। কেৱল এয়াই নহয়, এন্দুৰ নিগনিয়ে বহুতো লেতেৰা, দূষিত ঠাই ঘুৰি-ফুৰি ৰোগৰ বীজাণু লগত কঢ়িয়াই আনে। সেয়েহে, এন্দুৰ, নিগনিক বাসগৃহৰ পৰা উলিয়াই দিয়াটো উচিত। 

ঘৰখন পৰিষ্কাৰকৈ ৰখাৰ পাছতো কিছুমান মানুহৰ ঘৰত নিগনিয়ে চলায় উপদ্ৰৱ। কীটনাশক বা পেষ্ট কণ্ট্ৰ’ল চাৰ্ভিচৰ সহায়ত এন্দুৰ, নিগনিৰ পৰা পৰিত্ৰাণ পাব পাৰি। কিন্তু এইবোৰত নানা ধৰণৰ কেমিকেল মিহলি কৰা থাকে। ইয়াৰ নিয়মিত ব্যৱহাৰ স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। গতিকে ঘৰুৱা উপায়েৰে পৰিত্ৰাণ পাওক নিগনিৰ সন্ত্ৰাসৰ পৰা।

১) তুলা বা কপাহৰ সৰু সৰু বল বনাই পদিনা পাতৰ ৰসত ডুবাই ঘৰৰ বিভিন্ন স্থানত ৰাখক। পদিনাৰ গোন্ধ নিগনি, এন্দুৰে সহ্য কৰিব নোৱাৰে। এনে কৰিলে নিগনিয়ে আপোনাৰ ঘৰ এৰিব।

২) লঙৰ গোন্ধ আৰু সোৱাদ এন্দুৰ, নিগনিৰ বাবে অত্যন্ত অস্বস্তিকৰ। কেইটামান লং সৰু সৰু কাপোৰত মেৰিয়াই ঘৰৰ বিভিন্ন কোণত ৰাখক। নিগনি পলাব!

৩) ঘৰৰ পৰা এন্দুৰ, নিগনি দূৰ কৰিবলৈ ৰঙা জলকীয়া ব্যৱহাৰ কৰিব পাৰে। এন্দুৰ, নিগনিয়ে উপদ্ৰৱ চলোৱা ঠাইসমূহত অলপ ৰঙা জলকীয়া কাটি ছটিয়াই থৈ দিয়ক। ইয়াৰ ফলত এন্দুৰ, নিগনিবোৰ পলাই যাব। কিয়নো ৰঙা জলকীয়াৰ ফলত এন্দুৰ, নিগনিৰ উশাহ-নিশাহৰ সমস্যা হয়।  কেৱল নিগনি, এন্দুৰেই নহয়, বিভিন্ন পোকো দূৰ হ’ব।

৪) পিঁয়াজৰ গোন্ধ এন্দুৰে সহ্য কৰিব নোৱাৰে। গতিকে যি ঠাইত এন্দুৰৰ উপদ্ৰৱ বেছি,সেই ঠাইত ৰাখি পিঁয়াজ কাটি থৈ দিয়ক।

৫) পদিনাৰ পাত কেইটামান থেতেলিয়াই লৈ নিগনি অহা- যোৱা কৰা গাঁতৰ সন্মুখত থৈ দিব।

৬) ৰাতি ঘৰৰ বিভিন্ন ঠাইত যথেষ্ট পৰিমাণে বেকিং পাউদাৰ ৰাখক। নিগনি পলাই যাব।

৭) তেজপাতেও নিগনি আঁতৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। কিয়নো ইয়াৰ সুবাস তীব্ৰ। গতিকে ইয়াক ঘৰৰ এন্দুৰ, নিগনি প্ৰৱেশ কৰা বাটসমূহত তেজপাত ৰাখিব পাৰে। 

৮) এন্দুৰ, নিগনিক ঘৰৰ পৰা বাহিৰ কৰাৰ আটাইতকৈ সহজ উপায় হ'ল মানুহৰ চুলি। সাধাৰণতে, এন্দুৰ,নিগনিৰ চকুত মানুহৰ চুলি দৃশ্যমান নহয় আৰু সিহঁতে সেইবোৰ গিলি দিয়াত অসুবিধাৰ সৃষ্টি হয়। সেয়েহে, এন্দুৰ, নিগনিৰ গাঁতৰ কাষত চুলি থৈ দিব পাৰে। এনে সমস্যা পালে নিগনিয়ে ঘৰ এৰি গুচি যায়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু