--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নয়ডাই গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷ এতিয়াৰ পৰা নয়ডাৰ সকলো পোহনীয়া জন্তু পঞ্জীয়ন বাধ্যতামূলক কৰিছে৷ মেকুৰী আৰু কুকুৰকে ধৰি সকলো পোহনীয়া জন্তু পঞ্জীয়ন কৰাৰ শেষ তাৰিখ ১৪ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰিছে। স্থানীয় পৰিষদৰ মতে, লোকসকলে তেওঁলোকৰ পোহনীয়া জন্তুপঞ্জীভুক্ত কৰাৰ বাবে সহজ পদ্ধতি আৰু তাৰ বাবে ইতিমধ্যে বহুতো পঞ্জীয়ন শিবিৰ অনুষ্ঠিত কৰা হৈছে। ১৪ ফেব্ৰুৱাৰীত পঞ্জীয়ন বন্ধ হোৱাৰ পিছত, যিসকল মালিকে তেওঁলোকৰ পোহনীয়া জন্তুবোৰ নিৰ্দিষ্ট কৰ্তৃপক্ষৰ ওচৰত পঞ্জীয়ন কৰা নাই তেওঁলোকৰ বাবে চালান জাৰী কৰা হ'ব আৰু এই চালানৰ মূল্য এহেজাৰ টকালৈকে হ’ব পাৰে। নয়ডাক এখন স্মাৰ্ট চহৰ হিচাপে গঢ়ি তোলা আৰু কুকুৰৰ আক্ৰমণৰ ঘটনা হ্ৰাস কৰাৰ পদক্ষেপ হিচাপে এই সিদ্ধান্ত লোৱা হৈছে। পোহনীয়া আটাইবোৰ জন্তু পঞ্জীয়ন হোৱাৰ পিছত, চহৰখনত পদপথৰ সকলো কুকুৰ বিচাৰি উলিওৱাটো সহজ কৰি তুলিব। একে সময়তে, পদপথত ঘূৰি ফুৰা পথভ্ৰষ্ট গৰু আৰু আন জন্তুসমূহক এখন গো-শালালৈ প্ৰেৰণ কৰা হ'ব। নয়ডাত পোহনীয়া জন্তুবোৰ পঞ্জীয়ন কৰিবলৈ এটা এপ ২০২১ ৰ নৱেম্বৰত কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া ৰিতু মহেশ্বৰীয়ে মুকলি কৰিছিল আৰু এই এপটো গুগল প্লে ষ্টোৰতো উপলদ্ধ। এপ্পৰ সহায়ত, যিকোনো পোহনীয়া জন্তুৰ মালিকে ঘৰত বহি থাকিয়েই তেওঁলোকৰ পোহনীয়া জন্তু নাম আৰু সৱিশেষ পঞ্জীয়ন কৰিব পাৰে। পঞ্জীয়নৰ বাবে, কৰ্তৃপক্ষই এবছৰৰ বাবে ৫০০ টকা মাচুল ধাৰ্য কৰিছে। পঞ্জীয়ন আৰু মাচুল পৰিশোধকৰাৰ পিছত, প্ৰতিটো পঞ্জীভুক্ত পোহনীয়া জন্তুক জলাতঙ্কৰ বিৰুদ্ধে টিকাকৰণ কৰাটো মালিকপক্ষৰ দায়িত্ব হ'ব। •

FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ