--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেম এক স্বৰ্গীয় অনুভূতি৷ প্ৰেম আছে বাবেই এই পৃথিৱীখন সুন্দৰ, প্ৰেম আছে বাবেই সৃষ্টি আছে৷ সংজ্ঞাৰে প্ৰকাশ কৰিব নোৱাৰা এক মিঠা অনুভূতিৰ নামেই হৈছে প্ৰেম৷ প্ৰেম যে কেৱল মানুহৰ মাজতে হ’ব পাৰে তেনেকুৱা নহয়৷ জীৱ-জন্তু, পশু-পক্ষী, গছ-গছনি সকলোৰে মাজত প্ৰেম হ’ব পাৰে৷ মুঠৰ ওপৰত দুই আত্মাৰ মিলন হ’লেই গঢ়ি উঠে প্ৰেম৷ মানুহৰ সমানে-সমানে জীৱ-জন্তুও প্ৰেম প্ৰকাশ কৰাত কিন্তু এখোজো পিছপৰি থকা নাই৷ ভিন্ন সময়ত জীৱ-জন্তুও নানা প্ৰকাশ শৈলী মাজেৰে প্ৰেম নিবেদন কৰা ছবি সামাজিক মাধ্যমত বিয়পি পৰে আৰু তাকে লৈ মানুহে খুব ব্যস্ত থাকে৷ শেহতীয়াকৈ জীৱ-জন্তুৰ মাজত প্ৰেম নিবেদন কৰা এটা ভাইৰেল ভিডিঅ’ক লৈ সামাজিক মাধ্যমত বেছ চৰ্চা লাভ কৰিছে৷

ভিডিঅ’টোত দুটা হাতীয়ে এটায়ে আনটোক ফুলৰ থোপাৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছে৷ ভিডিঅ'টোত দেখা গৈছে যে মতা হাতীটোৱে শুঁড়ত ফুলৰ থোপা লৈ দূৰত অপেক্ষা কৰি থকা মাইকী হাতীটোৰ ওচৰলৈ আগবাঢ়ি গৈছে। মতা হাতীটোৱে সম্পূৰ্ণ মানুহৰ কায়দাৰে ভৰি ভাঁজ কৰি মাইকী হাতীটোক ফুলৰ থোপা আগবঢ়াই প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ হাতী আৰু তেওঁৰ প্ৰেমিকে প্ৰেম আগবঢ়োৱা দৃশ্যই লাখ লাখ মানুহৰ হৃদয় জয় কৰিছে।

কোনোৱে ক’লে, 'মই আগতে কেতিয়াও এনে ৰোমান্টিক দৃশ্য দেখা নাছিলো। আন কোনোৱে ক’লে এইয়া সচা প্ৰেমৰ উৎকৃষ্ট নিৰ্দশন। আন বহুত মানুহে আকৌ হাতীৰ পৰা এনে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আগ্ৰহী। এলিফেণ্টছ এছএফৱৰ্ল্ডে এই বিশেষ ভিডিঅ'টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷

আৰু পঢ়ক: বিচ্ছেদ নহয় এইবাৰ অন্তঃসত্ত্বা হোৱাৰ গুঞ্জন! অভিভাৱক হ’ব প্ৰিয়ংকা-নিক

গজৰাজে প্ৰেম নিবেদন কৰা সম্পূৰ্ণ ভিডিঅ’টো চাবলৈ এই লিংকটোত ক্লিক কৰকঃ https://www.instagram.com/reel/CV-cD-ItbcG/?utm_source=ig_embed&ig_rid=90e3435c-e390-4664-8632-2eaa339ccbb4


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু