--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিড শংকাৰ মাজেৰে পাৰ হ'ল দুটাকৈ বছৰ। প্ৰথম, দ্বিতীয় আৰু তৃতীয়টো ঢৌৰ সংহাৰক লৈ ত্ৰস্তমান বিশ্ববাসী। পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ সময়তে পুনৰ ইউৰোপত ঊৰ্ধ্বমুখী হ'বলৈ ধৰিছে ক'ভিডৰ চতুৰ্থ লহৰ৷ শীতৰ আগমনৰ লগে লগে ইউৰোপীয় দেশসমূহত বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণো৷ তথ্য অনুসৰি ইউৰোপীয় দেশত প্ৰতি সপ্তাহত ২০লাখৰো অধিক লোক কৰ'নাত আক্ৰান্ত হৈছে৷

ইতিমধ্যে, সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও সেই নীতি নিৰ্দেশনাৰ বিৰুদ্ধে একাংশ ইউৰোপীয় দেশত তীব্ৰ প্ৰতিবাদে গা কৰি উঠিছে৷ তৎকালীনভাৱে ক'ভিড ভেকচিন ল'বলৈ জাৰ্মানীৰ স্বাস্থ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনোৱাৰ লগতে বেলজিয়াম চৰকাৰেও জাৰি কৰিছে বহু নিৰ্দেশনা৷ ইপিনে, চৰকাৰৰ ক'ভিড প্ৰতিৰোধ কঠোৰ নীতি-নিয়ম আৰু প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা কৰাৰ বিৰোধিতাৰে অষ্ট্ৰিয়া, ক্ৰৱেছিয়া, বেলজিয়াম, ডেনমাৰ্ক, ইটালী, নেদাৰলেণ্ডছত সহস্ৰাধিক লোকে ৰাজপথত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে৷

ইটালী, নেদাৰলেণ্ডছত সহস্ৰাধিক লোকে ৰাজপথত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে৷ উল্লেখ্য যে, ইটালীত ক'ভিডৰ দ্বিতীয়পালি প্ৰতিষেধক গ্ৰহণ পাঁচমাহৰ পাছত বুষ্টাৰ প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত লৈছে৷ লগতে গ্ৰীচতো ক'ভিড গ্ৰহণ নকৰা লোকক ৰাজহুৱা স্থানত প্ৰৱেশত বাধা আৰোপ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ