--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজপথত মৃত্যুৰ কিৰিলি৷ এক ভয়ংকৰ পথ দূৰ্ঘটনা৷ হয়তো দূৰ্ঘটনাটোক ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহব৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলগেৰিয়াত৷ বুলগেৰিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত গৈ থকা এখন চলন্ত বাছত অগ্নি সংযোগ ঘটে, আৰু লগে-লগে যাত্ৰীবাহী বাছখনত থকা আটাইকেইজন যাত্ৰী থিতাতে নিহত হয়৷

যাত্ৰীবাহী বাছখনত ১২ টা শিশুসহ মুঠ ৪৫ জন যাত্ৰী আছিল আৰু আটাইকেইজন লোকৰে মৃত্যু হৈছে৷ সোমবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ২ বজাত দেশখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বাসনেক নামৰ এখন গাঁৱত দুৰ্ঘটনাটো সংঘটিত হৈছিল। বাছখনৰ সৰহ সংখ্যাক যাত্ৰীয়েই পৰ্যটক আছিল আৰু তেওঁলোক উত্তৰ মেচিডোনিয়াৰ বাসিন্দা আছিল৷ দূৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ যদিও পোহৰলৈ অহা নাই, তথাপিও ধাৰণা কৰা হৈছে যে পথৰ কাষত খকা ৰেলিংঙত বাছখনে খুন্দা মৰাৰ ফলত বাছত অগ্নিসংযোগ হৈ যাত্ৰীসকল মৃত্যু মুখত পৰে৷

বাছখনৰ ভয়ংকৰভাৱে জুইত জাহ যায় যে, বাছখনৰ গোটেই বাহিৰভাগ জুইত জাহ গৈ বাছখনৰ কেৱল লোহা অংশটোহে উলাই পৰে ৷ প্ৰশাসনৰ সূত্ৰই কৈছিল যে জুই লগাৰ পিছত মাত্ৰ সাতজন লোক বাছৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। তেওঁলোকে ৰাজধানী চফিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও বৰ্তমান তেওঁলোকৰো মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। দেশৰ গৃহ মন্ত্ৰালয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। বুলগেৰিয়াৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী ষ্টিফান য়ানেভে ঘটনাটোক "এক বৃহৎ ট্ৰেজেডী" বুলি বৰ্ণনা কৰিছে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ সময়ত তেওঁ সাংবাদিকক কয়, "আশা কৰোঁ আমি এই শোকাৱহ ঘটনাটোৰ পৰা শিক্ষা লওঁ আৰু প্ৰাৰ্থনা কৰিছো যাতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু