--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজপথত মৃত্যুৰ কিৰিলি৷ এক ভয়ংকৰ পথ দূৰ্ঘটনা৷ হয়তো দূৰ্ঘটনাটোক ভাষাৰে বৰ্ণনা কৰা সম্ভৱ নহব৷ এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুলগেৰিয়াত৷ বুলগেৰিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত গৈ থকা এখন চলন্ত বাছত অগ্নি সংযোগ ঘটে, আৰু লগে-লগে যাত্ৰীবাহী বাছখনত থকা আটাইকেইজন যাত্ৰী থিতাতে নিহত হয়৷

যাত্ৰীবাহী বাছখনত ১২ টা শিশুসহ মুঠ ৪৫ জন যাত্ৰী আছিল আৰু আটাইকেইজন লোকৰে মৃত্যু হৈছে৷ সোমবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ২ বজাত দেশখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বাসনেক নামৰ এখন গাঁৱত দুৰ্ঘটনাটো সংঘটিত হৈছিল। বাছখনৰ সৰহ সংখ্যাক যাত্ৰীয়েই পৰ্যটক আছিল আৰু তেওঁলোক উত্তৰ মেচিডোনিয়াৰ বাসিন্দা আছিল৷ দূৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ যদিও পোহৰলৈ অহা নাই, তথাপিও ধাৰণা কৰা হৈছে যে পথৰ কাষত খকা ৰেলিংঙত বাছখনে খুন্দা মৰাৰ ফলত বাছত অগ্নিসংযোগ হৈ যাত্ৰীসকল মৃত্যু মুখত পৰে৷

বাছখনৰ ভয়ংকৰভাৱে জুইত জাহ যায় যে, বাছখনৰ গোটেই বাহিৰভাগ জুইত জাহ গৈ বাছখনৰ কেৱল লোহা অংশটোহে উলাই পৰে ৷ প্ৰশাসনৰ সূত্ৰই কৈছিল যে জুই লগাৰ পিছত মাত্ৰ সাতজন লোক বাছৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল। তেওঁলোকে ৰাজধানী চফিয়া চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও বৰ্তমান তেওঁলোকৰো মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। দেশৰ গৃহ মন্ত্ৰালয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে। বুলগেৰিয়াৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী ষ্টিফান য়ানেভে ঘটনাটোক "এক বৃহৎ ট্ৰেজেডী" বুলি বৰ্ণনা কৰিছে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ সময়ত তেওঁ সাংবাদিকক কয়, "আশা কৰোঁ আমি এই শোকাৱহ ঘটনাটোৰ পৰা শিক্ষা লওঁ আৰু প্ৰাৰ্থনা কৰিছো যাতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ