--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘অনলি ৱান এণ্ড ডান’- ভাৰতীয় ক্ৰীড়াৰ “গ’ল্ডেন বয়” খ্যাত নীৰজ চোপ্ৰাৰ বাবে যেন এই চাৰিটা শব্দক বাস্তৱায়িত কৰি তোলাতে প্ৰকৃত সাৰ্থকতা! টকিঅ' অলিম্পিকৰ ফাইনেললৈ যোগ্যতা অৰ্জনতে হওক বা ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা অৰ্জনতে হওক, এটা মাত্ৰ থ্ৰ'ৰেই সাফল্য অৰ্জন কৰিছিল তাৰকাগৰাকীয়ে।এই প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিয়ে এইবাৰ ডায়মণ্ড লীগ প্ৰতিযোগিতাতো প্ৰথমটো থ্ৰ’ৰ প্ৰদৰ্শনেৰেই খিতাপ আজুৰি আনিছে অলিম্পিক স্বৰ্ণ জয়ী নীৰজে।

যোৱা বৰ্ষত টকিঅ' অলিম্পিকত স্বৰ্ণ জয়েৰে ভাৰতবাসীৰ প্ৰত্যাশাৰ নায়ক হৈ পৰা নীৰজ চোপ্ৰাই পুনৰ এবাৰ কোটি কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰি দখল কৰিছে লাউচেন ডায়মণ্ড লীগ খিতাপ। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত প্ৰত্যাৱৰ্তন ঘটোৱা নীৰজে প্ৰথমখন প্ৰতিযোগিতাতে এই চমকপ্ৰদ সাফল্য অৰ্জন কৰি এক নতুন ইতিহাসো ৰচনা  কৰিছে।   

ডায়মণ্ড লীগৰ ইতিহাসত প্ৰথম গৰাকী খিতাপ জয়ী ভাৰতীয় হিচাপে নিজৰ নাম লিপিবদ্ধ কৰি তুলিলে নীৰজে। চোপ্ৰাৰ পূৰ্বে ডিচকাচ থ্ৰ'ৱাৰ বিকাশ গৌড়াই একমাত্ৰ ভাৰতীয় খেলুৱৈ হিচাপে ডায়মণ্ড লীগ মিটত শীৰ্ষ-তিনিটা স্থানৰ ভিতৰত উপনীত হ’বলৈ সক্ষম হৈছিল যদিও খিতাপ জয়ত বিফল হৈছিল। গৌড়াই ২০১২ চনত নিউয়ৰ্কত আৰু ২০১৪ চনত দোহাত দ্বিতীয় স্থান লাভ কৰিছিল। আনহাতে ২০১৫ চনত ছাংহাই আৰু ইউজিনত তৃতীয় স্থান লাভ কৰিছিল খেলুৱৈগৰাকীয়ে।

নিজৰ প্ৰথমটো প্ৰচেষ্টাতে ৮৯.০৮ মিটাৰ থ্ৰ’ কৰি নীৰজে  প্ৰায় প্ৰতিদ্বন্দিতা বিহীনভাৱেই শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। নীৰজৰ সন্মুখত বিশেষ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাত বিফল হয় আনসকল জেভলিন থ্ৰ’ৱাৰ। দ্বিতীয় স্থানত থকা চেক গণৰাজ্যৰ জাকুব ভাদলেজচেও ৮৫.৮৮ মিটাৰ থ্ৰ’ কৰি নীৰজতকৈ যথেষ্ট পিছত ৰয়।

ডায়মণ্ড লীগৰ খিতাপ জয়ৰ লগে লগে নীৰজে অহা মাহত জুৰিখত অনুষ্ঠিত হ'বলগীয়া ডায়মণ্ড লীগ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। তদুপৰি হাংগেৰীৰ ৰাজধানী চহৰ বুদাপেষ্টত অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন কৰে অলিম্পিক স্বৰ্ণ জয়ী নীৰজে। 

উল্লেখ্য যে চলিত বৰ্ষৰ জুলাইত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ পিছত আঘাতৰ বাবে নীৰজ চোপ্ৰা শেহতীয়া বাৰ্মিংহাম কমনৱেলথ গেমছত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈছিল। কিন্তু আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তন প্ৰতিযোগিতাতে ইতিহাস ৰচি খিতাপ জয়েৰে নীৰজে ভাৰতীয় ক্ৰীড়াৰ ধ্বজা পুনৰবাৰ বিশ্বৰ বুকুত সগৌৰৱে উত্তোলিত কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী