--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘অনলি ৱান এণ্ড ডান’- ভাৰতীয় ক্ৰীড়াৰ “গ’ল্ডেন বয়” খ্যাত নীৰজ চোপ্ৰাৰ বাবে যেন এই চাৰিটা শব্দক বাস্তৱায়িত কৰি তোলাতে প্ৰকৃত সাৰ্থকতা! টকিঅ' অলিম্পিকৰ ফাইনেললৈ যোগ্যতা অৰ্জনতে হওক বা ৱৰ্ল্ড এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেললৈ যোগ্যতা অৰ্জনতে হওক, এটা মাত্ৰ থ্ৰ'ৰেই সাফল্য অৰ্জন কৰিছিল তাৰকাগৰাকীয়ে।এই প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিয়ে এইবাৰ ডায়মণ্ড লীগ প্ৰতিযোগিতাতো প্ৰথমটো থ্ৰ’ৰ প্ৰদৰ্শনেৰেই খিতাপ আজুৰি আনিছে অলিম্পিক স্বৰ্ণ জয়ী নীৰজে।

যোৱা বৰ্ষত টকিঅ' অলিম্পিকত স্বৰ্ণ জয়েৰে ভাৰতবাসীৰ প্ৰত্যাশাৰ নায়ক হৈ পৰা নীৰজ চোপ্ৰাই পুনৰ এবাৰ কোটি কোটি ভাৰতীয়ক গৌৰৱান্বিত কৰি দখল কৰিছে লাউচেন ডায়মণ্ড লীগ খিতাপ। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত প্ৰত্যাৱৰ্তন ঘটোৱা নীৰজে প্ৰথমখন প্ৰতিযোগিতাতে এই চমকপ্ৰদ সাফল্য অৰ্জন কৰি এক নতুন ইতিহাসো ৰচনা  কৰিছে।   

ডায়মণ্ড লীগৰ ইতিহাসত প্ৰথম গৰাকী খিতাপ জয়ী ভাৰতীয় হিচাপে নিজৰ নাম লিপিবদ্ধ কৰি তুলিলে নীৰজে। চোপ্ৰাৰ পূৰ্বে ডিচকাচ থ্ৰ'ৱাৰ বিকাশ গৌড়াই একমাত্ৰ ভাৰতীয় খেলুৱৈ হিচাপে ডায়মণ্ড লীগ মিটত শীৰ্ষ-তিনিটা স্থানৰ ভিতৰত উপনীত হ’বলৈ সক্ষম হৈছিল যদিও খিতাপ জয়ত বিফল হৈছিল। গৌড়াই ২০১২ চনত নিউয়ৰ্কত আৰু ২০১৪ চনত দোহাত দ্বিতীয় স্থান লাভ কৰিছিল। আনহাতে ২০১৫ চনত ছাংহাই আৰু ইউজিনত তৃতীয় স্থান লাভ কৰিছিল খেলুৱৈগৰাকীয়ে।

নিজৰ প্ৰথমটো প্ৰচেষ্টাতে ৮৯.০৮ মিটাৰ থ্ৰ’ কৰি নীৰজে  প্ৰায় প্ৰতিদ্বন্দিতা বিহীনভাৱেই শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হয়। নীৰজৰ সন্মুখত বিশেষ প্ৰত্যাহ্বানৰ সৃষ্টি কৰাত বিফল হয় আনসকল জেভলিন থ্ৰ’ৱাৰ। দ্বিতীয় স্থানত থকা চেক গণৰাজ্যৰ জাকুব ভাদলেজচেও ৮৫.৮৮ মিটাৰ থ্ৰ’ কৰি নীৰজতকৈ যথেষ্ট পিছত ৰয়।

ডায়মণ্ড লীগৰ খিতাপ জয়ৰ লগে লগে নীৰজে অহা মাহত জুৰিখত অনুষ্ঠিত হ'বলগীয়া ডায়মণ্ড লীগ ফাইনেললৈ যোগ্যতা অৰ্জন কৰে। তদুপৰি হাংগেৰীৰ ৰাজধানী চহৰ বুদাপেষ্টত অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন কৰে অলিম্পিক স্বৰ্ণ জয়ী নীৰজে। 

উল্লেখ্য যে চলিত বৰ্ষৰ জুলাইত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদক জয় কৰাৰ পিছত আঘাতৰ বাবে নীৰজ চোপ্ৰা শেহতীয়া বাৰ্মিংহাম কমনৱেলথ গেমছত অংশগ্ৰহণৰ পৰা বঞ্চিত হৈছিল। কিন্তু আঘাতৰ পৰা সুস্থ হৈ প্ৰত্যাৱৰ্তন প্ৰতিযোগিতাতে ইতিহাস ৰচি খিতাপ জয়েৰে নীৰজে ভাৰতীয় ক্ৰীড়াৰ ধ্বজা পুনৰবাৰ বিশ্বৰ বুকুত সগৌৰৱে উত্তোলিত কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু