--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতৰ গল্ডেন বয়  খ্যাত নীৰজ চোপ্ৰাই শুকুৰবাৰে জেভেলিন থ্ৰ'ত  ডায়মণ্ড লীগ খিতাপ অৰ্জন কৰে৷ এই খিতাপ লাভ কৰি নীৰজ চোপ্ৰাই ৰচিলে আন এক ইতিহাস৷ তদুপৰি এই খিতাপ লাভৰ জৰিয়তে এক শক্তিশালী প্ৰত্যাৱৰ্তন কৰিছে গল্ডেন বয় নীৰজ চোপ্ৰাই৷  পিঠিৰ আঘাতৰ বাবে  কমনৱেলথ গেমছৰ পৰাও পৰাও আঁতৰি আছিল ২৪ বছৰীয়া  নীৰজ চোপ্ৰা৷  

যোৱা  এমাহ খেল জগতৰ পৰা আঁতৰি আছিল নীৰজ চোপ্ৰা৷ কিন্তু পিঠিৰ আঘাতে ম্লান কৰিব নোৱাৰিলে তেওঁৰ প্ৰতিভাক । ৮৯.০৯  মিটাৰ থ্ৰ' আছিল তেওঁৰ   কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শন। 

 হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত ২০২৩ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ বাবে শেহতীয়াকৈ যোগ্যতা অৰ্জন কৰে  নীৰজ চোপ্ৰাই । চোপ্ৰাই বিশ্ব চেম্পিয়ন গ্ৰেনাডাৰ এণ্ডাৰছন পিটাৰ্ছৰ পিছতে  ষ্টকহোম লেগত ৮৯.৯৪  মিটাৰ ৰাষ্ট্ৰীয় ৰেকৰ্ড থ্ৰোৰে দ্বিতীয় স্থান লাভ  কৰিবলৈয়ো সক্ষম হৈছিল।
 
 উল্লেখযোগ্য যে , হাৰিয়ানাৰ নীৰজ চোপ্ৰা হৈছে ডায়মণ্ড লীগৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয়৷ ইয়াৰ পূৰ্বে বিকাশ গৌডা ডায়মণ্ড লীগৰ অন্তিম ৰাউণ্ডত পৰাস্ত হৈছিল৷ এই ডায়মণ্ড লীগ জুৰিছত ৭-৮ চেপ্তেম্বৰত অনুষ্ঠিত হ’ব৷ আৰু প্ৰথম গৰাকী ভাৰতীয় হিচাপে নীৰজ চোপ্ৰাই ডায়মণ্ড লীগত অংশ  ল’ব৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী