--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমত ক্ৰমে উন্নত হৈ আহিছে দবা খেলৰ পৰিবেশ। ইতিমধ্যে ৰাজ্যৰ বাহিৰতো অসমৰ বহু দবা খেলুৱৈয়ে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ বিপনন  বাণিজ্য ক্ষেত্ৰত আজি  অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগিতাত মায়ংক চক্ৰৱৰ্তীয়ে চেম্পিয়নৰ খিতাপ দখল কৰে । 

জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মায়ংকে নিজৰ অপ্ৰতিৰোধ্য ধাৰা অব্যাহত ৰাখি ৯ খেলৰ আটাইকেইখনতে জয় লাভ কৰি এই খিতাপ অৰ্জন কৰে ।  আনহাতে দবা প্ৰতিযোগিতাখনৰ প্ৰথম ৰানাৰ্চ আপৰ খিতাপ লাভ কৰে  প্ৰাক্তন অসম চেম্পিয়ন ৰাজীৱ ধৰে । 


ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১১২ গৰাকী চিনিয়ৰ , জুনিয়ৰ দবাৰুৱে অংশগ্ৰহণ কৰা  অসম ৰেপিড ৰেটিং প্ৰতিযোগিতা খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চেম্বাৰ্চ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে ।

বিশিষ্ট অতিথি তথা খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰে মহানগৰ জিলা উপায়ুক্ত পল্লৱ ঝাই । সদৌ অসম দবা সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা  উক্ত প্ৰতিযোগিতাখন পৰিচালনা কৰে ৰবিকান্ত তিৱাৰী আৰু অনন্ত  গোস্বামীয়ে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু