--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চৰ্দি, কাহ, জ্বৰ বা বিষৰ পৰা সকাহ পোৱাৰ কথা আহিলে বেছিভাগ ভাৰতীয় লোকৰ ঘৰতে হালধি-গাখীৰ ব্যৱহাৰ কৰে। যুগ যুগ ধৰি হালধি-গাখীৰ প্ৰত্যেক ভাৰতীয় ঘৰৰ অংগ হৈ আহিছে। ইয়াক প্ৰধানকৈ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে আজিও ব্যৱহাৰ কৰা হয়। আজিও বহু লোকে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বাবে হাধিৰ গাখীৰ সেৱন কৰে। দৰাচলতে হাধি বহু গুণেৰে ভৰপূৰ। ইয়াত কাৰকুমিন নামৰ যৌগ থাকে, যিটো শক্তিশালী এন্টিঅক্সিডেন্ট। এই এন্টিঅক্সিডেন্টবোৰে শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছ আৰু প্ৰদাহ ৰোধ কৰাত সহায় কৰে। ই আপোনাক কাহ, চৰ্দি, জ্বৰ, বদহজমকে ধৰি বহুতো ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।

১. হালধি-গাখীৰৰ উপকাৰিতা-

গাখীৰৰ লগত হালধি মিলাই খালে বহুতো উপকাৰ পোৱা যায়। কিন্তু যিহেতু হালধিয়ে শৰীৰত তাপ উৎপন্ন কৰে। সেয়েহে প্ৰশ্ন উত্থাপন হয় যে গ্ৰীষ্মকালত ইয়াক সেৱন কৰিলে স্বাস্থ্যৰ বাবে উপকাৰী নে? আয়ুৰ্বেদৰ মতে হাধিয়ে গৰমকাৰী হিচাপে কাম কৰে। ইয়াক সেৱন কৰিলে হজম শক্তি বৃদ্ধি য়, প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে, চৰ্দি-জ্বৰৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে। হাধিয়ে তিনি দোষ যেনে– বাত, পিত্ত আৰু কফৰ মাজত ভাৰসাম্য সৃষ্টিৰ কাম কৰে। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে অত্যধিক হাধি সেৱনে এই তিনি দোষৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে, যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২. গ্ৰীষ্মকালত হালধি-গাখীৰ খোৱাটো উপকাৰী নে?

যিকোনো সময় আৰু ঋতুতে হাধি-গাখীৰ খাব পাৰি। অৱশ্যে এই গাখীৰ খোৱাৰ সময়ত ইয়াৰ সঠিক পৰিমাণৰ বিষয়ে সকলোৱে জনা উচিত। কাৰণ অত্যধিক হাধি খালে স্বাস্থ্যৰ ক্ষতিও হ’ব পাৰে। অধিক পৰিমাণে হাধি সেৱনে বমি, মূৰ ঘূৰোৱা, পেটৰ বিষ আৰু শৰীৰৰ বিষ হ’ব পাৰে।

৩. দিনটোত কিমান হাধি খোৱা উচিত?

প্ৰায় এক চতুৰ্থ চামুচ হাধি গাখীৰত মিহলাই খাব পাৰি। গোটেই দিনটোত এক চামুচ পৰ্যন্ত হাধি সেৱন কৰিব পাৰি। গ্ৰীষ্মকালত অধিক পৰিমাণে হালধি খালে শৰীৰৰ ক্ষতি হ’ব পাৰে। সেইবাবেই সীমিত পৰিমাণত সেৱন কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা