--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চৰ্দি, কাহ, জ্বৰ বা বিষৰ পৰা সকাহ পোৱাৰ কথা আহিলে বেছিভাগ ভাৰতীয় লোকৰ ঘৰতে হালধি-গাখীৰ ব্যৱহাৰ কৰে। যুগ যুগ ধৰি হালধি-গাখীৰ প্ৰত্যেক ভাৰতীয় ঘৰৰ অংগ হৈ আহিছে। ইয়াক প্ৰধানকৈ বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে আজিও ব্যৱহাৰ কৰা হয়। আজিও বহু লোকে বিভিন্ন স্বাস্থ্যজনিত সমস্যাৰ বাবে হালধিৰ গাখীৰ সেৱন কৰে। দৰাচলতে হালধি বহু গুণেৰে ভৰপূৰ। ইয়াত কাৰকুমিন নামৰ যৌগ থাকে, যিটো শক্তিশালী এন্টিঅক্সিডেন্ট। এই এন্টিঅক্সিডেন্টবোৰে শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছ আৰু প্ৰদাহ ৰোধ কৰাত সহায় কৰে। ই আপোনাক কাহ, চৰ্দি, জ্বৰ, বদহজমকে ধৰি বহুতো ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।

১. হালধি-গাখীৰৰ উপকাৰিতা-

গাখীৰৰ লগত হালধি মিলাই খালে বহুতো উপকাৰ পোৱা যায়। কিন্তু যিহেতু হালধিয়ে শৰীৰত তাপ উৎপন্ন কৰে। সেয়েহে প্ৰশ্ন উত্থাপন হয় যে গ্ৰীষ্মকালত ইয়াক সেৱন কৰিলে স্বাস্থ্যৰ বাবে উপকাৰী নে? আয়ুৰ্বেদৰ মতে হালধিয়ে গৰমকাৰী হিচাপে কাম কৰে। ইয়াক সেৱন কৰিলে হজম শক্তি বৃদ্ধি হয়, প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে, চৰ্দি-জ্বৰৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে। হালধিয়ে তিনি দোষ যেনে– বাত, পিত্ত আৰু কফৰ মাজত ভাৰসাম্য সৃষ্টিৰ কাম কৰে। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলেও কয় যে অত্যধিক হালধি সেৱনে এই তিনি দোষৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে, যাৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

২. গ্ৰীষ্মকালত হালধি-গাখীৰ খোৱাটো উপকাৰী নে?

যিকোনো সময় আৰু ঋতুতে হালধি-গাখীৰ খাব পাৰি। অৱশ্যে এই গাখীৰ খোৱাৰ সময়ত ইয়াৰ সঠিক পৰিমাণৰ বিষয়ে সকলোৱে জনা উচিত। কাৰণ অত্যধিক হালধি খালে স্বাস্থ্যৰ ক্ষতিও হ’ব পাৰে। অধিক পৰিমাণে হালধি সেৱনে বমি, মূৰ ঘূৰোৱা, পেটৰ বিষ আৰু শৰীৰৰ বিষ হ’ব পাৰে।

৩. দিনটোত কিমান হালধি খোৱা উচিত?

প্ৰায় এক চতুৰ্থ চামুচ হালধি গাখীৰত মিহলাই খাব পাৰি। গোটেই দিনটোত এক চামুচ পৰ্যন্ত হালধি সেৱন কৰিব পাৰি। গ্ৰীষ্মকালত অধিক পৰিমাণে হালধি খালে শৰীৰৰ ক্ষতি হ’ব পাৰে। সেইবাবেই সীমিত পৰিমাণত সেৱন কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ