--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে সপোনত ভেকুলীকে ধৰি আন বহু জীৱ-জন্তু দেখো৷ কিন্তু সপোনত ভেকুলী দেখাতো ভালনে? সপোনত ভেকুলী দেখাতো অতি উত্তম ফলদায়ক কথা। ভেকুলীয়ে সদায় শুভ ফলকেই প্ৰতিফলিত কৰে। ফেংছুইত সেইবাবে ভেকুলী, ড্রেগন আদি প্রাণীসমূহক শুভ ফলদায়ক প্ৰাণী হিচাপে গণ্য কৰি অহা হৈছে। 

সপোনত যদি আপুনি ভেকুলী দেখে তেন্তে আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন ঘটিব। কেবল ভেকুলীয়েই নহয় সপোনত ৰঙা বাদুলী দেখিলেও একে ফলেই পোৱা যায়। সপোনত যদি সেউজীয়া ভেকুলী দেখে তেন্তে সেয়া অতি ভাল কথা বুলি ফেংছুইয়ে বিবেচনা কৰি আহিছে।
সপোনত হত্যাৰ দৃশ্য দেখিলে : সপোনত হত্যাৰ দৃশ্য দেখাৰ কথাটোক ফেংছুইয়ে ইতিবাচকভাৱে গ্ৰহণ কৰাৰ পৰামৰ্শ দি আহিছে। 

হত্যাকাণ্ডৰ দৃশ্য দেখা লোকজনে মনটো বেয়া কৰিব নালাগে । ইয়াৰ বিপৰীতে তেনে লোকৰ মনত যিবোৰ নেতিবাচক চিন্তাই ক্ৰিয়া কৰি আছে তেনে চিন্তাসমূহ মনৰ পৰা একেবাৰে উলিয়াই দিব লাগে। ফেংছুইৰ মতে সপোনত হত্যাৰ দৃশ্য দেখাৰ অৰ্থ হ'ল মনৰ পৰা নেতিবাচক চিন্তাবোৰক উলিয়াই দিয়া অর্থাৎ তেনে চিন্তাক হত্যা কৰা ।

সপোনত পৰ্বত দেখিলেঃ ফেংছুইৰ মতে সপোনত পৰ্বত-পাহাৰ আদি দেখাটো শুভ ফলদায়ক কথা। পৰ্বত-পাহাৰে সদায় ইতিবাচক কথাকেই প্রতিফলিত কৰে। পৰ্বত-পাহাৰ বগোৱা দেখা লোকজনৰ নতুন কামৰ সংযোগ ঘটে। তেনে লোকে পূৰ্বৰে পৰা কৰি থকা কামটো উন্নতি লাভ কৰিবলৈ সক্ষম হয়। সেয়ে পৰ্বত দেখাটো ফেংছুইৰ মতে ইতিবাচক কথা ।

সপোনত হাই-কাজিয়া দেখিলে : সপোনত হাই-কাজিয়া দেখাটো বৰ এটা ভাল কথা নহয় ৷ এনে সপোনে সপোন দেখাজনৰ মনত নেতিবাচক ক্ৰিয়াৰ সৃষ্টি কৰে। হাই-কাজিয়াৰ দেখিলে সেয়ে সদায় আনৰ সৈতে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেই বিষয়ত সজাগ হ'ব লাগে ।

সপোনত সাপ দেখিলে : সপোনত সাপ দেখিলে বৰ এটা ইতিবাচক কথা নহয়। সাপ দেখিলে বাস্তৱ জীৱনত বিপদ হোৱাৰ আশংকা থাকে। সপোনত যদি সাপ মৰা দেখা হয় অথবা কোনো দুৰ্ঘটনাত সাপ মৰি যোৱা দেখে তেন্তে সেয়া ভাল কথা নহয়। সপোনত সাপ দেখিলে সেয়ে বাস্তৱ জীৱনত যাতে কোনো দুর্ঘটনা অথবা আন অপায়-অমংগল নহয় সেই বিষয়ত সতৰ্ক হৈ থাকিব লাগে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা