--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে সপোনত ভেকুলীকে ধৰি আন বহু জীৱ-জন্তু দেখো৷ কিন্তু সপোনত ভেকুলী দেখাতো ভালনে? সপোনত ভেকুলী দেখাতো অতি উত্তম ফলদায়ক কথা। ভেকুলীয়ে সদায় শুভ ফলকেই প্ৰতিফলিত কৰে। ফেংছুইত সেইবাবে ভেকুলী, ড্রেগন আদি প্রাণীসমূহক শুভ ফলদায়ক প্ৰাণী হিচাপে গণ্য কৰি অহা হৈছে। 

সপোনত যদি আপুনি ভেকুলী দেখে তেন্তে আপোনাৰ হাতলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন ঘটিব। কেবল ভেকুলীয়েই নহয় সপোনত ৰঙা বাদুলী দেখিলেও একে ফলেই পোৱা যায়। সপোনত যদি সেউজীয়া ভেকুলী দেখে তেন্তে সেয়া অতি ভাল কথা বুলি ফেংছুইয়ে বিবেচনা কৰি আহিছে।
সপোনত হত্যাৰ দৃশ্য দেখিলে : সপোনত হত্যাৰ দৃশ্য দেখাৰ কথাটোক ফেংছুইয়ে ইতিবাচকভাৱে গ্ৰহণ কৰাৰ পৰামৰ্শ দি আহিছে। 

হত্যাকাণ্ডৰ দৃশ্য দেখা লোকজনে মনটো বেয়া কৰিব নালাগে । ইয়াৰ বিপৰীতে তেনে লোকৰ মনত যিবোৰ নেতিবাচক চিন্তাই ক্ৰিয়া কৰি আছে তেনে চিন্তাসমূহ মনৰ পৰা একেবাৰে উলিয়াই দিব লাগে। ফেংছুইৰ মতে সপোনত হত্যাৰ দৃশ্য দেখাৰ অৰ্থ হ'ল মনৰ পৰা নেতিবাচক চিন্তাবোৰক উলিয়াই দিয়া অর্থাৎ তেনে চিন্তাক হত্যা কৰা ।

সপোনত পৰ্বত দেখিলেঃ ফেংছুইৰ মতে সপোনত পৰ্বত-পাহাৰ আদি দেখাটো শুভ ফলদায়ক কথা। পৰ্বত-পাহাৰে সদায় ইতিবাচক কথাকেই প্রতিফলিত কৰে। পৰ্বত-পাহাৰ বগোৱা দেখা লোকজনৰ নতুন কামৰ সংযোগ ঘটে। তেনে লোকে পূৰ্বৰে পৰা কৰি থকা কামটো উন্নতি লাভ কৰিবলৈ সক্ষম হয়। সেয়ে পৰ্বত দেখাটো ফেংছুইৰ মতে ইতিবাচক কথা ।

সপোনত হাই-কাজিয়া দেখিলে : সপোনত হাই-কাজিয়া দেখাটো বৰ এটা ভাল কথা নহয় ৷ এনে সপোনে সপোন দেখাজনৰ মনত নেতিবাচক ক্ৰিয়াৰ সৃষ্টি কৰে। হাই-কাজিয়াৰ দেখিলে সেয়ে সদায় আনৰ সৈতে যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেই বিষয়ত সজাগ হ'ব লাগে ।

সপোনত সাপ দেখিলে : সপোনত সাপ দেখিলে বৰ এটা ইতিবাচক কথা নহয়। সাপ দেখিলে বাস্তৱ জীৱনত বিপদ হোৱাৰ আশংকা থাকে। সপোনত যদি সাপ মৰা দেখা হয় অথবা কোনো দুৰ্ঘটনাত সাপ মৰি যোৱা দেখে তেন্তে সেয়া ভাল কথা নহয়। সপোনত সাপ দেখিলে সেয়ে বাস্তৱ জীৱনত যাতে কোনো দুর্ঘটনা অথবা আন অপায়-অমংগল নহয় সেই বিষয়ত সতৰ্ক হৈ থাকিব লাগে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ