--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কিত ইছ্যু মানে বলীউড অভিনেত্ৰী কংগনা ৰানাৱট। বলীউডত নেপটিজিম, নিজৰ বিবাহ-প্ৰেম, মন্দিৰ-মছজিদ ইত্যাদি নানা বিষয়ত বিতৰ্কিত মন্তব্য কৰি আহিছে কংগনাই। সকলো কথাতে বিশেষজ্ঞৰ দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা যায় বলীউড ‘কনট্ৰ’ভাৰ্ছী কুইন’ক। এইবাৰ জ্ঞানবাপী মছজিদত শিৱ লিংগৰ অস্তিত্বক লৈ বিভিন্ন আলোচনা আৰু সমালোচনা চলি থকাৰ মাজতে কংগনাই নিজৰ মতামত আগবঢ়ায়। এইবাৰ কংগনাৰ মুখত ‘দাৰ্শনিক’ৰ বচন। 'গেংষ্টাৰ' গাৰ্লৰ কথাত, ‘শিৱ নিৰাকাৰ, প্ৰতিটো কোণতে আছে তেওঁৰ অস্তিত্ব।’

কংগনা ৰানাউট আৰু তেওঁৰ দুই সহ অভিনেতা অৰ্জুন ৰামপাল আৰু দিব্য দত্তই বুধবাৰে বাৰাণসীলৈ গৈছিল তেওঁৰ আগন্তুক ছবি ‘ধাকড়’ৰ প্ৰচাৰৰ বাবে। তাতে তেওঁ বাৰাণসীৰ মন্দিৰত পূজা কৰা দেখিবলৈ পোৱা যায়।

ইয়াৰ পাছতে সাংবাদিকসকলে তেওঁক জ্ঞানবাপী মছজিদত শিৱ লিংগৰ অস্তিত্ব তথা আদালতৰ ভিডিঅ’গ্ৰাফী নিৰ্দেশনাক লৈ প্ৰশ্ন উত্থাপন কৰে। গৰম কংগনাৰ গৰম উত্তৰ – ‘মথুৰাত সকলোতে ভগৱান কৃষ্ণ, অযোধ্যাৰ প্ৰতিটো কোণে কোণে ভগৱান ৰাম আৰু কাশীৰ প্ৰতিটো কোণতে ভগৱান শিৱ বিৰাজমান। ইয়াত তেওঁলোকৰ আকাৰৰ কোনো প্ৰয়োজন নাই, প্ৰতিটো বস্তুতে অস্তিত্ব বিৰাজমান।’ 

বলীউডৰ বিতৰ্কিত অভিনেত্ৰীগৰাকীৰ এনে ‘দাৰ্শনিক’ তত্ত্ব শুনি আচৰিত হৈ পৰিছে সকলো। জ্ঞানবাপী মছজিদক লৈ বিতৰ্ক হৈ থকা অৱস্থাত কংগনাৰ মন্তব্যই আচলতে কিহৰ ইংগিত বহন কৰিছে? 

প্ৰসংগক্ৰমে বাৰাণসী অসামৰিক আদালতৰ নিৰ্দেশ মৰ্মে বাৰাণসীৰ জ্ঞানবাপী মছজিদত ভিডিঅ’গ্ৰাফী চলি আছিল। সেই ভিডিঅ’গ্ৰাফীত মছজিদৰ ভিতৰৰ পানীত এটা শিৱলিং আছে। সেই তথ্য আদালতৰ ওচৰত দাখিল কৰিছিল অধিবক্তা বিষ্ণু জৈনে। ইয়াৰ পিছতে নিম্ন আদালতে জলাশয়টোৰ চাৰিওফালে থকা অঞ্চলটো ছীল কৰিবলৈ নিৰ্দেশ দিয়ে। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়েও একে নিৰ্দেশ দিয়া দেখা গৈছিল। কিন্তু মছজিদত নামাজ বন্ধ কৰিব নোৱাৰিব বুলিও ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে। মছজিদৰ ভিতৰত হোৱা ভিডিঅ’ জৰীপৰ প্ৰতিবেদন শুকুৰবাৰে পুৱা এটা ছীল কৰা খামত বাৰাণসী আদালতত দাখিল কৰা হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে আজি বিচাৰ প্ৰক্ৰিয়া আগ নাবাঢ়িল। অহা শুকুৰবাৰে এই সন্দৰ্ভত দুয়োখন আদালততে পৰৱৰ্তী শুনানি প্ৰক্ৰিয়া গ্ৰহণ কৰিব বুলি সদৰী কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন