--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কিত ইছ্যু মানে বলীউড অভিনেত্ৰী কংগনা ৰানাৱট। বলীউডত নেপটিজিম, নিজৰ বিবাহ-প্ৰেম, মন্দিৰ-মছজিদ ইত্যাদি নানা বিষয়ত বিতৰ্কিত মন্তব্য কৰি আহিছে কংগনাই। সকলো কথাতে বিশেষজ্ঞৰ দৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা যায় বলীউড ‘কনট্ৰ’ভাৰ্ছী কুইন’ক। এইবাৰ জ্ঞানবাপী মছজিদত শিৱ লিংগৰ অস্তিত্বক লৈ বিভিন্ন আলোচনা আৰু সমালোচনা চলি থকাৰ মাজতে কংগনাই নিজৰ মতামত আগবঢ়ায়। এইবাৰ কংগনাৰ মুখত ‘দাৰ্শনিক’ৰ বচন। 'গেংষ্টাৰ' গাৰ্লৰ কথাত, ‘শিৱ নিৰাকাৰ, প্ৰতিটো কোণতে আছে তেওঁৰ অস্তিত্ব।’

কংগনা ৰানাউট আৰু তেওঁৰ দুই সহ অভিনেতা অৰ্জুন ৰামপাল আৰু দিব্য দত্তই বুধবাৰে বাৰাণসীলৈ গৈছিল তেওঁৰ আগন্তুক ছবি ‘ধাকড়’ৰ প্ৰচাৰৰ বাবে। তাতে তেওঁ বাৰাণসীৰ মন্দিৰত পূজা কৰা দেখিবলৈ পোৱা যায়।

ইয়াৰ পাছতে সাংবাদিকসকলে তেওঁক জ্ঞানবাপী মছজিদত শিৱ লিংগৰ অস্তিত্ব তথা আদালতৰ ভিডিঅ’গ্ৰাফী নিৰ্দেশনাক লৈ প্ৰশ্ন উত্থাপন কৰে। গৰম কংগনাৰ গৰম উত্তৰ – ‘মথুৰাত সকলোতে ভগৱান কৃষ্ণ, অযোধ্যাৰ প্ৰতিটো কোণে কোণে ভগৱান ৰাম আৰু কাশীৰ প্ৰতিটো কোণতে ভগৱান শিৱ বিৰাজমান। ইয়াত তেওঁলোকৰ আকাৰৰ কোনো প্ৰয়োজন নাই, প্ৰতিটো বস্তুতে অস্তিত্ব বিৰাজমান।’ 

বলীউডৰ বিতৰ্কিত অভিনেত্ৰীগৰাকীৰ এনে ‘দাৰ্শনিক’ তত্ত্ব শুনি আচৰিত হৈ পৰিছে সকলো। জ্ঞানবাপী মছজিদক লৈ বিতৰ্ক হৈ থকা অৱস্থাত কংগনাৰ মন্তব্যই আচলতে কিহৰ ইংগিত বহন কৰিছে? 

প্ৰসংগক্ৰমে বাৰাণসী অসামৰিক আদালতৰ নিৰ্দেশ মৰ্মে বাৰাণসীৰ জ্ঞানবাপী মছজিদত ভিডিঅ’গ্ৰাফী চলি আছিল। সেই ভিডিঅ’গ্ৰাফীত মছজিদৰ ভিতৰৰ পানীত এটা শিৱলিং আছে। সেই তথ্য আদালতৰ ওচৰত দাখিল কৰিছিল অধিবক্তা বিষ্ণু জৈনে। ইয়াৰ পিছতে নিম্ন আদালতে জলাশয়টোৰ চাৰিওফালে থকা অঞ্চলটো ছীল কৰিবলৈ নিৰ্দেশ দিয়ে। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়েও একে নিৰ্দেশ দিয়া দেখা গৈছিল। কিন্তু মছজিদত নামাজ বন্ধ কৰিব নোৱাৰিব বুলিও ৰায় দিয়ে উচ্চতম ন্যায়ালয়ে। মছজিদৰ ভিতৰত হোৱা ভিডিঅ’ জৰীপৰ প্ৰতিবেদন শুকুৰবাৰে পুৱা এটা ছীল কৰা খামত বাৰাণসী আদালতত দাখিল কৰা হৈছিল। কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে আজি বিচাৰ প্ৰক্ৰিয়া আগ নাবাঢ়িল। অহা শুকুৰবাৰে এই সন্দৰ্ভত দুয়োখন আদালততে পৰৱৰ্তী শুনানি প্ৰক্ৰিয়া গ্ৰহণ কৰিব বুলি সদৰী কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ