--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত কুঁহিয়াৰৰ ৰস খাব লাগে। ই সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ পক্ষে লাভদায়ক। কুঁহিয়াৰ ৰসত কেলচিয়াম, ক্ৰমিয়াম, কোবাল্ট, ক'পাৰ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটেছিয়াম আৰু জিংক আদি থাকে। ইয়াৰ উপৰি ইয়াত ভিটামিন-এ,বি-1,বি-2,বি-3,বি-5,বি-6 আৰু ভিটামিন-চিৰ লগতে এণ্টি-অক্সিডেণ্ট, প্ৰ’টিন আৰু খাদ্য পাচক ফাইবাৰো উপলব্ধ। 

আহকচোন জানো কুঁহিয়াৰ ৰসৰ উপকাৰিতাৰ বিষয়ে

১) কুঁহিয়াৰৰ ৰসত যথেষ্ট পৰিমাণে আইৰণ থাকে। ৰক্তহীনতাত ভুগা মানুহে কুঁহিয়াৰ ৰস খালে যথেষ্ট উপকাৰ লাভ কৰে।

২) কুঁহিয়াৰৰ ৰস গ্লুক’জৰ অতি ভাল উৎস, যাৰ বাবে ই শৰীৰক হাইড্রেট কৰি ৰখাৰ লগতে এনাৰ্জী বুষ্টাৰৰ কাম কৰে।

৩) ডায়েবেটিছৰ পৰা দূৰত ৰাখে। 

৪) কুঁহিয়াৰৰ ৰস পানে কেন্সাৰজনিত ভাইৰাছৰ শংকা কম কৰি ৰাখে, বিশেষভাৱে মহিলাসকলৰ মাজত অধিক পৰিমাণত দেখিবলৈ পোৱা ব্ৰেষ্ট আৰু প্ৰোষ্টেট কেন্সাৰৰ সম্ভাৱনা কম কৰি ৰাখে।

৫) কিডনী সুৰক্ষিত কৰি ৰাখে। গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী, টেক্ট ইনফেকচন, এচিডিটী আৰু জ্বলন সমস্যাবোৰ কুঁহিয়াৰৰ ৰস পান কৰি দূৰ কৰিব পাৰে।

৬) এন্টি-অক্সিডেণ্টৰ কাম কৰে। যিয়ে বিভিন্ন প্রকাৰৰ ইনফেকচনৰ বাবে দেহৰ ইমিউনিটী ছিষ্টেম সবল কৰি ৰাখে।

৭) খাদ্যৰ পাচন ঠিক ৰাখে। পেটৰ বিভিন্ন প্রকাৰৰ ইনফেকচনৰ পৰা বচোৱাৰ লগতে তাক কেন্সাৰ, গেছ বদহজম, পেটৰ জ্বলন আদি সমস্যাৰ পৰাও দূৰত ৰাখে।

৮) দাঁতৰ সমস্যা দূৰ কৰে। মুখৰ দুৰ্গন্ধৰ সমস্যা বা দাঁতৰ আলুৰ লগত জড়িত বিভিন্ন সমস্যা, আনকি দাঁতৰ লগত জড়িত সকলো ৰোগ দূৰ কৰি ৰখাত কুঁহিয়াৰৰ ৰস অতি উপযোগী।

৯) নখসমূহ মজবুত কৰি ৰাখে।

১০) ছালৰ দাগ দূৰ কৰাত সহায় কৰে।কুঁহিয়াৰৰ ৰস ছালত লগালে বিভিন্ন প্রকাৰৰ চৰ্মৰোগৰ সমস্যা দূৰ হয়।

১১) জণ্ডিচ ৰোগীসকলৰ বাবে কুঁহিয়াৰৰ ৰস অতি প্রয়োজনীয়।

১২) কুঁহিয়াৰ ৰস সদায় একোবাৰ খাব পাৰিলে প্ৰসূতিৰ স্তনত গাখীৰ বৃদ্ধি হয়।

১৩) কুঁহিয়াৰ ৰস প্ৰতিদিনে দুবাৰকৈ পান কৰিলে কিডনিৰ পাথৰ গলি প্ৰস্ৰাৱৰ সৈতে ওলাই যাব পাৰে।

১৪) গৰমৰ দিনত ইয়াক পান কৰিলে অতি সোনকালে শক্তি পোৱা যায়। ভাগৰ ভাৱ দূৰ হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ