--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গৰমৰ দিনত কুঁহিয়াৰৰ ৰস খাব লাগে। ই সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ পক্ষে লাভদায়ক। কুঁহিয়াৰ ৰসত কেলচিয়াম, ক্ৰমিয়াম, কোবাল্ট, ক'পাৰ, মেগনেছিয়াম, মেংগানিজ, ফছফৰাছ, পটেছিয়াম আৰু জিংক আদি থাকে। ইয়াৰ উপৰি ইয়াত ভিটামিন-এ,বি-1,বি-2,বি-3,বি-5,বি-6 আৰু ভিটামিন-চিৰ লগতে এণ্টি-অক্সিডেণ্ট, প্ৰ’টিন আৰু খাদ্য পাচক ফাইবাৰো উপলব্ধ। 

আহকচোন জানো কুঁহিয়াৰ ৰসৰ উপকাৰিতাৰ বিষয়ে

১) কুঁহিয়াৰৰ ৰসত যথেষ্ট পৰিমাণে আইৰণ থাকে। ৰক্তহীনতাত ভুগা মানুহে কুঁহিয়াৰ ৰস খালে যথেষ্ট উপকাৰ লাভ কৰে।

২) কুঁহিয়াৰৰ ৰস গ্লুক’জৰ অতি ভাল উৎস, যাৰ বাবে ই শৰীৰক হাইড্রেট কৰি ৰখাৰ লগতে এনাৰ্জী বুষ্টাৰৰ কাম কৰে।

৩) ডায়েবেটিছৰ পৰা দূৰত ৰাখে। 

৪) কুঁহিয়াৰৰ ৰস পানে কেন্সাৰজনিত ভাইৰাছৰ শংকা কম কৰি ৰাখে, বিশেষভাৱে মহিলাসকলৰ মাজত অধিক পৰিমাণত দেখিবলৈ পোৱা ব্ৰেষ্ট আৰু প্ৰোষ্টেট কেন্সাৰৰ সম্ভাৱনা কম কৰি ৰাখে।

৫) কিডনী সুৰক্ষিত কৰি ৰাখে। গৰমৰ দিনত মহিলাসকলে ভোগা ইউৰিনেৰী, টেক্ট ইনফেকচন, এচিডিটী আৰু জ্বলন সমস্যাবোৰ কুঁহিয়াৰৰ ৰস পান কৰি দূৰ কৰিব পাৰে।

৬) এন্টি-অক্সিডেণ্টৰ কাম কৰে। যিয়ে বিভিন্ন প্রকাৰৰ ইনফেকচনৰ বাবে দেহৰ ইমিউনিটী ছিষ্টেম সবল কৰি ৰাখে।

৭) খাদ্যৰ পাচন ঠিক ৰাখে। পেটৰ বিভিন্ন প্রকাৰৰ ইনফেকচনৰ পৰা বচোৱাৰ লগতে তাক কেন্সাৰ, গেছ বদহজম, পেটৰ জ্বলন আদি সমস্যাৰ পৰাও দূৰত ৰাখে।

৮) দাঁতৰ সমস্যা দূৰ কৰে। মুখৰ দুৰ্গন্ধৰ সমস্যা বা দাঁতৰ আলুৰ লগত জড়িত বিভিন্ন সমস্যা, আনকি দাঁতৰ লগত জড়িত সকলো ৰোগ দূৰ কৰি ৰখাত কুঁহিয়াৰৰ ৰস অতি উপযোগী।

৯) নখসমূহ মজবুত কৰি ৰাখে।

১০) ছালৰ দাগ দূৰ কৰাত সহায় কৰে।কুঁহিয়াৰৰ ৰস ছালত লগালে বিভিন্ন প্রকাৰৰ চৰ্মৰোগৰ সমস্যা দূৰ হয়।

১১) জণ্ডিচ ৰোগীসকলৰ বাবে কুঁহিয়াৰৰ ৰস অতি প্রয়োজনীয়।

১২) কুঁহিয়াৰ ৰস সদায় একোবাৰ খাব পাৰিলে প্ৰসূতিৰ স্তনত গাখীৰ বৃদ্ধি হয়।

১৩) কুঁহিয়াৰ ৰস প্ৰতিদিনে দুবাৰকৈ পান কৰিলে কিডনিৰ পাথৰ গলি প্ৰস্ৰাৱৰ সৈতে ওলাই যাব পাৰে।

১৪) গৰমৰ দিনত ইয়াক পান কৰিলে অতি সোনকালে শক্তি পোৱা যায়। ভাগৰ ভাৱ দূৰ হয়।










FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ