--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইৰয়ড গ্ৰন্থি এটা অতি গুৰুত্বপূৰ্ণ অংগ, যিয়ে আমাৰ শৰীৰৰ বিভিন্ন কাৰ্য্য নিয়ন্ত্ৰণ কৰে। থাইৰয়ডৰ সমস্যাৰ বাবে আমাৰ শৰীৰৰ কাৰ্যক্ষমতা কমি যায়। এনে পৰিস্থিতিত যদি আপুনি খাদ্যত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰে তেন্তে থাইৰয়ডৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। ইয়াত জনাম থাইৰয়ডৰ পৰা হাত সাৰিবলৈ কি কি বস্তু সেৱন কৰিব লাগে?

থাইৰয়ড ৰোগীৰ বাবে উত্তম খাদ্য

আপেলঃ আপেলত পেক্টিন নামৰ আঁহ থাকে, যিয়ে থাইৰয়ড হৰম’নৰ মাত্ৰা ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। আপেল সেৱন কৰিলে থাইৰয়ডৰ সমস্যাত সকাহ পোৱা যায়।

ব্ৰাউন ৰাইচ: ব্ৰাউন ৰাইচত থাইৰয়ডৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যেনে- চেলেনিয়াম, জিংক আৰু আইৰণ থাকে। এই খনিজ পদাৰ্থৰ উপস্থিতিৰ বাবে থাইৰয়ড ৰোগীৰ বাবে ব্ৰাউন ৰাইচ ভাল।

বাদাম: আলমণ্ড, আখৰোট, ব্ৰাজিল বাদাম থাইৰয়ডৰ বাবে ভাল, কিয়নো ইয়াত চেলেনিয়াম আৰু জিংকৰ দৰে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ থাকে। বাদাম খালে থাইৰয়ডৰ সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰি।

দৈঃ দৈত প্ৰ’বায়’টিক থাকে, যিয়ে আপোনাৰ অন্ত্ৰত সুস্থ বেক্টেৰিয়াক প্ৰসাৰিত কৰে। ই থাইৰয়ডৰ সমস্যা কমোৱাত সহায় কৰে।

লগতে নিয়মিত ব্যায়াম আৰু মানসিক চাপমুক্ত জীৱনশৈলী গ্ৰহণ কৰিলেও থাইৰয়ডৰ সমস্যাৰ উন্নতি হ’ব পাৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ