--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুদিন পূৰ্বে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰা গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই পৰিছে সমস্যাত। গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ বিৰুদ্ধে কপিৰাইট উলংঘনৰ গোচৰ ৰুজু কৰা হৈছে। মুম্বাইত কপিৰাইট আইনৰ অধীনত সুন্দৰ পিচাইৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। বলীউডৰ চলচ্চিত্ৰ পৰিচালক সুনীল দৰ্শনে মহাৰাষ্ট্ৰৰ এখন আদালতৰ নিৰ্দেশত সুন্দৰ পিচাই আৰু কোম্পানীৰ আন পাঁচজন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সুনীল দৰ্শনে অভিযোগ কৰা অনুসৰি গুগলে তেওঁৰ ছবি 'এক হাছিনা থি এক দিৱানা থাৰ' কপিৰাইট অবিহনে ইউটিউবত আপলোড কৰিছে। ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মত ছবিখন আপলোড কৰি কেইবাজনো লোকে ধন উপাৰ্জন কৰিছে। যাৰ ফলত তেওঁ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত আন্ধেৰী পূব এমআইডিচি আৰক্ষী থানাত কপিৰাইট উলংঘন আইন, 1957-ৰ ধাৰা 51, 63 আৰু 69 ৰ অধীনত এজাহাৰ দাখিল কৰিছে সুনীল দৰ্শনে। সুনীল দৰ্শনে কয়, "মই চিনেমাখন ক'তো আপলোড কৰা নাই বা পৃথিৱীৰ কাকো বিক্ৰী কৰা নাই, মোৰ ছবিখন ইউটিউবত লাখ লাখ বাৰ চোৱা হৈছে। মই যোৱা কেইবাবছৰ ধৰি ইউটিউবক এই কথাটো জনাই আহিছোঁ কিন্তু এতিয়ালৈকে মই কোনো সঁহাৰি পোৱা নাই। ছবিখন ইউটিউবত আপলোড হোৱাৰ বাবে ইয়াক লাখ লাখ বাৰ চোৱা হৈছে, যাৰ ফলত মোৰ বৃহৎ ক্ষতি হৈছে। মই গুগলক ইউটিউবৰ পৰা এই ছবিখন আঁতৰাবলৈ অনুৰোধ কৰি আছিলো কিন্তু শেষত যেতিয়া মই কোনো সঁহাৰি পোৱা নাছিলো মোৰ কোনো বিকল্প বাকী নাছিল আৰু মই আদালতৰ কাষ চাপিব লগা হয়।'' তেওঁ কৈছিল যে আদালতে তেওঁৰ পক্ষত থাকি আৰক্ষীক এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে। গোচৰটোত সুনীলৰ অধিবক্তাই কয় যে ''এক হাছিনা থি এক দিৱানা থা চলচ্চিত্ৰখনৰ অধিকাৰ কেৱল সুনীল দৰ্শনৰ ওচৰত আছে। এনে পৰিস্থিতিত সুনীলৰ বাহিৰে আন কাৰো এই ছবিখন আপলোড কৰাৰ অধিকাৰ নাই।'' পৰৱৰ্তী সময়ত সুন্দৰ পিচাইৰ লগতে আন পাঁচজন বিষয়াৰ বিৰুদ্ধে কপিৰাইট উলংঘনৰ গোচৰত আদালতে কি ৰায় দিয়ে সেয়াহে হ'ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি