--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দুদিন পূৰ্বে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ লাভ কৰা গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই পৰিছে সমস্যাত। গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইৰ বিৰুদ্ধে কপিৰাইট উলংঘনৰ গোচৰ ৰুজু কৰা হৈছে। মুম্বাইত কপিৰাইট আইনৰ অধীনত সুন্দৰ পিচাইৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে। বলীউডৰ চলচ্চিত্ৰ পৰিচালক সুনীল দৰ্শনে মহাৰাষ্ট্ৰৰ এখন আদালতৰ নিৰ্দেশত সুন্দৰ পিচাই আৰু কোম্পানীৰ আন পাঁচজন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সুনীল দৰ্শনে অভিযোগ কৰা অনুসৰি গুগলে তেওঁৰ ছবি 'এক হাছিনা থি এক দিৱানা থাৰ' কপিৰাইট অবিহনে ইউটিউবত আপলোড কৰিছে। ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্মত ছবিখন আপলোড কৰি কেইবাজনো লোকে ধন উপাৰ্জন কৰিছে। যাৰ ফলত তেওঁ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত আন্ধেৰী পূব এমআইডিচি আৰক্ষী থানাত কপিৰাইট উলংঘন আইন, 1957-ৰ ধাৰা 51, 63 আৰু 69 ৰ অধীনত এজাহাৰ দাখিল কৰিছে সুনীল দৰ্শনে। সুনীল দৰ্শনে কয়, "মই চিনেমাখন ক'তো আপলোড কৰা নাই বা পৃথিৱীৰ কাকো বিক্ৰী কৰা নাই, মোৰ ছবিখন ইউটিউবত লাখ লাখ বাৰ চোৱা হৈছে। মই যোৱা কেইবাবছৰ ধৰি ইউটিউবক এই কথাটো জনাই আহিছোঁ কিন্তু এতিয়ালৈকে মই কোনো সঁহাৰি পোৱা নাই। ছবিখন ইউটিউবত আপলোড হোৱাৰ বাবে ইয়াক লাখ লাখ বাৰ চোৱা হৈছে, যাৰ ফলত মোৰ বৃহৎ ক্ষতি হৈছে। মই গুগলক ইউটিউবৰ পৰা এই ছবিখন আঁতৰাবলৈ অনুৰোধ কৰি আছিলো কিন্তু শেষত যেতিয়া মই কোনো সঁহাৰি পোৱা নাছিলো মোৰ কোনো বিকল্প বাকী নাছিল আৰু মই আদালতৰ কাষ চাপিব লগা হয়।'' তেওঁ কৈছিল যে আদালতে তেওঁৰ পক্ষত থাকি আৰক্ষীক এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশ দিছে। গোচৰটোত সুনীলৰ অধিবক্তাই কয় যে ''এক হাছিনা থি এক দিৱানা থা চলচ্চিত্ৰখনৰ অধিকাৰ কেৱল সুনীল দৰ্শনৰ ওচৰত আছে। এনে পৰিস্থিতিত সুনীলৰ বাহিৰে আন কাৰো এই ছবিখন আপলোড কৰাৰ অধিকাৰ নাই।'' পৰৱৰ্তী সময়ত সুন্দৰ পিচাইৰ লগতে আন পাঁচজন বিষয়াৰ বিৰুদ্ধে কপিৰাইট উলংঘনৰ গোচৰত আদালতে কি ৰায় দিয়ে সেয়াহে হ'ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক