--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ এক অপ্ৰমাদী নিদৰ্শনৰ নিৰ্মল প্ৰকাশ হৈছে গংগা নৈ। এই নৈখনক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে নানা ৰূপকথাৰ। বুৰঞ্জীৰ পাততো গংগাক লৈ সৃষ্টি হৈছে অগণিত গল্পকথাৰ। ভাৰতীয় সমাজ জীৱনৰ সৈতে সংপৃক্ত, যাউতীযুগীয়া পৰিচয় বহন কৰি অহা এই নৈখনে এতিয়া চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰা দেখা গৈছে। নিৰৱধি বৈ থকা নিৰ্মলা গংগা আজি হৈ পৰিছে দূষিত! বহু বছৰধৰি বিয়পি থকা আৱৰ্জনাই সম্প্ৰতি কাল অমানিশা নমাই আনিছে পৱিত্ৰ গংগালৈ। নৈখন পৰিষ্কাৰৰ বাবে প্ৰস্তুত কৰা এলানি অভিযান আৰু প্ৰকল্পবোৰ এতিয়া ৰাজনৈতিক নেতাসকলৰ মাইক্ৰ'ফোন আৰু নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰৰ পৰা ভুৱা প্ৰতিশ্ৰুতি হিচাপেহে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে ২০১৫চনত মিছন-ক্লীন গংগাৰ অভিযান আৰম্ভ কৰিছিল। প্ৰকল্পটোৰ বাবে অনুমোদিত ধনৰাশিৰ পৰিমাণ আছিল ২০হেজাৰ কোটি। চৰকাৰী তথ্য অনুসৰি, ৩১০ টা প্ৰকল্পৰ ভিতৰত, অভিযানটোৰ অধীনত কেৱল ১১৬ অৰ্থাত্‍ ৩৭% কাম ২০১৯ চনলৈকে সম্পূৰ্ণ হৈছে। জলসিঞ্চন মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱতে সদৰী কৰিছিল যে, ভৱিষ্যতৰ ব্যয়ৰ হিচাপ অনুসৰি গংগা পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ বাবে আনুমানিক ব্যয়ৰ পৰিমাণ আছিল ২০,০০০ কোটি। মুঠ ৩৪৬ টা প্ৰকল্পৰ নামত ব্যয় হোৱা ধনৰাশিৰ পৰিমাণ ৩০,২৩৫ কোটি।

বিগত কেইবাদিনো ধৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গংগা নৈৰ আশে-পাশেই আছে। তথাপি, তেওঁৰ ভাষণত নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা ‘ক্লিন-মিছন গংগা’ৰ অভিযান সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা নাই। সম্প্ৰতি, উত্তৰ প্ৰদেশৰ পবিত্ৰ চহৰ বাৰাণসীত কাশী-বিশ্বনাথ ক’ৰিডৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনত ব্যস্ত হৈ আছে মোডী। আজিৰ এই পৱিত্ৰক্ষণত প্ৰধানমন্ত্ৰী মোডীয়ে কাল-ভৈৰৱ মন্দিৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি গংগাত গা-ধুৱা দৃশ্যও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা, এই নৈবেদ্য আৰু বিশ্বাসে মানুহৰ সাংস্কৃতিক আৰু ধৰ্মীয় দিশটোকে প্ৰতিফলিত কৰিছে সঁচা,পাছে গংগাৰ কথা ভাবিব কোনে? পৰিস্কাৰ-পৰিচ্ছন্নতাৰ কথা কোৱা চৰকাৰখনৰ কেতবোৰ কাৰ্যকলাপ এতিয়া গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ দেখা দিছে। গংগাক পৰিষ্কাৰ কৰা মানে কেৱল এখন নৈকে পৰিষ্কাৰ কৰা নহয়।

ইয়াৰ সৈতে সংযোজিত হৈ আছে সামাজিক জনজীৱনৰ লগতে কেতবোৰ উপসৰ্গ। স্মৰ্তব্য যে, ভাৰত চৰকাৰে গংগা নদী পৰিষ্কাৰ অভিযান বিগত ৫বছৰৰ পৰাই অব্যাহত আছে বুলি দাবী কৰিছে। ইফালে প্ৰকাশিত প্ৰতিবেদনসমূহে কেৱল নৈখনৰ প্ৰদূষণৰ ওপৰতহে আলোকপাত কৰা বুলি সদৰী কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ দ্বাৰা পৰিচালিত ন্যাস ক্লিন গংগা ফাণ্ড অৰ্থাত্‍ চিজিএফ-এ এই কামৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিবলৈ কোৱা হৈছিল। এইসমিতিখনৰ প্ৰাথমিক কাম আছিল চিজিএফৰ অধীনত গংগা পৰিষ্কাৰ অভিযান প্ৰকল্পৰ অনুমোদন দিয়া। অৱশ্যে, আৰ.টি.আই. প্ৰতিবেদনে প্ৰকাশ কৰা মতে, বছৰ বছৰ ধৰি কোনো ট্ৰাষ্টী পৰিষদৰ মাজত গংগাক কেন্দ্ৰ কৰি কোনো আলোচনা হোৱা নাই। ফলস্বৰূপে, প্ৰকল্পবোৰত অনুমোদন পোৱাত পলম হৈছে আৰু পুঁজি বিতৰণতো হেলেম-হেতেম কৰা বুলি অভিযোগ উত্থাপিত হৈছে। এনে পৰিপ্ৰেক্ষিতত মোডী নেতৃত্বাধীন চৰকাৰখনে ভৱিষ্যতে কিবা ব্যৱস্থা হাতত ল’ব পাৰিবনে? নে পৰিৱৰ্তনমুখী পংক্তিবোৰ পাহৰণিৰ গৰ্ভত জাহ যাব? সেয়াহে হৈ পৰিছে গুৰুত্ৱপূৰ্ণ প্ৰশ্ন…..!


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?