--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ এক অপ্ৰমাদী নিদৰ্শনৰ নিৰ্মল প্ৰকাশ হৈছে গংগা নৈ। এই নৈখনক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে নানা ৰূপকথাৰ। বুৰঞ্জীৰ পাততো গংগাক লৈ সৃষ্টি হৈছে অগণিত গল্পকথাৰ। ভাৰতীয় সমাজ জীৱনৰ সৈতে সংপৃক্ত, যাউতীযুগীয়া পৰিচয় বহন কৰি অহা এই নৈখনে এতিয়া চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰা দেখা গৈছে। নিৰৱধি বৈ থকা নিৰ্মলা গংগা আজি হৈ পৰিছে দূষিত! বহু বছৰধৰি বিয়পি থকা আৱৰ্জনাই সম্প্ৰতি কাল অমানিশা নমাই আনিছে পৱিত্ৰ গংগালৈ। নৈখন পৰিষ্কাৰৰ বাবে প্ৰস্তুত কৰা এলানি অভিযান আৰু প্ৰকল্পবোৰ এতিয়া ৰাজনৈতিক নেতাসকলৰ মাইক্ৰ'ফোন আৰু নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰৰ পৰা ভুৱা প্ৰতিশ্ৰুতি হিচাপেহে পৰিগণিত হোৱা পৰিলক্ষিত হৈছে।

উল্লেখ্য যে, বৰ্তমান শাসনাধিষ্ঠ চৰকাৰখনে ২০১৫চনত মিছন-ক্লীন গংগাৰ অভিযান আৰম্ভ কৰিছিল। প্ৰকল্পটোৰ বাবে অনুমোদিত ধনৰাশিৰ পৰিমাণ আছিল ২০হেজাৰ কোটি। চৰকাৰী তথ্য অনুসৰি, ৩১০ টা প্ৰকল্পৰ ভিতৰত, অভিযানটোৰ অধীনত কেৱল ১১৬ অৰ্থাত্‍ ৩৭% কাম ২০১৯ চনলৈকে সম্পূৰ্ণ হৈছে। জলসিঞ্চন মন্ত্ৰী গজেন্দ্ৰ শ্বেখাৱতে সদৰী কৰিছিল যে, ভৱিষ্যতৰ ব্যয়ৰ হিচাপ অনুসৰি গংগা পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ বাবে আনুমানিক ব্যয়ৰ পৰিমাণ আছিল ২০,০০০ কোটি। মুঠ ৩৪৬ টা প্ৰকল্পৰ নামত ব্যয় হোৱা ধনৰাশিৰ পৰিমাণ ৩০,২৩৫ কোটি।

বিগত কেইবাদিনো ধৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গংগা নৈৰ আশে-পাশেই আছে। তথাপি, তেওঁৰ ভাষণত নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা ‘ক্লিন-মিছন গংগা’ৰ অভিযান সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা নাই। সম্প্ৰতি, উত্তৰ প্ৰদেশৰ পবিত্ৰ চহৰ বাৰাণসীত কাশী-বিশ্বনাথ ক’ৰিডৰৰ প্ৰথম পৰ্যায়ৰ উদ্বোধনত ব্যস্ত হৈ আছে মোডী। আজিৰ এই পৱিত্ৰক্ষণত প্ৰধানমন্ত্ৰী মোডীয়ে কাল-ভৈৰৱ মন্দিৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি গংগাত গা-ধুৱা দৃশ্যও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা, এই নৈবেদ্য আৰু বিশ্বাসে মানুহৰ সাংস্কৃতিক আৰু ধৰ্মীয় দিশটোকে প্ৰতিফলিত কৰিছে সঁচা,পাছে গংগাৰ কথা ভাবিব কোনে? পৰিস্কাৰ-পৰিচ্ছন্নতাৰ কথা কোৱা চৰকাৰখনৰ কেতবোৰ কাৰ্যকলাপ এতিয়া গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয় হৈ দেখা দিছে। গংগাক পৰিষ্কাৰ কৰা মানে কেৱল এখন নৈকে পৰিষ্কাৰ কৰা নহয়।

ইয়াৰ সৈতে সংযোজিত হৈ আছে সামাজিক জনজীৱনৰ লগতে কেতবোৰ উপসৰ্গ। স্মৰ্তব্য যে, ভাৰত চৰকাৰে গংগা নদী পৰিষ্কাৰ অভিযান বিগত ৫বছৰৰ পৰাই অব্যাহত আছে বুলি দাবী কৰিছে। ইফালে প্ৰকাশিত প্ৰতিবেদনসমূহে কেৱল নৈখনৰ প্ৰদূষণৰ ওপৰতহে আলোকপাত কৰা বুলি সদৰী কৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ দ্বাৰা পৰিচালিত ন্যাস ক্লিন গংগা ফাণ্ড অৰ্থাত্‍ চিজিএফ-এ এই কামৰ ওপৰত তীক্ষ্ন নজৰ ৰাখিবলৈ কোৱা হৈছিল। এইসমিতিখনৰ প্ৰাথমিক কাম আছিল চিজিএফৰ অধীনত গংগা পৰিষ্কাৰ অভিযান প্ৰকল্পৰ অনুমোদন দিয়া। অৱশ্যে, আৰ.টি.আই. প্ৰতিবেদনে প্ৰকাশ কৰা মতে, বছৰ বছৰ ধৰি কোনো ট্ৰাষ্টী পৰিষদৰ মাজত গংগাক কেন্দ্ৰ কৰি কোনো আলোচনা হোৱা নাই। ফলস্বৰূপে, প্ৰকল্পবোৰত অনুমোদন পোৱাত পলম হৈছে আৰু পুঁজি বিতৰণতো হেলেম-হেতেম কৰা বুলি অভিযোগ উত্থাপিত হৈছে। এনে পৰিপ্ৰেক্ষিতত মোডী নেতৃত্বাধীন চৰকাৰখনে ভৱিষ্যতে কিবা ব্যৱস্থা হাতত ল’ব পাৰিবনে? নে পৰিৱৰ্তনমুখী পংক্তিবোৰ পাহৰণিৰ গৰ্ভত জাহ যাব? সেয়াহে হৈ পৰিছে গুৰুত্ৱপূৰ্ণ প্ৰশ্ন…..!


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ