--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গোপনীয়তাৰ অধিকাৰ সন্দৰ্ভত দেশৰ বেছিভাগ আদালতৰ স্থিতি সদায় স্পষ্ট হৈ আহিছে। পত্নীয়ে গম নোপোৱাকৈ তেওঁৰ ফোনৰ কল ৰেকৰ্ডিং কৰাটো এক অপৰাধ বুলি মন্তব্য কৰিছে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে। কোনো মানুহৰ যাতে গোপনীয়তা ভংগ নহয় আৰু মানুহৰ মানসিকতা যাতে সলনি হয় তাৰবাবে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে।

আদালতে স্পষ্টকৈ কয় যে পত্নীৰ সন্মতি অবিহনে কলৰ ৰেকৰ্ড কৰাটো পত্নীৰ গোপনীয়তাৰ অধিকাৰৰ উলংঘন। পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ে এগৰাকী পত্নীৰ কল ৰেকৰ্ডিঙৰ ওপৰত পাৰিবাৰিক আদালতৰ আদেশ বাতিল কৰিছে। উল্লেখ্য যে এজন লোকে ২০১৭ চনত পত্নীৰ পৰা বিবাহ বিচ্ছেদ ল'বৰ বাবে ভাটিণ্ডা পাৰিবাৰিক আদালতত আবেদন কৰিছিল। তেওঁলোক ২০০৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ আছে এটি কন্যা সন্তান।

বিবাহ বিচ্ছেদৰ বাবে ভাটিণ্ডা পাৰিবাৰিক আদালতে স্বামীক পত্নীৰ ফোনৰ কল ৰেকৰ্ড কৰিবলৈ কয় যাতে তেওঁৰ পত্নীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ গোচৰত (হিন্দু বিবাহ আইন, ১৯৫৫ ৰ ধাৰা ১৩-ৰ অধীনত) নিষ্ঠুৰতাৰ গোচৰ ৰুজু কৰিব পাৰে। স্বামীয়ে এক পৰিপূৰক শপতনামাৰ সৈতে মোবাইল ফোনৰ কথোপকথনৰ ৰেকৰ্ডিং এখন চিডিত জমা কৰি পাৰিবাৰিক আদালতত দাখিল কৰিছিল। পত্নীয়ে এই কথা গম পাই স্বামীৰ কাৰ্যৰ বিৰুদ্ধে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত এই বিষয়ে আবেদন জনায়।

পত্নীৰ আবেদনৰ ভিত্তিত পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে ভাটিণ্ডা পাৰিবাৰিক আদালতৰ আদেশ খাৰিজ কৰি কয় যে ''গ্ৰহণযোগ্যতা অবিহনে পত্নীৰ কল ৰেকৰ্ড কৰাটো স্পষ্টভাৱে তেওঁৰ গোপনীয়তাৰ উলংঘন। কি পৰিস্থিতিত বাৰ্তালাপ হৈছিল বা কথোপকথনটো ৰেকৰ্ড কৰা ব্যক্তিজনে কেনেদৰে উত্তৰ দিছিল সেয়া মূল্যায়ন কৰিব নোৱাৰি।'' উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক ইতিবাচক সিদ্ধান্ত বুলি বিবেচিত হৈছে।

আৰু পঢ়কঃ মাথোঁ বিয়াৰ খবৰ! কাইলৈ হোমৰ গুৰিত বহিব অংকিতা লোখণ্ডে আৰু বিকি জৈন


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন