--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গোপনীয়তাৰ অধিকাৰ সন্দৰ্ভত দেশৰ বেছিভাগ আদালতৰ স্থিতি সদায় স্পষ্ট হৈ আহিছে। পত্নীয়ে গম নোপোৱাকৈ তেওঁৰ ফোনৰ কল ৰেকৰ্ডিং কৰাটো এক অপৰাধ বুলি মন্তব্য কৰিছে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে। কোনো মানুহৰ যাতে গোপনীয়তা ভংগ নহয় আৰু মানুহৰ মানসিকতা যাতে সলনি হয় তাৰবাবে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে এক ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰে।

আদালতে স্পষ্টকৈ কয় যে পত্নীৰ সন্মতি অবিহনে কলৰ ৰেকৰ্ড কৰাটো পত্নীৰ গোপনীয়তাৰ অধিকাৰৰ উলংঘন। পঞ্জাৱ হাৰিয়ানা উচ্চ ন্যায়ালয়ে এগৰাকী পত্নীৰ কল ৰেকৰ্ডিঙৰ ওপৰত পাৰিবাৰিক আদালতৰ আদেশ বাতিল কৰিছে। উল্লেখ্য যে এজন লোকে ২০১৭ চনত পত্নীৰ পৰা বিবাহ বিচ্ছেদ ল'বৰ বাবে ভাটিণ্ডা পাৰিবাৰিক আদালতত আবেদন কৰিছিল। তেওঁলোক ২০০৯ চনত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ আছে এটি কন্যা সন্তান।

বিবাহ বিচ্ছেদৰ বাবে ভাটিণ্ডা পাৰিবাৰিক আদালতে স্বামীক পত্নীৰ ফোনৰ কল ৰেকৰ্ড কৰিবলৈ কয় যাতে তেওঁৰ পত্নীৰ বিৰুদ্ধে বিবাহ বিচ্ছেদৰ গোচৰত (হিন্দু বিবাহ আইন, ১৯৫৫ ৰ ধাৰা ১৩-ৰ অধীনত) নিষ্ঠুৰতাৰ গোচৰ ৰুজু কৰিব পাৰে। স্বামীয়ে এক পৰিপূৰক শপতনামাৰ সৈতে মোবাইল ফোনৰ কথোপকথনৰ ৰেকৰ্ডিং এখন চিডিত জমা কৰি পাৰিবাৰিক আদালতত দাখিল কৰিছিল। পত্নীয়ে এই কথা গম পাই স্বামীৰ কাৰ্যৰ বিৰুদ্ধে পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ত এই বিষয়ে আবেদন জনায়।

পত্নীৰ আবেদনৰ ভিত্তিত পঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে ভাটিণ্ডা পাৰিবাৰিক আদালতৰ আদেশ খাৰিজ কৰি কয় যে ''গ্ৰহণযোগ্যতা অবিহনে পত্নীৰ কল ৰেকৰ্ড কৰাটো স্পষ্টভাৱে তেওঁৰ গোপনীয়তাৰ উলংঘন। কি পৰিস্থিতিত বাৰ্তালাপ হৈছিল বা কথোপকথনটো ৰেকৰ্ড কৰা ব্যক্তিজনে কেনেদৰে উত্তৰ দিছিল সেয়া মূল্যায়ন কৰিব নোৱাৰি।'' উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক ইতিবাচক সিদ্ধান্ত বুলি বিবেচিত হৈছে।

আৰু পঢ়কঃ মাথোঁ বিয়াৰ খবৰ! কাইলৈ হোমৰ গুৰিত বহিব অংকিতা লোখণ্ডে আৰু বিকি জৈন

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে