--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: যেনিয়ে চায় তেনিয়ে মোদী! ৰাজপথৰ হৰ্ডিঙৰ পৰা ভেকচিনৰ চাৰ্টিফিকেটলৈ… মোদীজীৰ ফটো বাঞ্চনীয়। যিকোনো অনুষ্ঠানত লগোৱা বেনাৰ-পোষ্টাৰত মূল বিষয়বস্তুতকৈ ডাঙৰকৈ লগোৱা হয় প্ৰধানমন্ত্ৰীৰ ফটো। ফটো নহ’লেই যেন আধৰুৱা! এইবাৰ খাদ্যবস্তুৰ পেকেটতো ওলাল আমাৰ ‘বীয়াৰ্ডেড মেন’। লগত আছে নিজৰ কৰ্মকাণ্ডৰ বাবে সংবাদশীৰ্ষত থকা উত্তৰ-প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। নিমখ, ৰিফাইন তেল আৰু চানাৰ পেকেটত সম্বলিত কৰা হ'ল নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথৰ ফটো।

‘দানে দানে মে লিখা হ্যে খানেৱালে কা নাম’, পৰিৱৰ্তনকামী বিজেপি চৰকাৰে বাকী নোৱাৰিলেও পৰিৱৰ্তন কৰিছে এই হিন্দী উক্তিটো। এতিয়া বিজেপিৰ কৰ্মকাণ্ডৰ মতে নতুন উক্তি হৈছে ‘দানে দানে মে লিখা হ্যে খিলানেৱালে কা নাম’! উত্তৰ প্ৰদেশত মোদী চৰকাৰৰ বিনামূলীয়া ৰেচন আঁচনিৰ অধীনত বিতৰণ কৰা হয় খাদ্যসামগ্ৰী। প্ৰায় ৮০,০০০খন দোকানত বিতৰণ কৰা হয় নিমখ, ৰিফাইন তেল আৰু চানাৰ পেকেট। দেওবাৰে বিতৰণ কৰা খাদ্যসামগ্ৰীৰ পেকেটবোৰত সম্বলিত মোদী-যোগীৰ ফটোৱেহে দৃষ্টি কাঢ়িছে সাধাৰণ লোকৰ!

বিগত বৰ্ষত ক’ভিড মহামাৰীৰ সময়ত আৰম্ভ হোৱা আঁচনিখনৰ অধীনত হিতাধিকাৰীক ৫ কেজি অতিৰিক্ত ৰেচন আগবঢ়োৱা হয়। কিন্তু ৰাজ্যখনৰ সমাগত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি চৰকাৰে হিতাধিকাৰীসকলক অতিৰিক্ত এক কেজিকৈ দাইল, নিমখ আৰু চানা আগবঢ়াইছে।

মোদী-যোগীৰ তেল-নিমখে নিৰ্বাচনৰ পাছত কিমানৰ তেল কাঢ়ে সেয়াহে হ’ব লক্ষ্যণীয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন