--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিদেশৰ পৰা অহা লোকৰ ক্ষেত্ৰত কঠোৰ হৈছে স্বাস্থ্য বিভাগ৷ যিসকল লোক বিদেশৰ পৰা ভাৰতলৈ আহিব তেওঁলোকে সাতদিনৰ বাবে ঘৰত কোৱাৰেণ্টাইন হোৱাটো বাধ্যতামূলক৷ অষ্টম দিনা সেই ব্যক্তিয়ে পৰীক্ষা কৰিব লাগিব৷ এই নতুন নিয়ম মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব৷ দেশত ক’ভিড-অ’মিক্ৰন বৃদ্ধিৰ পাছতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা হৈছে এই ব্যৱস্থা৷

বিদেশ ভ্ৰমণ কৰি অহা সকলো যাত্ৰীয়ে সাতদিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু তাৰ পাছত আৰটি-পিচিআৰ পৰীক্ষা কৰিব লাগিব। যদিহে কোনো যাত্ৰী ৰিজাল্ট পজিটিভ আহে তেন্তে তেওঁলোকক পৃথকীকৰণ কৰাৰ লগতে তেওঁলোকৰ নমুনাবোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব।

আনহাতে, তেওঁলোকৰ ওচৰত বহি থকা যাত্ৰীসকল আৰু কেবিন ক্ৰুক পজিটিভ চিনাক্ত হোৱা লোকৰ সম্পৰ্কলৈ অহা বুলি গণ্য কৰা হ’ব। যদিহে নেগেটিভ ৰিজাল্ট আহে তথাপিও যাত্ৰীসকলে “পৰৱৰ্তী সাতদিনৰ বাবে তেওঁলোকৰ স্বাস্থ্য স্ব-নিৰীক্ষণৰ বাবে থাকিব৷”

‘বিপদাশংকা’ত থকা দেশবোৰৰ পৰা অহা লোকসকলৰ বাবেও নিয়মবোৰ একে থাকিব৷ বিগত ২৪ ঘণ্টাত ২৮শতাংশ ক’ভিড সংক্ৰমণ বৃদ্ধিৰ পাছতে ঘোষণা কৰিছে নতুন নিয়মসমূহ৷ জানিব পৰা মতে স্ক্ৰীনিঙৰ সময়ত লক্ষণ পোৱা যাত্ৰীসকলক পৃথক কৰা হ’ব আৰু চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হ’ব। যদি তেওঁলোকৰ দেহত ক’ভিডৰ অৱস্থিতিয়ে দেখা দিয়ে তেতিয়া লগে লগেই তেওঁলোকৰ সম্পৰ্কলৈ অহা লোকক চিনাক্ত কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন