--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বিদেশৰ পৰা অহা লোকৰ ক্ষেত্ৰত কঠোৰ হৈছে স্বাস্থ্য বিভাগ৷ যিসকল লোক বিদেশৰ পৰা ভাৰতলৈ আহিব তেওঁলোকে সাতদিনৰ বাবে ঘৰত কোৱাৰেণ্টাইন হোৱাটো বাধ্যতামূলক৷ অষ্টম দিনা সেই ব্যক্তিয়ে পৰীক্ষা কৰিব লাগিব৷ এই নতুন নিয়ম মঙলবাৰৰ পৰা কাৰ্যকৰী হ’ব৷ দেশত ক’ভিড-অ’মিক্ৰন বৃদ্ধিৰ পাছতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা হৈছে এই ব্যৱস্থা৷

বিদেশ ভ্ৰমণ কৰি অহা সকলো যাত্ৰীয়ে সাতদিনৰ বাবে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব আৰু তাৰ পাছত আৰটি-পিচিআৰ পৰীক্ষা কৰিব লাগিব। যদিহে কোনো যাত্ৰী ৰিজাল্ট পজিটিভ আহে তেন্তে তেওঁলোকক পৃথকীকৰণ কৰাৰ লগতে তেওঁলোকৰ নমুনাবোৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ’ব।

আনহাতে, তেওঁলোকৰ ওচৰত বহি থকা যাত্ৰীসকল আৰু কেবিন ক্ৰুক পজিটিভ চিনাক্ত হোৱা লোকৰ সম্পৰ্কলৈ অহা বুলি গণ্য কৰা হ’ব। যদিহে নেগেটিভ ৰিজাল্ট আহে তথাপিও যাত্ৰীসকলে “পৰৱৰ্তী সাতদিনৰ বাবে তেওঁলোকৰ স্বাস্থ্য স্ব-নিৰীক্ষণৰ বাবে থাকিব৷”

‘বিপদাশংকা’ত থকা দেশবোৰৰ পৰা অহা লোকসকলৰ বাবেও নিয়মবোৰ একে থাকিব৷ বিগত ২৪ ঘণ্টাত ২৮শতাংশ ক’ভিড সংক্ৰমণ বৃদ্ধিৰ পাছতে ঘোষণা কৰিছে নতুন নিয়মসমূহ৷ জানিব পৰা মতে স্ক্ৰীনিঙৰ সময়ত লক্ষণ পোৱা যাত্ৰীসকলক পৃথক কৰা হ’ব আৰু চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হ’ব। যদি তেওঁলোকৰ দেহত ক’ভিডৰ অৱস্থিতিয়ে দেখা দিয়ে তেতিয়া লগে লগেই তেওঁলোকৰ সম্পৰ্কলৈ অহা লোকক চিনাক্ত কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়