--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছতে বিধানসভাৰ মজিয়াত কৈছিল যে, এইখন চৰকাৰে ১ লাখ চাকৰি গণি গণি দিব বুলি কৈছিল আৰু নিযুক্তি দিয়া দিনাখন বিৰোধী দলৰ দলপতিকো উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনাম বুলি কৈছিল। এক লাখতকৈ এটাও কম নহয় বৰং এটা বেছিকেহে চাকৰি দিম। উল্লেখ্য যে, অসমত বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ হ’লে প্রথম বছৰটোতে এক লাখক চাকৰি আৰু পাঁচ বছৰত ১০ লাখ নিৱনুৱাক যুৱক–যুৱতীক জীৱিকাৰ ব্যৱস্থা কৰি দিয়াৰ প্রতিশ্রুতি দিছিল মুখ্যন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই৷


কিন্তু বাস্তৱতে সেই প্ৰতিশ্ৰুতি চৰকাৰখনে কিমান পূৰণ কৰিলে? চৰকাৰখনে কেৱল চাকৰি নামত বিজ্ঞাপন প্ৰকাশ কৰোতে তেওঁলোকৰ দায়িত্ব সামৰিলে বুলি একাংশই ক’ব বিছাৰিছে৷ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এতিয়া শিক্ষকৰ কিছু পদ নিয়মীয়াকৰণ কৰিয়েই যেন সীমাবদ্ধ হৈ আছে৷


ইফালে ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে নিৱনুৱাৰ সংখ্যা৷ কৰ’না, লকডাউনৰ কৰাল গ্ৰাসত পৰি বহুতে হেৰুৱালে জীৱিকাৰ পথ৷ ক’ভিড মহামাৰীয়ে উদ্যেগিক খণ্ডলৈ কেৱল দুৰ্যাগ নমাই অনাই নহয়, সেই খণ্ডৰ লগত জড়িত লোকসকলেও আৰ্থিক লোকচানৰ সন্মুখীন হৈ আত্মহত্যা ঘটনাও পোহৰলৈ আহিছে৷ এই ভয়াৱহ ছবি উন্মোচন হৈছে সংসদৰ শীতকালীন অধিৱেশনত৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তৃণমূলৰ অভিষেক বন্দ্যোপাধ্যায়ৰ প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰণালয়ে এই তথ্য প্ৰকাশ কৰে৷

মহামাৰী কৱলত পৰি দেশৰ ৫৭ লাখ মজলীয়া উদ্যোগ বন্ধ হৈ আছে৷ কিন্তু ইয়াৰ সমাধানৰ বাবে চৰকাৰে আজিলৈকে কোনো হস্ৰম্যাদী বা দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ নকৰিলে৷ অ-চৰকাৰী তথ্য অনুসৰি অসমত বৰ্তমানৰ প্ৰায় ৪০ লাখ নিৱনুৱা আছে, এইসকলৰ ভৱিষ্যতৰ বিষয়ে চৰকাৰে এতিয়ালৈকে কোনো সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ নকৰিলে৷ তদুপৰি চৰকাৰী চাকৰি নিযুক্তিৰ ক্ষেত্ৰত অনিয়ম, দুৰ্নীতি অভিযোগ আছেই, এই ক্ষেত্ৰত শূন্যশহনশীলতা কথা কোৱা চৰকাৰখনক লৈ এতিয়াও ৰাইজৰ মাজত কোনোবাখিনিত সন্দেহ উপজে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ