--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসম মুলুকৰো অৰ্থনৈতিক অৱস্থা একেবাৰে পুতৌলগা৷ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়নৰ কথা যিমানেই নকৱক কিয়, অসমৰ বাস্তৱ ছবিখনৰ কথা সকলোৱে জানে৷ কেৱল প্ৰচাৰ, বিজ্ঞাপনৰ মাজতে চৰকাৰখন এতিয়া সীমাবদ্ধ৷ ইয়াৰ মাজতে উন্মোচন হৈছে এক ভয়ংকৰ তথ্য৷ প্ৰত্যেকজন অসমীয়াৰ বাবে আহি পৰিছে এই দুঃসংবাদ৷

শেহতীয়াকৈ ভাৰতৰ ৰিজাৰ্ভ বেংকে ‘হেণ্ডবুক অব্ ষ্টেটিছটিকছ অন ইণ্ডিয়ান ষ্টেটছ ২০২০-২১ত প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈ অসমৰ মুঠ ঋণৰ পৰিমাণ পৰিমাণ হ’ল ১,০২,৪৭৬ কোটি টকা৷ গতিকে প্ৰতিজন অসমীয়াৰ বিপৰীতে জনমুৰী ঋণৰ পৰিমাণ হ’বগৈ৩২,০২৩.৭৫ টকা৷ গতিকে এই ঋণৰ বোজা পৰিব অসমবাসীৰ ওপৰতে৷ ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বিগত ৩১ মাৰ্চলৈ অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল ৯৩,০৭৫ কোটি টকা৷

২০০৫ৰ ৩১ মাৰ্চৰ পৰা ২০১৬ৰ ৩১ মাৰ্চলৈকে কংগ্ৰেছ চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ আছিল ৫১,১১২ কোটি৷ ইয়াৰ বিপৰীতে ২০১৬ এপ্ৰিলৰ পৰা ২৬ অক্টোবৰ ২০২১লৈ বিজেপিয়ে লোৱা মুঠ ঋণৰ পৰিমাণ হ’ল ৯,৪০০ কোটি টকা৷ ড০ হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালত আটাইতকৈ কমদিনৰ ভিতৰত বেছি ঋণ লোৱা হৈছে বুলি ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰকাশ পাইছে৷


ইফালে ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈও অসম চৰকাৰৰ ঋণৰ প্ৰসংগত সৰব হৈ পৰিছে৷ কালি বিধায়কজনে সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে, অসম চৰকাৰৰ এই ঋণৰ বোজা প্ৰতিজন অসমীয়াৰ ডিঙি পালেগৈ৷ অসমৰ যে অৰ্থনীতি চূড়ান্তভাৱে অৱনমিত হৈছে এই তথ্যই তাৰেই প্ৰমাণ৷

ইফালে চৰকাৰখনে নিযুক্তি-পত্ৰ বিলোৱা নামত বিশাল সভাপতি চৰকাৰী ধন অপচয় কৰা বাবেই এই ঋণৰ পৰিমাণ বাঢ়ি গৈছে বুলি বিধায়কজনে কয়, য’ত নিযুক্তি-পত্ৰখন ঘৰলৈ পঠোৱাৰ ব্যৱস্থা নকৰি, চৰকাৰে প্ৰচাৰৰ নামত কেৱল ৰাইজৰ ধন অপচয় কৰিছে বুলি মন্তব্য কৰিছে বিধায়কজনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ