--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসম মুলুকৰো অৰ্থনৈতিক অৱস্থা একেবাৰে পুতৌলগা৷ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে উন্নয়নৰ কথা যিমানেই নকৱক কিয়, অসমৰ বাস্তৱ ছবিখনৰ কথা সকলোৱে জানে৷ কেৱল প্ৰচাৰ, বিজ্ঞাপনৰ মাজতে চৰকাৰখন এতিয়া সীমাবদ্ধ৷ ইয়াৰ মাজতে উন্মোচন হৈছে এক ভয়ংকৰ তথ্য৷ প্ৰত্যেকজন অসমীয়াৰ বাবে আহি পৰিছে এই দুঃসংবাদ৷

শেহতীয়াকৈ ভাৰতৰ ৰিজাৰ্ভ বেংকে ‘হেণ্ডবুক অব্ ষ্টেটিছটিকছ অন ইণ্ডিয়ান ষ্টেটছ ২০২০-২১ত প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈ অসমৰ মুঠ ঋণৰ পৰিমাণ পৰিমাণ হ’ল ১,০২,৪৭৬ কোটি টকা৷ গতিকে প্ৰতিজন অসমীয়াৰ বিপৰীতে জনমুৰী ঋণৰ পৰিমাণ হ’বগৈ৩২,০২৩.৭৫ টকা৷ গতিকে এই ঋণৰ বোজা পৰিব অসমবাসীৰ ওপৰতে৷ ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বিগত ৩১ মাৰ্চলৈ অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ আছিল ৯৩,০৭৫ কোটি টকা৷

২০০৫ৰ ৩১ মাৰ্চৰ পৰা ২০১৬ৰ ৩১ মাৰ্চলৈকে কংগ্ৰেছ চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ আছিল ৫১,১১২ কোটি৷ ইয়াৰ বিপৰীতে ২০১৬ এপ্ৰিলৰ পৰা ২৬ অক্টোবৰ ২০২১লৈ বিজেপিয়ে লোৱা মুঠ ঋণৰ পৰিমাণ হ’ল ৯,৪০০ কোটি টকা৷ ড০ হিমন্ত বিশ্ব শৰ্মা কাৰ্যকালত আটাইতকৈ কমদিনৰ ভিতৰত বেছি ঋণ লোৱা হৈছে বুলি ৰিজাৰ্ভ বেংকৰ তথ্যত প্ৰকাশ পাইছে৷


ইফালে ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈও অসম চৰকাৰৰ ঋণৰ প্ৰসংগত সৰব হৈ পৰিছে৷ কালি বিধায়কজনে সংবাদ মাধ্যমক উদ্দেশ্যি কয় যে, অসম চৰকাৰৰ এই ঋণৰ বোজা প্ৰতিজন অসমীয়াৰ ডিঙি পালেগৈ৷ অসমৰ যে অৰ্থনীতি চূড়ান্তভাৱে অৱনমিত হৈছে এই তথ্যই তাৰেই প্ৰমাণ৷

ইফালে চৰকাৰখনে নিযুক্তি-পত্ৰ বিলোৱা নামত বিশাল সভাপতি চৰকাৰী ধন অপচয় কৰা বাবেই এই ঋণৰ পৰিমাণ বাঢ়ি গৈছে বুলি বিধায়কজনে কয়, য’ত নিযুক্তি-পত্ৰখন ঘৰলৈ পঠোৱাৰ ব্যৱস্থা নকৰি, চৰকাৰে প্ৰচাৰৰ নামত কেৱল ৰাইজৰ ধন অপচয় কৰিছে বুলি মন্তব্য কৰিছে বিধায়কজনে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু