--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জীয়াই থাকিবলৈ মানুহক কিছু উন্মাদনাৰ প্ৰয়োজন। এই ইন্টাৰনেটৰ যুগত দ্ৰুতগতিত মানুহে হেৰুৱাই পেলাইছে পঠনাভ্যাস । ঘৰত অকলে থাকিলেও মানুহে সংগীৰূপে বেছি পছন্দ কৰে টিভি বা মোবাইল। 

বিশেষকৈ কেৰেলাৰ পায়ান্নুৰ পৌৰসভাই গৃহিণীসকলৰ মাজত গ্ৰন্থ আসক্তি বৃদ্ধি কৰাৰ বাবে উদ্যোগ লৈছে।   গৃহিণীসকলৰ বাবে ঘৰে ঘৰে কিতাপ যোগান ধৰাৰ এক পদক্ষেপ। এই কামৰ বাবে স্বইচ্ছাৰে আগবাঢ়ি আহিছিল ভিপি ৰাধা নামৰ মহিলাগৰাকী। 

কেৰালাৰ ভিতৰুৱা গাঁৱৰ মাজেৰে পিঠিত কিতাপৰ মোনা লৈ তেখেতে হনহনাই দিয়ে। উদ্দেশ্য গাঁৱৰ ভিতৰুৱা অঞ্চলৰ মহিলাসকলৰ বাবে ঘৰে ঘৰে কিতাপ বিলাই ফুৰা ৷ বৰ্তমান ৫৭ বয়সীয়া এই মহিলাগৰাকী নিজেও গ্ৰন্থকীট। ভিপি ৰাধাই এইদৰে ২০০২ বৰ্ষৰ পৰাই নিৰৱিচ্ছিন্নভাৱে পায়ান্নুৰ পৌৰসভাৰ উদ্যোগত এইদৰে গাঁৱৰ মহিলাসকলৰ বাবে কিতাপ বিলাই আহিছে ৷  দুই দশক পাৰ হৈ গৈছে । 


কিতাপ বিলাবলৈ যাওতে কোনোৱে যদি নতুন কিতাপৰ নাম কয়, তেখেতে সেই কিতাপৰ নাম টুকি আনে ৷ নিজৰ কামটো সম্পৰ্কে তেখেতে কয়, “এসময়ত অতিৰিক্ত আৰ্জৰ আশাত এই কামটো কৰিবলৈ আৰম্ভ কৰিছিলো।  এতিয়া ল’ৰা-ছোৱালীও প্ৰায় প্ৰতিষ্ঠিত। আৰু মোৰ এই কামটো দিনে দিনে ভাললগা হৈ উঠিছে ৷”

উল্লেখযোগ্য কথা এয়াই যে, এই কাম কৰিয়েই তেখেতে নিজৰ ছোৱালীক বিয়া দিবলৈও সক্ষম হয়। পুত্ৰয়ো চৰকাৰী চাকৰি পায় ৷ কিন্তু তেওঁলোকে মাকৰ এই কামটোৰ প্ৰতি থকা ভালপোৱাক অনুধাৱন কৰে আৰু সেয়ে কোনোধৰণৰ হকা-বধা নকৰে ৷ 

এতিয়া পুন্নুৰৰ ৰাইজে ৰাধাক “চলমান পাঠাগাৰ” নাম দিছে। প্ৰথমে যদিও গাঁৱৰ মহিলাসকলৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ কম দেখা গৈছিল, এই দুই দশকত ৰাধাৰ নিৰৱিচ্ছিন্ন কষ্টৰ বিনিময়ত পাঠকৰ সংখ্যা লক্ষনীয়ভাৱে বৃদ্ধি হৈছে। ৰাধাৰো বয়স বাঢ়িছে। কোনোবাই কোনোবাই তেখেতক প্ৰশ্ন কৰে, 

- এতিয়াতো আৰু পৰিয়ালত টকা-পইছাৰ অভাৱ নাই ? কামতো কিয় এৰি নিদিয়া ৷

নিৰ্বিকাৰ ৰাধাৰ এটাই উত্তৰ,
- কিতাপৰ গোন্ধ ভাললাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ