--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ জীয়াই থাকিবলৈ মানুহক কিছু উন্মাদনাৰ প্ৰয়োজন। এই ইন্টাৰনেটৰ যুগত দ্ৰুতগতিত মানুহে হেৰুৱাই পেলাইছে পঠনাভ্যাস । ঘৰত অকলে থাকিলেও মানুহে সংগীৰূপে বেছি পছন্দ কৰে টিভি বা মোবাইল। 

বিশেষকৈ কেৰেলাৰ পায়ান্নুৰ পৌৰসভাই গৃহিণীসকলৰ মাজত গ্ৰন্থ আসক্তি বৃদ্ধি কৰাৰ বাবে উদ্যোগ লৈছে।   গৃহিণীসকলৰ বাবে ঘৰে ঘৰে কিতাপ যোগান ধৰাৰ এক পদক্ষেপ। এই কামৰ বাবে স্বইচ্ছাৰে আগবাঢ়ি আহিছিল ভিপি ৰাধা নামৰ মহিলাগৰাকী। 

কেৰালাৰ ভিতৰুৱা গাঁৱৰ মাজেৰে পিঠিত কিতাপৰ মোনা লৈ তেখেতে হনহনাই দিয়ে। উদ্দেশ্য গাঁৱৰ ভিতৰুৱা অঞ্চলৰ মহিলাসকলৰ বাবে ঘৰে ঘৰে কিতাপ বিলাই ফুৰা ৷ বৰ্তমান ৫৭ বয়সীয়া এই মহিলাগৰাকী নিজেও গ্ৰন্থকীট। ভিপি ৰাধাই এইদৰে ২০০২ বৰ্ষৰ পৰাই নিৰৱিচ্ছিন্নভাৱে পায়ান্নুৰ পৌৰসভাৰ উদ্যোগত এইদৰে গাঁৱৰ মহিলাসকলৰ বাবে কিতাপ বিলাই আহিছে ৷  দুই দশক পাৰ হৈ গৈছে । 


কিতাপ বিলাবলৈ যাওতে কোনোৱে যদি নতুন কিতাপৰ নাম কয়, তেখেতে সেই কিতাপৰ নাম টুকি আনে ৷ নিজৰ কামটো সম্পৰ্কে তেখেতে কয়, “এসময়ত অতিৰিক্ত আৰ্জৰ আশাত এই কামটো কৰিবলৈ আৰম্ভ কৰিছিলো।  এতিয়া ল’ৰা-ছোৱালীও প্ৰায় প্ৰতিষ্ঠিত। আৰু মোৰ এই কামটো দিনে দিনে ভাললগা হৈ উঠিছে ৷”

উল্লেখযোগ্য কথা এয়াই যে, এই কাম কৰিয়েই তেখেতে নিজৰ ছোৱালীক বিয়া দিবলৈও সক্ষম হয়। পুত্ৰয়ো চৰকাৰী চাকৰি পায় ৷ কিন্তু তেওঁলোকে মাকৰ এই কামটোৰ প্ৰতি থকা ভালপোৱাক অনুধাৱন কৰে আৰু সেয়ে কোনোধৰণৰ হকা-বধা নকৰে ৷ 

এতিয়া পুন্নুৰৰ ৰাইজে ৰাধাক “চলমান পাঠাগাৰ” নাম দিছে। প্ৰথমে যদিও গাঁৱৰ মহিলাসকলৰ মাজত কিতাপ পঢ়াৰ আগ্ৰহ কম দেখা গৈছিল, এই দুই দশকত ৰাধাৰ নিৰৱিচ্ছিন্ন কষ্টৰ বিনিময়ত পাঠকৰ সংখ্যা লক্ষনীয়ভাৱে বৃদ্ধি হৈছে। ৰাধাৰো বয়স বাঢ়িছে। কোনোবাই কোনোবাই তেখেতক প্ৰশ্ন কৰে, 

- এতিয়াতো আৰু পৰিয়ালত টকা-পইছাৰ অভাৱ নাই ? কামতো কিয় এৰি নিদিয়া ৷

নিৰ্বিকাৰ ৰাধাৰ এটাই উত্তৰ,
- কিতাপৰ গোন্ধ ভাললাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু