--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিঙৰ ৩৭ সংখ্যাক জন্মদিন নিচেই ওচৰত। তেওঁ তেওঁৰ পত্নী দীপিকা পাডুকনৰ সৈতে ৬ জুলাইত এই অনুষ্ঠান উদযাপন কৰিব। কিন্তু বৰ্তমান সময়ত তেওঁ ক'ত আছে তাক লৈ জল্পনা-কল্পনা চলি আছে। ৰণবীৰে ব্যক্তিগত ছুটী কটোৱাৰ বাবে হাৱাই দ্বীপপুঞ্জলৈ গতি কৰিছে। 

কিন্তু দীপিকা এতিয়া ক'ত আছে? এইটো জনা যায় যে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমান চলচ্চিত্ৰ কামত ব্যস্ত আছে। কাম শেষ হোৱাৰ পাছত দীপিকাই ৰণবীৰক লগ কৰিব। ইফালে ৰণবীৰে দীপিকাৰ বাবে যেন অপেক্ষা কৰিব নোৱাৰা হৈছে, তেওঁ বিচাৰে যে দীপিকা সোনকালেই তেওঁৰ ওচৰলৈ ঘূৰি আঁহক।

কিন্তু ৰণবীৰে আমেৰিকালৈ যোৱাৰ আগতে ইংলেণ্ডত অৱতৰণ কৰিছিল। তেওঁ লণ্ডনত আলিয়া ভট্টৰ সৈতে এটা দিন অতিবাহিত কৰিছিল আৰু পুনৰ উৰা মাৰিছিল। হয়তো আলিয়াক শুভেচ্ছা জনোৱাৰ উদ্দেশ্য ৰণবীৰে সেইয়া কৰিলে। ৰণবীৰ সিং আৰু আলিয়াক লণ্ডনত তোলা এখন ফটো কৰণ জোহৰে পোষ্ট কৰিছে। তেওঁৰ পৰিচালিত 'ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী' সোনকালেই মুক্তি পাবলৈ সাজু হৈছে। য'ত আলিয়াক ৰণবীৰৰ বিপৰীতে দেখা যাব। তাৰ আগতে, অভিনেতা আৰু অভিনেত্ৰীগৰাকীয়ে এটা  সৰু পাৰ্টী উদযাপন কৰিছিল। তাৰ পিছত ৰণবীৰ হাৱাইলৈ উৰা মাৰিছে।

এইবাৰ ৰণবীৰৰ অপেক্ষা কেৱল তেওঁৰ পত্নীৰ বাবে। তেওঁৰ এতিয়া বহুত কাম বাকী আছে। নিজৰ জন্মদিনত দীপিকাৰ সৈতে একান্ত ঘনিষ্ঠ মূহুৰ্ত কটাব বিছাৰে ৰণবীৰে। উল্লেখ্য যে দীপিকাক পৰৱৰ্তী সময়ত শ্বাহৰুখ খান আৰু জন আব্ৰাহামৰ সৈতে 'পাঠান'ত দেখা যাব। তাৰ পিছত হৃত্বিক ৰোশনৰ সৈতে 'ফাইটাৰ'ত দেকা যাব!



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু