--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি দলে দিল্লীৰ মচনদ দখল কৰাৰ পাছৰে পৰা দেশৰ ৰাজনীতিত গো-ৰাজনীতিয়ে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। কেৱল গোধনেই নহয়, বিজেপি তথা হিন্দুত্ববাদী মহলৰ কৃপাত গো-মূত্ৰইও এতিয়া বিশেষ মৰ্যাদা তথা স্বীকৃতি লাভ কৰিছে। পিছে বিজেপি তথা হিন্দুত্ববাদী মহলৰ এই গো-প্ৰধান ৰাজনীতিৰ জৰিয়তে কোনোধৰণে উপকৃত হোৱাৰ পথ মুকলি হোৱা নাই সাধাৰণ কৃষিজীৱী জনতাৰ। কেৱল নিজৰ ৰাজনৈতিক মুনাফা লাভৰ বাবেহে বিজেপিকে ধৰি এই হিন্দুত্ববাদী গোটসমূহে গো ৰাজনীতিৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্ব দি আহিছে।

পিছে এই গো ৰাজনীতিৰ সমসাময়িকভাৱে গো পালন কৰা পৰিয়ালসমূহলৈ আহিছে এক আশাৰ বতৰা। কিয়নো ঘৰত পালন কৰা গৰুৰ অযথা পেলনি যোৱা মূত্ৰৰ পৰাও এতিয়া উপাৰ্জনৰ পথ পাইছে গো পালক সকলে। খোদ ৰাজ্য চৰকাৰেই এই গো পালকসকলৰ পৰা ক্ৰয় কৰিব গো-মূত্ৰ। প্ৰতি লিটাৰ গো-মূত্ৰৰ বিনিময়ত গো পালকসকলে লাভ কৰা চাৰি টকাকৈ।

অৱশ্যে এই বিশেষ গো-মূত্ৰ ব্যৱসায় কেৱল ছত্তীশগড় ৰাজ্যৰ গো-পালকসকলৰ বাবেহে উপলব্ধ হ’ব। বিজেপিৰ মুনাফালোভী গো ৰাজনীতিৰ বিপৰীতে এক গণ উপযোগী ব্যৱস্থা হিচাপে ছত্তীশগড়ৰ ভূপেশ বাঘেল নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে শীঘ্ৰেই মুকলি কৰিব অৰ্থ উপাৰ্জনৰ এই নতুন পথ। ইতিমধ্যে ভূপেশ বাঘেল চৰকাৰে গো পালকসকলৰ পৰা গোপৰ ক্ৰয় কৰি দেশৰ প্ৰথমখন গোবৰ ক্ৰয় কৰা চৰকাৰ হিচাপে পৰিগণিত হৈছিল।

এতিয়া গো-মূত্ৰ ক্ৰয়ৰ দ্বাৰা ৰাজ্য চৰকাৰে কৃষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ অগ্ৰসৰ হৈছে। প্ৰতি কিলোগ্ৰামত দুই টকা দৰত কৃষকৰ পৰা গোবৰ ক্ৰয় কৰি কৃষকসকলক উপাৰ্জনৰ অন্য এক উৎস সৃষ্টিৰ নজিৰ সৃষ্টি কৰা বাঘেল চৰকাৰে এতিয়া গৰুৰ মূত্ৰ ক্ৰয়ৰ পৰিকল্পনা কৰিছে। চৰকাৰে ইয়াৰ বাবে প্ৰতি লিটাৰত কমেও চাৰি টকাৰ হাৰ নিৰ্ধাৰণ কৰিছে। ৰাজ্য চৰকাৰৰ এই অভিনৱ আঁচনিখন ২৮ জুলাইৰ পৰা হাৰেলি তিহাৰৰ পৰা আৰম্ভ কৰা হ'ব। প্ৰথম পৰ্যায়ত প্ৰতিখন জিলাৰ দুটা নিৰ্বাচিত স্ব-নিৰ্ভৰশীল গাওথানত গৰুৰ প্ৰস্ৰাৱ সংগ্ৰহ কৰা হ'ব।

উল্লেখ্য যে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত গৰুৰ প্ৰস্ৰাৱ ক্ৰয় কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত কৃষি বিভাগে কামধেনু বিশ্ববিদ্যালয় আৰু ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়ৰ পৰা গৰুৰ প্ৰস্ৰাৱৰ মূল্য সংযোজনৰ ওপৰত এক অধ্যয়ন চলাইছিল। তাৰ পিছতে এই পৰিকল্পনাক পৰ্যায়ক্ৰমে বাস্তৱ ৰূপ দিয়াত অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ। চৰকাৰে এই আঁচনিৰ জৰিয়তে গৰু পালনৰ সৈতে জড়িত লোকসকলৰ উপাৰ্জনৰ উৎস বৃদ্ধি কৰাৰ লগতে জৈৱিক কৃষিৰ প্ৰচাৰ কৰিব বিচাৰে বুলিও উল্লেখ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি ছত্তীশগড় চৰকাৰৰ গোধন ন্যায় মিছনে সকলো সংগ্ৰাহকক গাওথানত গৰুৰ প্ৰস্ৰাৱ ক্ৰয়ৰ বাবে সকলো প্ৰয়োজনীয় প্ৰস্তুতি নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। গোধন ন্যায় মিছনৰ পৰিচালনা সঞ্চালক ড০ আয়াজ তাম্বোলীয়ে জানিবলৈ দিয়া মতে গোথান পৰিচালনা সমিতিয়ে গোধন ন্যায় যোজনাৰ অধীনত লাভ কৰা ধনৰাশি আৰু ইয়াৰ সূতৰ লাভাংশৰ সহায়ত গৰুৰ প্ৰস্ৰাৱ ক্ৰয় কৰিব।

ইয়াৰ বাবে ৰাজ্যখনৰ সকলো জিলাৰ সংগ্ৰাহকসকলে দুটা স্ব-সহায়ক গোট বাছনি কৰিব আৰু গোথান ব্যৱস্থাপনা সমিতিয়ে স্ব-সহায়ক গোটৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে গৰুৰ প্ৰস্ৰাৱ পৰীক্ষাৰ কিট আৰু সামগ্ৰী সংৰক্ষণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব। গোধন ন্যায় মিছনে অতি সোনকালে নিৰ্বাচিত গোথান আৰু স্ব-সহায়ক গোটৰ তালিকা প্ৰদান কৰিবলৈ সকলো জিলা উপায়ুক্তক সাক্ষাৎ কৰিছে।

উল্লেখ্য যে ছত্তীশগড়ৰ পৰম্পৰাগত উৎসৱ হাৰেলী ২৮ জুলাইত উদযাপন কৰা হ'ব। প্ৰতি বছৰে ৰাজ্যখনত হাৰেলী উৎসৱ আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয়। এই উৎসৱৰ সময়তে ভূপেশ বাঘেল চৰকাৰে গৰুৰ প্ৰস্ৰাৱ ক্ৰয় আঁচনি আৰম্ভ কৰিব। লক্ষ্যণীয়ভাৱে কংগ্ৰেছ চৰকাৰৰ উচ্চাভিলাষী গোধন ন্যায় যোজনাও হাৰেলীৰ পৰাই আৰম্ভ কৰা হৈছিল। ২০২০ চনৰ ২০ জুলাইৰ পৰা আৰম্ভ হোৱা এই আঁচনিৰ অধীনত এতিয়ালৈকে ১৫০ কোটি টকাৰ অধিক মূল্যৰ গোবৰ ক্ৰয় কৰা হৈছে। ভেৰ্মি-সাৰ প্ৰস্তুত আৰু বিক্ৰীৰ জৰিয়তে মহিলা স্ব-সহায়ক গোট আৰু গোথান সমিতিক ১.৪৩ কোটিৰো অধিক টকা পৰিশোধ কৰা হৈছে বুলি চৰকাৰে জানিবলৈ দিছিল।

গৰুৰ প্ৰস্ৰাৱ ক্ৰয়ৰ দ্বাৰা ৰাজ্যখনত জৈৱিক কৃষিৰ প্ৰচেষ্টা আগবঢ়াই নিয়াত সহায়ক হ'ব বুলি ৰাজ্য চৰকাৰে দাবী কৰিছে। ই গো পালকসকলক গৰুৰ প্ৰস্ৰাৱ বিক্ৰী কৰি অতিৰিক্ত উপাৰ্জনৰ উৎস মুকলি কৰিব। একে সময়তে মহিলাৰ স্ব-সহায়ক গোটৰ জৰিয়তে জৈৱ-মাটি, কীট নিয়ন্ত্ৰণ সামগ্ৰী আদি প্ৰস্তুত কৰিলে নিযুক্তিৰ সুবিধাও প্ৰদান কৰিব। এই জৈৱিক সামগ্ৰী কৃষকসকলে ৰাসায়নিক কীটনাশকৰ পৰিৱৰ্তে কৃষিকাৰ্যত ব্যৱহাৰ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা কৃষিৰ ব্যয় হ্ৰাস পাব বুলি চৰকাৰে লগতে দাবী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ