ডিজিটেল ডেস্ক : সাপৰ বিষক যথেষ্ট
মাৰাত্মক বুলি আমি সকলোৱে জানো। কিন্তু আপুনি জানেনে যে ই বহুতো গুৰুতৰ ৰোগো নিৰাময়
কৰে? আমি সাপৰ নাম শুনিলেই বিপজ্জনক অনুভৱ এটা আমাৰ মনলৈ আহে। সাপৰ নাম ল’বলৈও বহুতে
ভয় কৰে। আন বতৰৰ তুলনাত বাৰিষাত সাপ অধিক পৰিমাণে ওলায়। একে সময়তে এই ঋতুত সাপৰ দংশনৰ
ঘটনাও অধিক সংঘটিত হোৱা দেখা যায়।
কিন্তু আপুনি জানি আচৰিত হ’ব যে ভাৰতক ‘সাপৰ দেশ’ বুলি কোৱা হয়, কিন্তু আমেৰিকাত সাপৰ দংশনৰ ঘটনা বিশ্বৰ ভিতৰতে সৰ্বাধিক। কিন্তু আমেৰিকাত সঠিক সময় আৰু উন্নত চিকিৎসাৰ বাবে ভাৰততকৈ মৃত্যু হোৱা লোকৰ সংখ্যা কম।
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে বিশ্বজুৰি প্ৰায় ৫০ লাখ সাপৰ দংশনৰ খবৰ পোৱা যায়, ইয়াৰে ১ লাখতকৈ অধিক লোকৰ মৃত্যু হয়। সাপৰ বিষ মানুহৰ শৰীৰৰ বাবে যিমান মাৰাত্মক সিমানেই উপকাৰী বুলি গণ্য কৰা হয়। হয়, শৰীৰৰ বহু ৰোগ নিৰাময়ৰ বাবে সাপৰ বিষ ব্যৱহাৰ কৰা হয়। ইয়াৰ বিষয়ে জানো আহক-
১. স্বাস্থ্যৰ বাবেও সাপৰ বিষ উপকাৰী
সাপলৈ আমি সকলোৱে ভয় কৰো, কিন্তু
আমি সকলোৱে এইটো জনা দৰকাৰ যে সাপৰ বিষে মানুহক জীৱনদানো দিব পাৰে। একে সময়তে ইয়াৰ
সহায়ত বহু ধৰণৰ ঔষধো প্ৰস্তুত কৰা হয়। সাপৰ বিষ ব্যৱহাৰ কৰি এন্টি-ভেনম ছিৰাম বা
এন্টি-টক্সিন ছিৰাম প্ৰস্তুত কৰা হয়। ইয়াৰ বাহিৰেও সমগ্ৰ বিশ্বতে বহুতো প্ৰকাৰৰ সাপ
উপলব্ধ। বিভিন্ন স্বাস্থ্যজনিত সমস্যা দূৰ কৰিবলৈ বিভিন্ন জাতৰ সাপৰ বিষ ব্যৱহাৰ কৰা
হয়।
২. খেতিৰ বাবে সাপ উপকাৰী-
পথাৰত বা বাৰীত সাপ দেখাৰ লগে লগে নিশ্চয় ভয়ত সকলো আঁতৰি যায়, কিন্তু আপুনি জানেনে বাৰী আৰু পথাৰত সাপ থকাটো বহুত ভাল বুলি গণ্য কৰা হয়। আচলতে পথাৰত থকা অনিষ্টকাৰী পোক-পৰুৱা, নিগনিও আদি সাপে খায়, যাৰ ফলত শস্যৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে।