--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সেউজ ৰাষ্ট্ৰদূত ড্ৰিকুং কিয়াবগন চেটচাং ৰিনপোচে অঞ্চলটোত দেখিবলৈ পোৱা অন্যতম জন্তু য়াকৰ পৰম্পৰাগত বন্য জীৱন ৰক্ষা কৰিবলৈ আৰু ঘৰুৱা য়াক সংৰক্ষণত বহনক্ষম বিকাশৰ বাবে এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে।এই নতুন পদক্ষেপ হিচাপে ৰিনপোচে পাংগং উপত্যকাৰ পৰা মতা আৰু মাইকী হাইব্ৰিড বন্য য়াক (বছ মুটাছ) আৰু পোহনীয়া য়াক (বছ গ্ৰুনিয়েন্স) ক্ৰয় কৰি উপত্যকাটোৰ বিভিন্ন অঞ্চলত বিতৰণ কৰাৰ লক্ষ্য লৈছে।

ৰিনপোচৰ এই উদ্যোগৰ প্ৰাথমিক উদ্দেশ্য হৈছে উপত্যকাটোত বন্য য়াকৰ শক্তিশালী আৰু স্বাস্থ্যকৰ আনুবংশিক প্ৰজাতি বিস্তাৰ কৰা। উল্লেখ্য যে য়াক পাহাৰীয়া অঞ্চলটোৰ এক অতি গুৰুত্বপূৰ্ণ প্ৰাণী। লগতে লাডাখৰ মানুহৰ দৈনন্দিন জীৱনত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

চেটচাং ৰিনপোচে এই নতুন প্ৰজাতিৰ য়াক লাডাখৰ এলএচিত থকা চাংথানৰ লগতে অনাগত সময়ত ছিকিম আৰু ভূটানৰ দৰে পৃথিৱীৰ আন প্ৰান্তলৈও প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।

আজি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই প্ৰচেষ্টাৰ প্ৰাথমিক পদক্ষেপ হিচাপে চেৰিং ডৰ্জে নামৰ এজন স্থানীয় লোকে চেটচাং ৰিনপোচেক দুটা য়াক পোৱালি আগবঢ়োৱাৰ লগতে ৰিনপোচে বিভিন্ন গোটৰ পৰা ৮ টা পোৱালী সংগ্ৰহ কৰিছিল।

এই বিশেষ অনুষ্ঠানটো গোবা কনচোক ষ্টোবগাইছৰ নেতৃত্বত ফব্ৰাং গাওঁবাসীয়ে আয়োজন কৰিছিল। লেহৰ চুচুল সমষ্টিৰ কাউন্সিলাৰ তাছি য়াকজি আৰু কনচোক ষ্টানজিনেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে আৰু অনাগত দিনবোৰত প্ৰজননকাৰীসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ