--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সেউজ ৰাষ্ট্ৰদূত ড্ৰিকুং কিয়াবগন চেটচাং ৰিনপোচে অঞ্চলটোত দেখিবলৈ পোৱা অন্যতম জন্তু য়াকৰ পৰম্পৰাগত বন্য জীৱন ৰক্ষা কৰিবলৈ আৰু ঘৰুৱা য়াক সংৰক্ষণত বহনক্ষম বিকাশৰ বাবে এক অভিনৱ প্ৰচেষ্টা হাতত লৈছে।এই নতুন পদক্ষেপ হিচাপে ৰিনপোচে পাংগং উপত্যকাৰ পৰা মতা আৰু মাইকী হাইব্ৰিড বন্য য়াক (বছ মুটাছ) আৰু পোহনীয়া য়াক (বছ গ্ৰুনিয়েন্স) ক্ৰয় কৰি উপত্যকাটোৰ বিভিন্ন অঞ্চলত বিতৰণ কৰাৰ লক্ষ্য লৈছে।

ৰিনপোচৰ এই উদ্যোগৰ প্ৰাথমিক উদ্দেশ্য হৈছে উপত্যকাটোত বন্য য়াকৰ শক্তিশালী আৰু স্বাস্থ্যকৰ আনুবংশিক প্ৰজাতি বিস্তাৰ কৰা। উল্লেখ্য যে য়াক পাহাৰীয়া অঞ্চলটোৰ এক অতি গুৰুত্বপূৰ্ণ প্ৰাণী। লগতে লাডাখৰ মানুহৰ দৈনন্দিন জীৱনত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

চেটচাং ৰিনপোচে এই নতুন প্ৰজাতিৰ য়াক লাডাখৰ এলএচিত থকা চাংথানৰ লগতে অনাগত সময়ত ছিকিম আৰু ভূটানৰ দৰে পৃথিৱীৰ আন প্ৰান্তলৈও প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে।

আজি অনুষ্ঠিত হোৱা এক অনুষ্ঠানত এই প্ৰচেষ্টাৰ প্ৰাথমিক পদক্ষেপ হিচাপে চেৰিং ডৰ্জে নামৰ এজন স্থানীয় লোকে চেটচাং ৰিনপোচেক দুটা য়াক পোৱালি আগবঢ়োৱাৰ লগতে ৰিনপোচে বিভিন্ন গোটৰ পৰা ৮ টা পোৱালী সংগ্ৰহ কৰিছিল।

এই বিশেষ অনুষ্ঠানটো গোবা কনচোক ষ্টোবগাইছৰ নেতৃত্বত ফব্ৰাং গাওঁবাসীয়ে আয়োজন কৰিছিল। লেহৰ চুচুল সমষ্টিৰ কাউন্সিলাৰ তাছি য়াকজি আৰু কনচোক ষ্টানজিনেও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে আৰু অনাগত দিনবোৰত প্ৰজননকাৰীসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক