--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পিতৃৰ তুলনাত তেওঁৰ কৃতি আৰু কৃতিত্ব এতিয়ালৈ শূন্য। কথাষাৰ এনেদৰেও ক’ব পাৰি সেইগৰাকী মহান পিতৃৰ কন্যা হোৱাটোৱেই তেওঁৰ কৃতিত্ব। তাতে তেওঁৰ আছে এক মোহনীয় শৰীৰ। নৱযৌৱনা তেওঁৰ শৰীৰী সুষমাই সেয়েহে যিকোনো লোকৰে অন্তৰ স্পৰ্শ কৰে অতি সহজতে। পিতৃয়ে দশকৰ পাছত দশক অসীম সাধনা আৰু আত্মত্যাগৰ জৰিয়তে যি কৃতিত্ব অৰ্জন কৰিছিল, যি গৰিমা আৰ্জিছিল তাৰ ছিটিকনিয়েও তেওঁকো পোহৰাই ৰাখিছে। সেইবাবে বিশেষ একো নকৰাকৈয়ে কেৱল সেইগৰাকী পিতৃৰ কন্য হোৱা সূত্ৰেই তেওঁ সদায়ে থাকে স্পটলাইটত। তেওঁৰ পিছে পিছে ঘূৰে কেমেৰাৰ উজ্জ্বল জ্যোতি। অসংখ্যজনৰ উৎকণ্ঠিত উদগ্ৰীৱ চকুবোৰ পিয়াপি দি ফুৰে তেওঁৰ চৌপাশে। কি কৰিব তেওঁ ভৱিষ্যতে? তাক লৈও উৎকণ্ঠিত একাংশ লোক। যেন নিজৰ সন্তানহে। পিতৃৰ গৰিমাই উদ্ভাসিত কৰি ৰখা দেশৰ প্ৰতিজন বাসিন্দাই সেইবাবেই তেওঁৰ সন্তানৰো খবৰ ৰাখিব খোজে। প্ৰতিটো খোজৰ চিহ্ন ৰাখিব খোজে মনত। এইগৰাকী মহাতাৰকাৰ কন্যা এতিয়া পুনৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। তেওঁৰ পিতৃ আন কোনো নহয় শচীন তেণ্ডুলকাৰ। ক্ৰিকেট বিশ্বৰ ভগৱান শচীনৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ এতিয়া শচীন বা তেওঁ ভাতৃ অৰ্জুনতকৈ অধিক বেছি স্পটলাইটত থাকে। থাকে চৰ্চাৰ কেন্দ্ৰ হৈছে। এতিয়া চৰ্চা চলিছে ছাৰাৰ অৱসৰ বিনোদনক লৈ। এতিয়া এইগৰাকী মোহময়ী তাৰকা কন্যাই গোৱাত অৱসৰ যাপন কৰিছে। গোৱাৰ পৰা তেওঁ শ্বেয়াৰ কৰিছে বিভিন্ন মোহনীয় আলোকচিত্ৰ। এই আলোকচিত্ৰবোৰক লৈ এতিয়া ব্যস্ত হৈ পৰিছে অনুৰাগীসকল। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ছাৰাৰ অনুৰাগীৰ সংখ্যায়ো এতিয়া ফেৰ মাৰিব পৰা হৈছে তেওঁৰ পিতৃৰ সৈতে। কাৰণ হৈছে তেওঁৰ মোহময়ী চেহেৰা আৰু অতি সম্ভাৱনাপূৰ্ণ ভৱিষ্যৎ। ছাৰাই শীঘ্ৰেই বলীউডত খোজ দিব বুলি ব্যাপক চৰ্চা চলি আছে। এই সম্পৰ্কত এতিয়াই নিশ্চিতকৈ ক’ব পৰা হোৱা নাই যদিও বি টাউনৰ পৰা ইয়াৰ প্ৰস্তুতি চলি থকাৰ খবৰ কাণ বাগৰি ফুৰিছে। তেওঁ ইতিমধ্যেই মডেলিঙৰ জগতত খোজ পেলাইছে। আৰু শীঘ্ৰেই হয়তো তেওঁক দেখা যাব ৰূপালী পৰ্দাতো। কিন্তু এতিয়া গোৱাত তেওঁৰ অৱসৰ বিনোদনৰ মনমোহা আলোকচিত্ৰই সকলোৰে চকু থৰ কৰি দিছে। শচীন কন্যাৰ শৰীৰী সুষমাই যেন পুনৰ জুৰ পেলাইছে অনুৰাগীৰ হৃদয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন