--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পিতৃৰ তুলনাত তেওঁৰ কৃতি আৰু কৃতিত্ব এতিয়ালৈ শূন্য। কথাষাৰ এনেদৰেও ক’ব পাৰি সেইগৰাকী মহান পিতৃৰ কন্যা হোৱাটোৱেই তেওঁৰ কৃতিত্ব। তাতে তেওঁৰ আছে এক মোহনীয় শৰীৰ। নৱযৌৱনা তেওঁৰ শৰীৰী সুষমাই সেয়েহে যিকোনো লোকৰে অন্তৰ স্পৰ্শ কৰে অতি সহজতে। পিতৃয়ে দশকৰ পাছত দশক অসীম সাধনা আৰু আত্মত্যাগৰ জৰিয়তে যি কৃতিত্ব অৰ্জন কৰিছিল, যি গৰিমা আৰ্জিছিল তাৰ ছিটিকনিয়েও তেওঁকো পোহৰাই ৰাখিছে। সেইবাবে বিশেষ একো নকৰাকৈয়ে কেৱল সেইগৰাকী পিতৃৰ কন্য হোৱা সূত্ৰেই তেওঁ সদায়ে থাকে স্পটলাইটত। তেওঁৰ পিছে পিছে ঘূৰে কেমেৰাৰ উজ্জ্বল জ্যোতি। অসংখ্যজনৰ উৎকণ্ঠিত উদগ্ৰীৱ চকুবোৰ পিয়াপি দি ফুৰে তেওঁৰ চৌপাশে। কি কৰিব তেওঁ ভৱিষ্যতে? তাক লৈও উৎকণ্ঠিত একাংশ লোক। যেন নিজৰ সন্তানহে। পিতৃৰ গৰিমাই উদ্ভাসিত কৰি ৰখা দেশৰ প্ৰতিজন বাসিন্দাই সেইবাবেই তেওঁৰ সন্তানৰো খবৰ ৰাখিব খোজে। প্ৰতিটো খোজৰ চিহ্ন ৰাখিব খোজে মনত। এইগৰাকী মহাতাৰকাৰ কন্যা এতিয়া পুনৰ চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। তেওঁৰ পিতৃ আন কোনো নহয় শচীন তেণ্ডুলকাৰ। ক্ৰিকেট বিশ্বৰ ভগৱান শচীনৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ এতিয়া শচীন বা তেওঁ ভাতৃ অৰ্জুনতকৈ অধিক বেছি স্পটলাইটত থাকে। থাকে চৰ্চাৰ কেন্দ্ৰ হৈছে। এতিয়া চৰ্চা চলিছে ছাৰাৰ অৱসৰ বিনোদনক লৈ। এতিয়া এইগৰাকী মোহময়ী তাৰকা কন্যাই গোৱাত অৱসৰ যাপন কৰিছে। গোৱাৰ পৰা তেওঁ শ্বেয়াৰ কৰিছে বিভিন্ন মোহনীয় আলোকচিত্ৰ। এই আলোকচিত্ৰবোৰক লৈ এতিয়া ব্যস্ত হৈ পৰিছে অনুৰাগীসকল। ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ছাৰাৰ অনুৰাগীৰ সংখ্যায়ো এতিয়া ফেৰ মাৰিব পৰা হৈছে তেওঁৰ পিতৃৰ সৈতে। কাৰণ হৈছে তেওঁৰ মোহময়ী চেহেৰা আৰু অতি সম্ভাৱনাপূৰ্ণ ভৱিষ্যৎ। ছাৰাই শীঘ্ৰেই বলীউডত খোজ দিব বুলি ব্যাপক চৰ্চা চলি আছে। এই সম্পৰ্কত এতিয়াই নিশ্চিতকৈ ক’ব পৰা হোৱা নাই যদিও বি টাউনৰ পৰা ইয়াৰ প্ৰস্তুতি চলি থকাৰ খবৰ কাণ বাগৰি ফুৰিছে। তেওঁ ইতিমধ্যেই মডেলিঙৰ জগতত খোজ পেলাইছে। আৰু শীঘ্ৰেই হয়তো তেওঁক দেখা যাব ৰূপালী পৰ্দাতো। কিন্তু এতিয়া গোৱাত তেওঁৰ অৱসৰ বিনোদনৰ মনমোহা আলোকচিত্ৰই সকলোৰে চকু থৰ কৰি দিছে। শচীন কন্যাৰ শৰীৰী সুষমাই যেন পুনৰ জুৰ পেলাইছে অনুৰাগীৰ হৃদয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ