--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্তানৰ সুকৰ্মক লৈ সদায় পিতৃ-মাতৃয়ে গৌৰৱ কৰে। সন্তানে যেতিয়া কিবা এটা ভাল কাম কৰে তেতিয়া পিতৃ-মাতৃয়ে মনত বহুত আনন্দ পায়। কিন্তু এইবাৰ এক ব্যতিক্ৰমী খবৰ পোহৰলৈ আহিছে। মাতৃৰ সাফল্যত এজন পুত্ৰৰ বুকু গৌৰৱত ওফন্দি উঠিছে। মাতৃৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰি এই সফলতাৰ কাহিনী বিশ্ববাসীক জনালে পুত্ৰই। মহাৰাষ্ট্ৰৰ ৫৩ বছৰীয়া মাতৃগৰাকীয়ে প্ৰমাণ কৰিলে যে শিক্ষাৰ কোনো বয়স নাই। ৩৭ বছৰ পূৰ্বে স্কুল এৰি দিয়া মহিলাগৰাকীয়ে এতিয়া ৫৩ বছৰ বয়সত দশম শ্ৰেণীত উত্তীৰ্ণ হৈছে। 

প্ৰসাদ জম্ভালে নামৰ এজন যুৱক মাষ্টাৰকাৰ্ডৰ অভিযন্তা। প্ৰসাদে মাতৃ কল্পনাৰ কাহিনী শ্বেয়াৰ কৰিছে ছ’চিয়েল নেটৱৰ্কিং ছাইটত। তেওঁ জনোৱা মতে, তেওঁৰ মাতৃয়ে দশম শ্ৰেণীৰ পৰীক্ষাত সুন্দৰকৈ উত্তীৰ্ণ হৈছে। যুৱকজনৰ মাতৃয়ে প্ৰমাণ কৰিলে যে জীৱনত যিকোনো সময়তে শিকিব পাৰি। বয়স মাথোঁ এটা সংখ্যাহে। ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰম কৰিলেই এজন ব্যক্তিয়ে যিকোনো সময়তে সাফল্য অৰ্জন কৰিব পাৰে। 



প্ৰসাদ জম্ভালে লিখিছে যে ‘‘মাৰ ১৬ বছৰ বয়সত তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল আৰু তাৰ পিছত ঘৰখনলৈ আৰ্থিক সংকট নামি আহিছিল। এনে অৱস্থাত ভাই-ভনীৰ শিক্ষা অব্যাহত ৰাখিবলৈ তেওঁ পঢ়া-শুনা এৰি কাম আৰম্ভ কৰিলে। যোৱা বছৰ মা কিবা কামত চৰকাৰী স্কুললৈ গৈছিল। তাত এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ শিক্ষাৰ বিষয়ে সুধিছিল। মায়ে দশম উত্তীৰ্ণ হোৱা নাই বুলি শিক্ষয়িত্ৰীগৰাকীয়ে গম পালে। শিক্ষয়িত্ৰীগৰাকীয়ে মাক ক’লে যে চৰকাৰী আঁচনিৰ অধীনত তেওঁ পুনৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। অফলাইন, অনলাইন প্ৰশিক্ষণ, কিতাপ আদিৰ সকলো খৰচ চৰকাৰে বহন কৰিব। যোৱা বছৰৰ ডিচেম্বৰৰ পৰা মায়ে পুনৰ পঢ়া-শুনা আৰম্ভ কৰিলে। মায়ে মোৰ পৰা এই কথা লুকুৱাই ৰাখিছিল। মই আয়াৰলেণ্ডত থাকো। যেতিয়াই আয়াৰলেণ্ডৰ পৰা মই ফোন কৰিছিলোঁ, তেতিয়াই সুধিছিলোঁ মা ক’ত? মোক কৈছিল যে মা ফুৰিবলৈ গৈছে। মই তেতিয়া ভাবিছিলো যে মাৰ ফুৰাৰ প্ৰতি কিয় ইমান আগ্ৰহ বৃদ্ধি পাইছে। তেওঁ যে স্কুললৈ যায় সেয়া মই নাজানিছিলো। একেখন চালিৰ তলত বাস কৰা দেউতা আৰু ভাইটিৰ পৰা মায়ে এমাহ ধৰি এই কথা লুকুৱাবলৈ সক্ষম হ’ল৷ 

প্ৰসাদে লগতে লিখে যে, ‘মই এদিন ঘৰলৈ আহোঁতে মায়ে এখন মাৰ্কশ্বীট দেখুৱালে। যিটো দেখি মই আচৰিত হ’লোঁ৷ মা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। প্ৰতিটো বিষয়তে তেওঁ বহুত ভাল নম্বৰ পাইছে। ইমান বছৰৰ পাছতো তেওঁ সকলো বিষয়তে ভাল প্ৰদৰ্শন কৰিছিল। মোৰ মা কল্পনাই ৭৯.৬০ শতাংশ নম্বৰৰে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল। প্ৰসাদ জম্ভালে কয় যে ''মাক লৈ মই অতি গৌৰৱান্বিত। তেওঁৰ সাফল্যই আমাক বহুত সুখ প্ৰদান কৰিলে।’’

মহিলাগৰাকীক সকলোৱে বৰ্তমান শুভকামনা আৰু অভিনন্দন জনাই প্ৰশংসাৰে উপচাই পেলাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ