--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্তানৰ সুকৰ্মক লৈ সদায় পিতৃ-মাতৃয়ে গৌৰৱ কৰে। সন্তানে যেতিয়া কিবা এটা ভাল কাম কৰে তেতিয়া পিতৃ-মাতৃয়ে মনত বহুত আনন্দ পায়। কিন্তু এইবাৰ এক ব্যতিক্ৰমী খবৰ পোহৰলৈ আহিছে। মাতৃৰ সাফল্যত এজন পুত্ৰৰ বুকু গৌৰৱত ওফন্দি উঠিছে। মাতৃৰ মাৰ্কশ্বীট শ্বেয়াৰ কৰি এই সফলতাৰ কাহিনী বিশ্ববাসীক জনালে পুত্ৰই। মহাৰাষ্ট্ৰৰ ৫৩ বছৰীয়া মাতৃগৰাকীয়ে প্ৰমাণ কৰিলে যে শিক্ষাৰ কোনো বয়স নাই। ৩৭ বছৰ পূৰ্বে স্কুল এৰি দিয়া মহিলাগৰাকীয়ে এতিয়া ৫৩ বছৰ বয়সত দশম শ্ৰেণীত উত্তীৰ্ণ হৈছে। 

প্ৰসাদ জম্ভালে নামৰ এজন যুৱক মাষ্টাৰকাৰ্ডৰ অভিযন্তা। প্ৰসাদে মাতৃ কল্পনাৰ কাহিনী শ্বেয়াৰ কৰিছে ছ’চিয়েল নেটৱৰ্কিং ছাইটত। তেওঁ জনোৱা মতে, তেওঁৰ মাতৃয়ে দশম শ্ৰেণীৰ পৰীক্ষাত সুন্দৰকৈ উত্তীৰ্ণ হৈছে। যুৱকজনৰ মাতৃয়ে প্ৰমাণ কৰিলে যে জীৱনত যিকোনো সময়তে শিকিব পাৰি। বয়স মাথোঁ এটা সংখ্যাহে। ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰম কৰিলেই এজন ব্যক্তিয়ে যিকোনো সময়তে সাফল্য অৰ্জন কৰিব পাৰে। 



প্ৰসাদ জম্ভালে লিখিছে যে ‘‘মাৰ ১৬ বছৰ বয়সত তেওঁৰ দেউতাকৰ মৃত্যু হৈছিল আৰু তাৰ পিছত ঘৰখনলৈ আৰ্থিক সংকট নামি আহিছিল। এনে অৱস্থাত ভাই-ভনীৰ শিক্ষা অব্যাহত ৰাখিবলৈ তেওঁ পঢ়া-শুনা এৰি কাম আৰম্ভ কৰিলে। যোৱা বছৰ মা কিবা কামত চৰকাৰী স্কুললৈ গৈছিল। তাত এগৰাকী শিক্ষয়িত্ৰীয়ে তেওঁৰ শিক্ষাৰ বিষয়ে সুধিছিল। মায়ে দশম উত্তীৰ্ণ হোৱা নাই বুলি শিক্ষয়িত্ৰীগৰাকীয়ে গম পালে। শিক্ষয়িত্ৰীগৰাকীয়ে মাক ক’লে যে চৰকাৰী আঁচনিৰ অধীনত তেওঁ পুনৰ দশম শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে। অফলাইন, অনলাইন প্ৰশিক্ষণ, কিতাপ আদিৰ সকলো খৰচ চৰকাৰে বহন কৰিব। যোৱা বছৰৰ ডিচেম্বৰৰ পৰা মায়ে পুনৰ পঢ়া-শুনা আৰম্ভ কৰিলে। মায়ে মোৰ পৰা এই কথা লুকুৱাই ৰাখিছিল। মই আয়াৰলেণ্ডত থাকো। যেতিয়াই আয়াৰলেণ্ডৰ পৰা মই ফোন কৰিছিলোঁ, তেতিয়াই সুধিছিলোঁ মা ক’ত? মোক কৈছিল যে মা ফুৰিবলৈ গৈছে। মই তেতিয়া ভাবিছিলো যে মাৰ ফুৰাৰ প্ৰতি কিয় ইমান আগ্ৰহ বৃদ্ধি পাইছে। তেওঁ যে স্কুললৈ যায় সেয়া মই নাজানিছিলো। একেখন চালিৰ তলত বাস কৰা দেউতা আৰু ভাইটিৰ পৰা মায়ে এমাহ ধৰি এই কথা লুকুৱাবলৈ সক্ষম হ’ল৷ 

প্ৰসাদে লগতে লিখে যে, ‘মই এদিন ঘৰলৈ আহোঁতে মায়ে এখন মাৰ্কশ্বীট দেখুৱালে। যিটো দেখি মই আচৰিত হ’লোঁ৷ মা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে। প্ৰতিটো বিষয়তে তেওঁ বহুত ভাল নম্বৰ পাইছে। ইমান বছৰৰ পাছতো তেওঁ সকলো বিষয়তে ভাল প্ৰদৰ্শন কৰিছিল। মোৰ মা কল্পনাই ৭৯.৬০ শতাংশ নম্বৰৰে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ল। প্ৰসাদ জম্ভালে কয় যে ''মাক লৈ মই অতি গৌৰৱান্বিত। তেওঁৰ সাফল্যই আমাক বহুত সুখ প্ৰদান কৰিলে।’’

মহিলাগৰাকীক সকলোৱে বৰ্তমান শুভকামনা আৰু অভিনন্দন জনাই প্ৰশংসাৰে উপচাই পেলাইছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে