--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বযুদ্ধৰ সময়তে হওঁক বা তাৰো আগতে হওঁক, আৰক্ষী আৰু সামৰিক বাহিনীৰ অবিচ্ছেদ্য অংগ হৈ আহিছে কুকুৰ। প্ৰশিক্ষণপ্ৰাপ্ত এনে কুকুৰৰ বাবেই বহু সময়ত বহু ভয়ংকৰ ঘটনাৰ পৰা মানুহে ৰক্ষা পৰিছিল আৰু পৰি আহিছে। আন নালাগে ১৯৯৩ চনৰ মাৰ্চ মাহত দেশৰ বাণিজ্যিক ৰাজধানী স্বৰূপ মুম্বাইত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত ২৫৭ গৰাকী লোক নিহত হৈছিল।

 উক্ত ধাৰাবাহিক বিস্ফোৰণত সাত শতাধিক লোক আহত হৈছিল। সেই সময়তে বোমা স্কোৱাডৰ সহায় কৰা এটা প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে মুম্বাইৰ বিভিন্ন স্থানৰ পৰা ৩৩২৯ কিলোগ্ৰামতকৈও অধিক আৰডিএক্স বিস্ফোৰক, ৬০০ ডিটোনেটৰ, ২৪৯ টা হেণ্ড গ্ৰেনেড আৰু ৬০০০ ৰাউণ্ডতকৈও অধিক সজীৱ গুলী  উদ্ধাৰ কৰাত সহায় কৰিছিল আৰু এনেদৰে ৰক্ষা পৰিছিল অগণন লোকৰ প্ৰাণ ।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰে মাঙ্গুন আৰক্ষীয়ে ৰাইগড় বোমা স্কোৱাড আৰু ডগ স্কোৱাডৰ সহযোগত  ৰাইগড়ৰ বনাঞ্চলত এক অভিযান চলাইছিল। এই অভিযানত বিশেষ ভাবে সহায় কৰে ৫ বছৰীয়া 'ব্ৰুনো' নামৰ লাব্ৰাডৰ প্ৰজাতিৰ কুকুৰটোৱে।

 অভিযান চলি থকা সময়তে 'ব্ৰুনো' নামৰ কুকুৰটোৱে এজোপা আম গছৰ তলত ৰৈ দিয়ে আৰু কিবা শুঙিবলৈ আৰম্ভ কৰে। কুকুৰটোৱে শুঙিবলৈ আৰম্ভ কৰা গছ জোপাৰ তলৰ ঠাই খিনি অভিযানকাৰীৰ দলটোৱে খন্দাত মাটিৰ তলত পুতি ৰখা ৮ টাকৈ শক্তিশালী বোমা উদ্ধাৰ হয়।

এজন বিষয়াই জনোৱা অনুসৰি, প্লাষ্টিকৰ পাত্ৰত ৰখা ৮ টা বোমাই দেশীয়ভাবে নিৰ্মিত । সেইবোৰ সক্ৰিয় অৱস্থাত থকা বুলিও তেওঁ প্ৰকাশ কৰে।'ব্ৰুনো' নামৰ লাব্ৰাডৰ প্ৰজাতিৰ কুকুৰটোৰ বাবেই এনেদৰে আঠটাকৈ সজীৱ বোমা উদ্ধাৰ হোৱাৰ পিছত সকলোৱে 'ব্ৰুনো'ক প্ৰশংসাৰে ওপচাই দিছে।

উল্লেখ্য মহাৰাষ্ট্ৰৰ ভিতৰত প্ৰথমে মুম্বাই পুলিচৰ ডগ স্কোৱাড ২৯৫৯ চনৰ ৯ ডিচেম্বৰত গঠন কৰা হৈছিল। সেই সময়ত, মাত্ৰ তিনিটা কুকুৰ  আছিল - কুমাৰ, বিন্দো আৰু ৰাজা –  মুখ্যতঃ অপৰাধমূলক ঘটনাৰ চিনাক্তকৰণৰ বাবে সেই প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ কেইটা  ব্যৱহাৰ কৰা হৈছিল। সন্ত্ৰাসবাদী আক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে অতিৰিক্ত স্নিফাৰ কুকুৰক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰা হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ