--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বযুদ্ধৰ সময়তে হওঁক বা তাৰো আগতে হওঁক, আৰক্ষী আৰু সামৰিক বাহিনীৰ অবিচ্ছেদ্য অংগ হৈ আহিছে কুকুৰ। প্ৰশিক্ষণপ্ৰাপ্ত এনে কুকুৰৰ বাবেই বহু সময়ত বহু ভয়ংকৰ ঘটনাৰ পৰা মানুহে ৰক্ষা পৰিছিল আৰু পৰি আহিছে। আন নালাগে ১৯৯৩ চনৰ মাৰ্চ মাহত দেশৰ বাণিজ্যিক ৰাজধানী স্বৰূপ মুম্বাইত সংঘটিত ধাৰাবাহিক বিস্ফোৰণত ২৫৭ গৰাকী লোক নিহত হৈছিল।

 উক্ত ধাৰাবাহিক বিস্ফোৰণত সাত শতাধিক লোক আহত হৈছিল। সেই সময়তে বোমা স্কোৱাডৰ সহায় কৰা এটা প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰে মুম্বাইৰ বিভিন্ন স্থানৰ পৰা ৩৩২৯ কিলোগ্ৰামতকৈও অধিক আৰডিএক্স বিস্ফোৰক, ৬০০ ডিটোনেটৰ, ২৪৯ টা হেণ্ড গ্ৰেনেড আৰু ৬০০০ ৰাউণ্ডতকৈও অধিক সজীৱ গুলী  উদ্ধাৰ কৰাত সহায় কৰিছিল আৰু এনেদৰে ৰক্ষা পৰিছিল অগণন লোকৰ প্ৰাণ ।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰে মাঙ্গুন আৰক্ষীয়ে ৰাইগড় বোমা স্কোৱাড আৰু ডগ স্কোৱাডৰ সহযোগত  ৰাইগড়ৰ বনাঞ্চলত এক অভিযান চলাইছিল। এই অভিযানত বিশেষ ভাবে সহায় কৰে ৫ বছৰীয়া 'ব্ৰুনো' নামৰ লাব্ৰাডৰ প্ৰজাতিৰ কুকুৰটোৱে।

 অভিযান চলি থকা সময়তে 'ব্ৰুনো' নামৰ কুকুৰটোৱে এজোপা আম গছৰ তলত ৰৈ দিয়ে আৰু কিবা শুঙিবলৈ আৰম্ভ কৰে। কুকুৰটোৱে শুঙিবলৈ আৰম্ভ কৰা গছ জোপাৰ তলৰ ঠাই খিনি অভিযানকাৰীৰ দলটোৱে খন্দাত মাটিৰ তলত পুতি ৰখা ৮ টাকৈ শক্তিশালী বোমা উদ্ধাৰ হয়।

এজন বিষয়াই জনোৱা অনুসৰি, প্লাষ্টিকৰ পাত্ৰত ৰখা ৮ টা বোমাই দেশীয়ভাবে নিৰ্মিত । সেইবোৰ সক্ৰিয় অৱস্থাত থকা বুলিও তেওঁ প্ৰকাশ কৰে।'ব্ৰুনো' নামৰ লাব্ৰাডৰ প্ৰজাতিৰ কুকুৰটোৰ বাবেই এনেদৰে আঠটাকৈ সজীৱ বোমা উদ্ধাৰ হোৱাৰ পিছত সকলোৱে 'ব্ৰুনো'ক প্ৰশংসাৰে ওপচাই দিছে।

উল্লেখ্য মহাৰাষ্ট্ৰৰ ভিতৰত প্ৰথমে মুম্বাই পুলিচৰ ডগ স্কোৱাড ২৯৫৯ চনৰ ৯ ডিচেম্বৰত গঠন কৰা হৈছিল। সেই সময়ত, মাত্ৰ তিনিটা কুকুৰ  আছিল - কুমাৰ, বিন্দো আৰু ৰাজা –  মুখ্যতঃ অপৰাধমূলক ঘটনাৰ চিনাক্তকৰণৰ বাবে সেই প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰ কেইটা  ব্যৱহাৰ কৰা হৈছিল। সন্ত্ৰাসবাদী আক্ৰমণ বৃদ্ধি হোৱাৰ লগে লগে অতিৰিক্ত স্নিফাৰ কুকুৰক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰা হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে