--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে বলীউডৰ বিশিষ্ট অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে পৃথিৱীৰ সবাতোকৈ সুখী মূহূৰ্ত অৰ্থাৎ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ লাভ কৰিলে৷ শেহতীয়াকৈ এটা সাক্ষাৎকাৰত ৰণবীৰ কাপুৰে আলিয়া ভাটে সন্তান জন্ম দিয়াৰ সময়ত ৰণবীৰে চাক্ষুসভাৱে দেখা অবৰ্ণনীয় কষ্টৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে৷ 

উল্লেখযোগ্য যে ৰণবীৰ কাপুৰ বলীউডৰ এজন প্ৰতিভাশালী অভিনেতা। ৰণবীৰে বৰ্তমান তেওঁৰ শেহতীয়াকৈ মুক্তিপোৱা 'তু ঝুটি মই মক্কাৰ'ৰ সফলতা লাভ কৰিছে। এই চলচ্চিত্ৰখনত ৰণবীৰক প্ৰথমবাৰৰ বাবে শ্ৰদ্ধা কাপুৰৰ সৈতে দেখা গৈছে। একে সময়তে ছবিখনে বক্সঅফিচত মুক্তিৰ ১২দিনত ১০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। শেহতীয়া এক সাক্ষাৎকাৰৰ সময়ত ৰণবীৰে আলিয়াৰ সৈতে প্ৰসৱ কৰাৰ সময়ত হস্পিতালৰ কোঠাৰ অভিজ্ঞতাৰ বিষয়ে কৈছিল।

 ৰণবীৰ কাপুৰ তেওঁৰ সম্পৰ্কীয় ভগ্নী কৰীণা কাপুৰৰ অনুষ্ঠান ‘হোৱাট ৱমেন ৱাণ্ট’ত উপস্থিত হৈছিল। এই অনুষ্ঠানটিৰ সময়ছোৱাত অভিনেতাজনে নিজকে পিতৃ হিচাপে মূল্যাঙ্কন কৰিছিল। ৰণবীৰে তেওঁৰ হস্পিতালৰ অভিজ্ঞতাৰ বিষয়েও কৈছিল আৰু ৰণবীৰে কৈছিল যে পিতৃ হোৱাৰ সময়খিনি ‘মহানতম’ সময় আছিল।

 সাক্ষাৎকাৰত ৰণবীৰে এইটোও প্ৰকাশ কৰিছিল যে ৰণবীৰৰ জী ৰাহাৰ জন্মৰ সময়ত ৰণবীৰ আৰু আলিয়া এসপ্তাহৰ বাবে চিকিৎসালয়ত আছিল। এই সময়খিনিক ৰণবীৰে এটা 'যাদুকৰী' মুহূৰ্ত বুলি অভিহিত কৰিছে৷

 উক্ত সাক্ষাৎকাৰটিতে,নিজকে দেউতাক হিচাপে ৰেটিং দিয়াৰ প্ৰশ্নত ৰণবীৰে কৈছিল যে ১০ৰ ভিতৰত তেওঁ নিজকে ৭ ৰেটিং কৰিব বিচাৰে। ৰণবীৰে লগতে কয় যে ৰাতিবোৰ নিদ্ৰাহীন হৈ পৰে কিয়নো আপুনি আপোনাৰ প্ৰথম সন্তানৰ বিষয়ে উৎসাহিত হয় আৰু যেতিয়া নিশা ৰাহা আমাৰ মাজত বিচনাত শুই থাকে, তেতিয়া পিতৃ-মাতৃ হিচাপে বহু সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয়৷

 পিতৃ হিচাপে ৰণবীৰে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলীত পৰিয়ালক দিয়া এইখিনি গুৰুত্বৰ বাবে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷ৰণবীৰে নিজৰ সন্তান ৰাহা আৰু পত্নী আলিয়াক দিয়া এই গুৰুত্বখিনিৰ বাবে ৰণবীৰ-আলিয়াৰ অনুৰাগীসকলক সামাজিক মাধ্যমত যথেষ্ট আনন্দিত ৰূপত দেখা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস