--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে বলীউডৰ বিশিষ্ট অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে পৃথিৱীৰ সবাতোকৈ সুখী মূহূৰ্ত অৰ্থাৎ পিতৃ-মাতৃ হোৱাৰ গৌৰৱ লাভ কৰিলে৷ শেহতীয়াকৈ এটা সাক্ষাৎকাৰত ৰণবীৰ কাপুৰে আলিয়া ভাটে সন্তান জন্ম দিয়াৰ সময়ত ৰণবীৰে চাক্ষুসভাৱে দেখা অবৰ্ণনীয় কষ্টৰ কথা মুকলিকৈ প্ৰকাশ কৰিছে৷ 

উল্লেখযোগ্য যে ৰণবীৰ কাপুৰ বলীউডৰ এজন প্ৰতিভাশালী অভিনেতা। ৰণবীৰে বৰ্তমান তেওঁৰ শেহতীয়াকৈ মুক্তিপোৱা 'তু ঝুটি মই মক্কাৰ'ৰ সফলতা লাভ কৰিছে। এই চলচ্চিত্ৰখনত ৰণবীৰক প্ৰথমবাৰৰ বাবে শ্ৰদ্ধা কাপুৰৰ সৈতে দেখা গৈছে। একে সময়তে ছবিখনে বক্সঅফিচত মুক্তিৰ ১২দিনত ১০০ কোটিৰো অধিক উপাৰ্জন কৰিছে। শেহতীয়া এক সাক্ষাৎকাৰৰ সময়ত ৰণবীৰে আলিয়াৰ সৈতে প্ৰসৱ কৰাৰ সময়ত হস্পিতালৰ কোঠাৰ অভিজ্ঞতাৰ বিষয়ে কৈছিল।

 ৰণবীৰ কাপুৰ তেওঁৰ সম্পৰ্কীয় ভগ্নী কৰীণা কাপুৰৰ অনুষ্ঠান ‘হোৱাট ৱমেন ৱাণ্ট’ত উপস্থিত হৈছিল। এই অনুষ্ঠানটিৰ সময়ছোৱাত অভিনেতাজনে নিজকে পিতৃ হিচাপে মূল্যাঙ্কন কৰিছিল। ৰণবীৰে তেওঁৰ হস্পিতালৰ অভিজ্ঞতাৰ বিষয়েও কৈছিল আৰু ৰণবীৰে কৈছিল যে পিতৃ হোৱাৰ সময়খিনি ‘মহানতম’ সময় আছিল।

 সাক্ষাৎকাৰত ৰণবীৰে এইটোও প্ৰকাশ কৰিছিল যে ৰণবীৰৰ জী ৰাহাৰ জন্মৰ সময়ত ৰণবীৰ আৰু আলিয়া এসপ্তাহৰ বাবে চিকিৎসালয়ত আছিল। এই সময়খিনিক ৰণবীৰে এটা 'যাদুকৰী' মুহূৰ্ত বুলি অভিহিত কৰিছে৷

 উক্ত সাক্ষাৎকাৰটিতে,নিজকে দেউতাক হিচাপে ৰেটিং দিয়াৰ প্ৰশ্নত ৰণবীৰে কৈছিল যে ১০ৰ ভিতৰত তেওঁ নিজকে ৭ ৰেটিং কৰিব বিচাৰে। ৰণবীৰে লগতে কয় যে ৰাতিবোৰ নিদ্ৰাহীন হৈ পৰে কিয়নো আপুনি আপোনাৰ প্ৰথম সন্তানৰ বিষয়ে উৎসাহিত হয় আৰু যেতিয়া নিশা ৰাহা আমাৰ মাজত বিচনাত শুই থাকে, তেতিয়া পিতৃ-মাতৃ হিচাপে বহু সতৰ্কতা অৱলম্বন কৰিবলগীয়া হয়৷

 পিতৃ হিচাপে ৰণবীৰে নিজৰ ব্যস্ততাপূৰ্ণ জীৱনশৈলীত পৰিয়ালক দিয়া এইখিনি গুৰুত্বৰ বাবে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে৷ৰণবীৰে নিজৰ সন্তান ৰাহা আৰু পত্নী আলিয়াক দিয়া এই গুৰুত্বখিনিৰ বাবে ৰণবীৰ-আলিয়াৰ অনুৰাগীসকলক সামাজিক মাধ্যমত যথেষ্ট আনন্দিত ৰূপত দেখা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী