--°C
Loading...
Listen to Article
2 min read
80%

ডুবাই : তালিবানী সন্ত্ৰাসে গ্ৰাস কৰিছে সমগ্ৰ আফগানিস্তান। স্বাভাৱিকতেই দেশখনৰ এই অস্থিৰ পৰিস্থিতিয়ে ভাৰতকে ধৰি চুবুৰীয়া দেশবোৰতো সৃষ্টি কৰিছে উদ্বেগৰ। দেশখনত প্ৰায় প্ৰতিৰোধহীনভাৱেই তালিবানে দখল কৰিলে শাসন। মাৰ্কিন সেনাৰ পশ্চাৎগমন আৰু আফগান সেনাৰ অনায়াস আত্মসমৰ্পনৰ পাছত তালিবানে নিজৰ আধিপত্য বিস্তাৰ কৰে দেশখনত। কিন্তু এতিয়াও তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধৰ চেষ্টা নচলাকৈ থকা নাই দেশখনত।

দেশৰ সাধাৰণ নাগৰিকে তালিবানৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহাৰ লগতে এতিয়া বহু তালিবানবিৰোধী শক্তিয়েও মূৰ দাঙি উঠিছে দেশখনত। ইয়াৰ ভিতৰত আছে তালিবানবিৰোধী একমাত্ৰ বৃহৎ শক্তিৰ নেতা আহমেদ মছুদো। নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্ট ফ্ৰণ্ট অব আফগানিস্তানৰ নেতাগৰাকীয়ে তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ হুংকাৰ দিছে। তেওঁ যদিও তালিবানৰে শান্তিপূৰ্ণ আলোচনা অনুষ্ঠিত কৰাৰ আশা কৰে, কিন্তু তেওঁৰ সৈন্য বাহিনীয়ে যুদ্ধ কৰিবলৈ সাজু হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে।

‘আমি তালিবানক এই উপলব্ধি দিয়াব খোজো যে, আলোচনাই হৈছে সন্মুখলৈ আগুৱাই যোৱাৰ একমাত্ৰ পথ। কাবুলৰ উত্তৰ-পশ্চিম অংশত থকা তেওঁৰ মূল ঘাটী পঞ্জছিৰ উপত্যকাৰ পৰা তেওঁ ফোনযোগে এই বাৰ্তা দিয়ে। এই অঞ্চলতেই তেওঁ সামৰিক বাহিনীৰ অৱশিষ্ট লোকসকল, বিশেষ বাহিনীৰ সদস্য আৰু স্থানীয় বিদ্ৰোহী যোদ্ধাসকলক একত্ৰিত কৰি তালিবানবিৰোধী এক শক্তি সৃষ্টি কৰিছে।

তেওঁ যুদ্ধৰ বাবে সাজু হৈছে যদিও দেশখনত পুনৰ যুদ্ধৰ বিভীষিকা নিবিচাৰে বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, মাছুদ হৈছে আহমদ শ্বাহ মাছুদৰ পুত্ৰ। আহমদ শ্বাহ মাছুদ হৈছে ১৯৮০ৰ দশকৰ আফগানিস্তানৰ ছোভিয়েট বিৰোধী প্ৰতিৰোধৰ মূল নেতা। কেৱল তেৱেঁই নহয় দেশখনৰ আন ভালেমান প্ৰান্ততো বহু তালিবানবিৰোধী সৰু-বৰ শক্তিৰ উত্থান হোৱা বুলি এতিয়া জানিব পৰা গৈছে। এনে পৰিস্থিতিয়ে দেশখনত পুনৰ ৰক্তক্ষয়ী গৃহযুদ্ধৰ পাতনি মেলাৰ আশংকা গাঢ় কৰি


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ