--°C
Loading...
Listen to Article
2 min read
80%

ডুবাই : তালিবানী সন্ত্ৰাসে গ্ৰাস কৰিছে সমগ্ৰ আফগানিস্তান। স্বাভাৱিকতেই দেশখনৰ এই অস্থিৰ পৰিস্থিতিয়ে ভাৰতকে ধৰি চুবুৰীয়া দেশবোৰতো সৃষ্টি কৰিছে উদ্বেগৰ। দেশখনত প্ৰায় প্ৰতিৰোধহীনভাৱেই তালিবানে দখল কৰিলে শাসন। মাৰ্কিন সেনাৰ পশ্চাৎগমন আৰু আফগান সেনাৰ অনায়াস আত্মসমৰ্পনৰ পাছত তালিবানে নিজৰ আধিপত্য বিস্তাৰ কৰে দেশখনত। কিন্তু এতিয়াও তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধৰ চেষ্টা নচলাকৈ থকা নাই দেশখনত।

দেশৰ সাধাৰণ নাগৰিকে তালিবানৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই অহাৰ লগতে এতিয়া বহু তালিবানবিৰোধী শক্তিয়েও মূৰ দাঙি উঠিছে দেশখনত। ইয়াৰ ভিতৰত আছে তালিবানবিৰোধী একমাত্ৰ বৃহৎ শক্তিৰ নেতা আহমেদ মছুদো। নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্ট ফ্ৰণ্ট অব আফগানিস্তানৰ নেতাগৰাকীয়ে তালিবানৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ হুংকাৰ দিছে। তেওঁ যদিও তালিবানৰে শান্তিপূৰ্ণ আলোচনা অনুষ্ঠিত কৰাৰ আশা কৰে, কিন্তু তেওঁৰ সৈন্য বাহিনীয়ে যুদ্ধ কৰিবলৈ সাজু হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে।

‘আমি তালিবানক এই উপলব্ধি দিয়াব খোজো যে, আলোচনাই হৈছে সন্মুখলৈ আগুৱাই যোৱাৰ একমাত্ৰ পথ। কাবুলৰ উত্তৰ-পশ্চিম অংশত থকা তেওঁৰ মূল ঘাটী পঞ্জছিৰ উপত্যকাৰ পৰা তেওঁ ফোনযোগে এই বাৰ্তা দিয়ে। এই অঞ্চলতেই তেওঁ সামৰিক বাহিনীৰ অৱশিষ্ট লোকসকল, বিশেষ বাহিনীৰ সদস্য আৰু স্থানীয় বিদ্ৰোহী যোদ্ধাসকলক একত্ৰিত কৰি তালিবানবিৰোধী এক শক্তি সৃষ্টি কৰিছে।

তেওঁ যুদ্ধৰ বাবে সাজু হৈছে যদিও দেশখনত পুনৰ যুদ্ধৰ বিভীষিকা নিবিচাৰে বুলিও তেওঁ প্ৰকাশ কৰে। উল্লেখ্য যে, মাছুদ হৈছে আহমদ শ্বাহ মাছুদৰ পুত্ৰ। আহমদ শ্বাহ মাছুদ হৈছে ১৯৮০ৰ দশকৰ আফগানিস্তানৰ ছোভিয়েট বিৰোধী প্ৰতিৰোধৰ মূল নেতা। কেৱল তেৱেঁই নহয় দেশখনৰ আন ভালেমান প্ৰান্ততো বহু তালিবানবিৰোধী সৰু-বৰ শক্তিৰ উত্থান হোৱা বুলি এতিয়া জানিব পৰা গৈছে। এনে পৰিস্থিতিয়ে দেশখনত পুনৰ ৰক্তক্ষয়ী গৃহযুদ্ধৰ পাতনি মেলাৰ আশংকা গাঢ় কৰি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু