--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ আফগানিস্তানত তালিবানী আস্ফালনে এসপ্তাহ অতিক্ৰম কৰিলে। তালিবানে কাবুল দখল কৰাৰ লগে লগে বিশ্বজুৰি আফগানিস্তানত মহিলাৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। ক্ষমতালৈ অহাৰ পাছত আফগান মহিলাসকলক শ্বৰিয়াল’ৰ অধীনত অধিকাৰ দিয়া হ’ব বুলি তালিবানে প্ৰকাশ কৰিছিল। ইয়াৰ মাজতে পোহৰলৈ আহিছে উদ্বেগজনক খবৰ! তালিবানীয়ে দেশৰ একাধিক মহিলাক ‘যৌন দাসী’ হিচাপে কাম কৰিবলৈ বাধ্য কৰা বুলি শেহতীয়াকৈ প্ৰকাশ পাইছে। অৱশ্যে, কাবুল দখল কৰাৰ পাছত মহিলাৰ অধিকাৰ হ্ৰাস কৰা নহ’ব বুলিও স্পষ্টীকৰণ দিছিল তালিবানে। তেনেক্ষেত্ৰত আফগান মহিলাক ‘যৌন দাসী’ হিচাপে ব্যৱহাৰ কৰা ঘটনাই সচেতন মহলৰ চকু কপালত তুলিছে।


তালিবানৰ বিস্ফোৰক অভিযোগত আফগানৰ প্ৰাক্তন ন্যায়াধীশ নাজালা আয়ুবিয়ে দাবী কৰিছে যে, 'বিগত কেইসপ্তাহমানত বহুতো যুৱতীক কফিনত ভৰাই ‘যৌন দাসী’ হিচাপে চুবুৰীয়া দেশলৈ প্ৰেৰণ কৰা হৈছে।‘
নতুন দিল্লীৰ হিন্দন বায়ু সেনা কেন্দ্ৰত অৱতৰণ কৰাৰ পাছত এগৰাকী আফগান মহিলাইয়ো তালিবানী ত্ৰাসৰ কথা সদৰী কয়, ‘আফগানিস্তানৰ পৰিস্থিতি অধিক বেয়া হৈ আহিছে। দুৰ্যোগৰ ধ্বংস দেখি মই হতবাক হৈছিলো। তালিবান যোদ্ধাসকলে আমাৰ ঘৰবোৰ জ্বলাই দিছে। তালিবান ভয়ানক! যৌন দাসী সজাইছে যুৱতীসকলক।

কেনেবাকৈ আমি আমাৰ ছোৱালী আৰু দুই নাতিৰ সৈতে পলাই গৈছিলোঁ আৰু ইয়ালৈ আহিছিলোঁ। ভাৰতীয় ভাই-ভনীসকলে আমাক উদ্ধাৰ কৰিছে। আমি গোটেই জীৱন ভাৰতৰ ওচৰত কৃতজ্ঞ থাকিম।’
ভাৰতত দেওবাৰে কাবুলৰ পৰা ১৬৮ জন লোকক উদ্ধাৰ কৰা হৈছিল। ইয়াৰ ভিতৰত, ১০৭ জন ভাৰতীয় ৬১জন আফগান নাগৰিক। উল্লেখ্য যে, বিগত কেইদিনমানত আফগানিস্তানৰ পৰিস্থিতি আৰু অধিক অৱনতি ঘটিছে। আফগানিস্তানৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে দুৰ্ঘটনা পৰিহাৰ কৰিবলৈ কাবুল বিমান বন্দৰত সাধাৰণ প্ৰৱেশ নিষিদ্ধ কৰিছে। ফলত দিকবিদিগ হেৰুৱাইছে আফগানসকলে দেওবাৰে কাবুল বিমান বন্দৰতে মৃত্যুমুখত পৰিছে ৭জনকৈ আফগান নাগৰিক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ