--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিৰ্মলা সীতাৰমণে কয় যে জি এছ টিৰ সংস্কাৰ ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে এক বৃহৎ জয়।

ডিজিটেল ডেস্ক : সামগ্ৰী আৰু সেৱা কৰৰ (জি এছ টি) সংস্কাৰৰ লাভ পুৱা শুই উঠাৰ পৰা নিশা শোৱালৈকে ভোগ কৰিব পাৰিব। কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এইদৰে কয়। উল্লেখযোগ্য যে দেশত ২২ ছেপ্টেম্বৰৰ পৰা জি এছ টিৰ নতুন হাৰ কাৰ্যকৰী কৰা হ'ব। ইয়াৰ ফলত বিভিন্ন সামগ্ৰীৰ দাম হ্রাস পাব।


এই সম্পৰ্কত সীতাৰমণে কয় যে জি এছ টিৰ সংস্কাৰ ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে এক বৃহৎ জয়। ইয়াত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত বিত্ত মন্ত্রীয়ে কয় যে পুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰ সময়লৈকে ব্যৱহাৰ কৰা বিভিন্ন সামগ্রীত জনসাধাৰণে চৰকাৰৰ এই পদক্ষেপৰ লাভ ভোগ কৰিব পাৰিব। বিত্ত মন্ত্ৰীয়ে ইয়াৰ লগতে জি এছ টিৰ হাৰৰ সালসলনিৰ ফলত হ'বলগীয়া লাভৰ বিষয়েও ব্যাখ্যা আগবঢ়ায়।


চেন্নাই চিটিজেন ফৰামে আয়োজন কৰা অনুষ্ঠানটোত ভাষণ দি বিত্ত মন্ত্রীয়ে কয় যে জি এছ টিৰ সংস্কাৰৰ লাভৰ ধাৰা আৰম্ভ হ'ব পুৱা সাৰ পোৱাৰ পাছত চকু মেলাৰ সময়ৰ পৰা আৰু নিশা শোৱাৰ সময়লৈকে ব্যৱহাৰ কৰা সকলো সামগ্রীতে ইয়াৰ লাভ পোৱা যাব। তেওঁ জি এছ টিৰ কিছুমান মূল সালসলনিৰ বিষয়ে উল্লেখ কৰি কয় যে জি এছ টিৰ সংস্কাৰৰ পৰিৱৰ্তনৰ ফলত আগতে ১২% কৰ আৰোপ হৈ থকা ৯৯% সামগ্ৰীৰ কৰ হ্ৰাস কৰি ৫% কৰা হৈছে। ইয়াৰ ফলত এই সামগ্ৰীসমূহৰ দাম হ্রাস পাব।


সীতাৰমণে কয় যে জি এছ টিৰ সংস্কাৰৰ বিষয়ে ঘোষণা কৰাৰ আগতে বিগত কেইমাহমানত এই কথা সুনিশ্চিত কৰিবলৈ বিচৰা হৈছিল যে কৰৰ হাৰ স্পষ্ট আৰু সৰল হ'ব লাগে, যাতে সাধাৰণ নাগৰিক আৰু ব্যৱসায়ীসকলৰ মাজত কোনো ধৰণৰ বিভ্রান্তিৰ সৃষ্টি নহয়। জি এছ টিৰ সংস্কাৰ দেশৰ জনসাধাৰণৰ বাবে এক জয় বুলি উল্লেখ কৰি বিত্ত মন্ত্ৰীয়ে কয় যে ভাৰতত প্ৰতিখন ৰাজ্যতে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলীৰ আগে আগে জি এছ টিৰ কৰ গাঁথনি সংশোধন কৰাৰ সিদ্ধান্ত লয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ