--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নিৰ্মলা সীতাৰমণে কয় যে জি এছ টিৰ সংস্কাৰ ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে এক বৃহৎ জয়।

ডিজিটেল ডেস্ক : সামগ্ৰী আৰু সেৱা কৰৰ (জি এছ টি) সংস্কাৰৰ লাভ পুৱা শুই উঠাৰ পৰা নিশা শোৱালৈকে ভোগ কৰিব পাৰিব। কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণে এইদৰে কয়। উল্লেখযোগ্য যে দেশত ২২ ছেপ্টেম্বৰৰ পৰা জি এছ টিৰ নতুন হাৰ কাৰ্যকৰী কৰা হ'ব। ইয়াৰ ফলত বিভিন্ন সামগ্ৰীৰ দাম হ্রাস পাব।


এই সম্পৰ্কত সীতাৰমণে কয় যে জি এছ টিৰ সংস্কাৰ ভাৰতৰ প্ৰতিজন নাগৰিকৰ বাবে এক বৃহৎ জয়। ইয়াত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি দিয়া ভাষণত বিত্ত মন্ত্রীয়ে কয় যে পুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰ সময়লৈকে ব্যৱহাৰ কৰা বিভিন্ন সামগ্রীত জনসাধাৰণে চৰকাৰৰ এই পদক্ষেপৰ লাভ ভোগ কৰিব পাৰিব। বিত্ত মন্ত্ৰীয়ে ইয়াৰ লগতে জি এছ টিৰ হাৰৰ সালসলনিৰ ফলত হ'বলগীয়া লাভৰ বিষয়েও ব্যাখ্যা আগবঢ়ায়।


চেন্নাই চিটিজেন ফৰামে আয়োজন কৰা অনুষ্ঠানটোত ভাষণ দি বিত্ত মন্ত্রীয়ে কয় যে জি এছ টিৰ সংস্কাৰৰ লাভৰ ধাৰা আৰম্ভ হ'ব পুৱা সাৰ পোৱাৰ পাছত চকু মেলাৰ সময়ৰ পৰা আৰু নিশা শোৱাৰ সময়লৈকে ব্যৱহাৰ কৰা সকলো সামগ্রীতে ইয়াৰ লাভ পোৱা যাব। তেওঁ জি এছ টিৰ কিছুমান মূল সালসলনিৰ বিষয়ে উল্লেখ কৰি কয় যে জি এছ টিৰ সংস্কাৰৰ পৰিৱৰ্তনৰ ফলত আগতে ১২% কৰ আৰোপ হৈ থকা ৯৯% সামগ্ৰীৰ কৰ হ্ৰাস কৰি ৫% কৰা হৈছে। ইয়াৰ ফলত এই সামগ্ৰীসমূহৰ দাম হ্রাস পাব।


সীতাৰমণে কয় যে জি এছ টিৰ সংস্কাৰৰ বিষয়ে ঘোষণা কৰাৰ আগতে বিগত কেইমাহমানত এই কথা সুনিশ্চিত কৰিবলৈ বিচৰা হৈছিল যে কৰৰ হাৰ স্পষ্ট আৰু সৰল হ'ব লাগে, যাতে সাধাৰণ নাগৰিক আৰু ব্যৱসায়ীসকলৰ মাজত কোনো ধৰণৰ বিভ্রান্তিৰ সৃষ্টি নহয়। জি এছ টিৰ সংস্কাৰ দেশৰ জনসাধাৰণৰ বাবে এক জয় বুলি উল্লেখ কৰি বিত্ত মন্ত্ৰীয়ে কয় যে ভাৰতত প্ৰতিখন ৰাজ্যতে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলীৰ আগে আগে জি এছ টিৰ কৰ গাঁথনি সংশোধন কৰাৰ সিদ্ধান্ত লয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু