--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন বর্ষত আকৌ আহি প্রায় প্রায় ২০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।

ডিজিটেল ডেস্কঃ  অহা এপ্রিল মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে নতুন বর্ষৰ প্রথম ভাগতে পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। দেওবাৰে ৰাজ্যখনৰ বাবে প্রায় ১৮ হাজাৰ কোটি টকাৰ কেইবাটাও প্রকল্প উপহাৰ দিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন বর্ষত আকৌ আহি প্রায় প্রায় ২০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।


কালি ৰাজ্য চৰকাৰৰ এটা শীর্ষ সূত্রই এই কথা জানিবলৈ দি প্ৰকাশ কৰা মতে, সম্ভৱত অহা জানুৱাৰী মাহত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ অসমলৈ আহি ৩০৩০ কোটি টকা ব্যয়ৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰি থকা দলংখন মুকলি কৰাৰ লগতে ১০৬০১ কোটি টকা ব্যয় সাপেক্ষ নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ আধাৰশিলা আৰু ৬০০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কাজিৰঙা এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰিব।


ইতিমধ্যে প্রধানমন্ত্রী মোদীৰ সৈতে এই সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আলোচনা কৰিছে বুলি জানিবলৈ দি সূত্ৰটোৱে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে দিয়া প্রস্তাৱত প্ৰধানমন্ত্ৰী গৰাকীয়ে সঁহাৰি দি উক্ত প্রকল্পকেইটা মুকলি আৰু আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি প্রতিশ্রুতি দিছে। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত ৰূপায়ণ কৰিবলগীয়া আন কেইবাটাও প্ৰকল্পৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে বুলি জানিবলৈ দি সূত্ৰটোৱে লগতে কয় যে উক্ত প্রকল্পসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে সর্বাধিক গুৰুত্ব দিয়া প্রকল্পটো হৈছে ব্ৰহ্মপুত্ৰৰ বুকুৰে বোকাখাত আৰু গহপুৰ সংযোগী সুৰংগ পথ নিৰ্মাণৰ প্ৰকল্পটো।


উল্লেখযোগ্য যে নামৰূপ সাৰ কাৰখানাত অসম চৰকাৰে ৪০ শতাংশ বিনিয়োগ কৰাৰ বিপৰীতে ১১ শতাংশ নামৰূপ সাৰ কাৰখানাই, ১৮ শতাংশ এন এফ এলে, ১৩ শতাংশ এইচ ইউ আৰ এলে আৰু ১৮ শতাংশ অইলে বিনিয়োগ কৰিব। ইতিমধ্যে প্রকল্পটো ৰূপায়ণৰ নথি-পত্ৰৰ কামসমূহ প্রায় সম্পূর্ণ হৈ উঠিছে। একেদৰে কাজিৰঙাত ৩৮ কিল'মিটাৰ দৈৰ্ঘ্যৰ এটা এলিভেটেড কৰিড'ৰৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সেউজ সংকেত প্রদান কৰিছে। অচিৰেই উক্ত প্রকল্পটোৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রালয়ে নিবিদা আহ্বান কৰাৰ সম্ভাৱনা আছে। একেদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীত নিৰ্মাণ কৰা দলংখনৰ কামো প্রায় ৯৫ শতাংশ সম্পূর্ণ হৈছে। সম্প্রতি দলং সংযোগী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লেই এই দলংখন মুকলিৰ বাবে সাজু হৈ উঠিব।


মন কৰিবলগীয়া কথা যে দেওবাৰৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৫৩০ কোটি টকা ব্যয় হ'বলগীয়া গুৱাহাটী ৰিং ৰ'ড প্রকল্প, ১২০০ কোটি টকা ব্যয় সাপেক্ষ ব্রহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেংগী-কুৰুৱা সংযোগী দলং আৰু ৫৭০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিবলগীয়া দৰং মেডিকেল কলেজ, জি এন এম বিদ্যালয়, বি এছ চি নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। আনহাতে তেওঁ নুমলীগড়ত ৫০০০ কোটি টকীয়া ইথানল প্রকল্প মুকলি কৰাৰ লগতে ৭২৩০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া পলিপ্রপিলিন প্রকল্পৰো আধাৰশিলা স্থাপন কৰিছিল।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ