--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন বর্ষত আকৌ আহি প্রায় প্রায় ২০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।

ডিজিটেল ডেস্কঃ  অহা এপ্রিল মাহত অনুষ্ঠিত হ'বলগীয়া বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে নতুন বর্ষৰ প্রথম ভাগতে পুনৰ অসমলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। দেওবাৰে ৰাজ্যখনৰ বাবে প্রায় ১৮ হাজাৰ কোটি টকাৰ কেইবাটাও প্রকল্প উপহাৰ দিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন বর্ষত আকৌ আহি প্রায় প্রায় ২০ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব।


কালি ৰাজ্য চৰকাৰৰ এটা শীর্ষ সূত্রই এই কথা জানিবলৈ দি প্ৰকাশ কৰা মতে, সম্ভৱত অহা জানুৱাৰী মাহত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ অসমলৈ আহি ৩০৩০ কোটি টকা ব্যয়ৰে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগ কৰি ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰি থকা দলংখন মুকলি কৰাৰ লগতে ১০৬০১ কোটি টকা ব্যয় সাপেক্ষ নামৰূপ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ আধাৰশিলা আৰু ৬০০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া কাজিৰঙা এলিভেটেড কৰিড'ৰৰ আধাৰশিলা স্থাপন কৰিব।


ইতিমধ্যে প্রধানমন্ত্রী মোদীৰ সৈতে এই সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আলোচনা কৰিছে বুলি জানিবলৈ দি সূত্ৰটোৱে লগতে কয় যে মুখ্যমন্ত্ৰীয়ে দিয়া প্রস্তাৱত প্ৰধানমন্ত্ৰী গৰাকীয়ে সঁহাৰি দি উক্ত প্রকল্পকেইটা মুকলি আৰু আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি প্রতিশ্রুতি দিছে। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত ৰূপায়ণ কৰিবলগীয়া আন কেইবাটাও প্ৰকল্পৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে বুলি জানিবলৈ দি সূত্ৰটোৱে লগতে কয় যে উক্ত প্রকল্পসমূহৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে সর্বাধিক গুৰুত্ব দিয়া প্রকল্পটো হৈছে ব্ৰহ্মপুত্ৰৰ বুকুৰে বোকাখাত আৰু গহপুৰ সংযোগী সুৰংগ পথ নিৰ্মাণৰ প্ৰকল্পটো।


উল্লেখযোগ্য যে নামৰূপ সাৰ কাৰখানাত অসম চৰকাৰে ৪০ শতাংশ বিনিয়োগ কৰাৰ বিপৰীতে ১১ শতাংশ নামৰূপ সাৰ কাৰখানাই, ১৮ শতাংশ এন এফ এলে, ১৩ শতাংশ এইচ ইউ আৰ এলে আৰু ১৮ শতাংশ অইলে বিনিয়োগ কৰিব। ইতিমধ্যে প্রকল্পটো ৰূপায়ণৰ নথি-পত্ৰৰ কামসমূহ প্রায় সম্পূর্ণ হৈ উঠিছে। একেদৰে কাজিৰঙাত ৩৮ কিল'মিটাৰ দৈৰ্ঘ্যৰ এটা এলিভেটেড কৰিড'ৰৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সেউজ সংকেত প্রদান কৰিছে। অচিৰেই উক্ত প্রকল্পটোৰ বাবে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্রালয়ে নিবিদা আহ্বান কৰাৰ সম্ভাৱনা আছে। একেদৰে ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটীত নিৰ্মাণ কৰা দলংখনৰ কামো প্রায় ৯৫ শতাংশ সম্পূর্ণ হৈছে। সম্প্রতি দলং সংযোগী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'লেই এই দলংখন মুকলিৰ বাবে সাজু হৈ উঠিব।


মন কৰিবলগীয়া কথা যে দেওবাৰৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৫৩০ কোটি টকা ব্যয় হ'বলগীয়া গুৱাহাটী ৰিং ৰ'ড প্রকল্প, ১২০০ কোটি টকা ব্যয় সাপেক্ষ ব্রহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেংগী-কুৰুৱা সংযোগী দলং আৰু ৫৭০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিবলগীয়া দৰং মেডিকেল কলেজ, জি এন এম বিদ্যালয়, বি এছ চি নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল। আনহাতে তেওঁ নুমলীগড়ত ৫০০০ কোটি টকীয়া ইথানল প্রকল্প মুকলি কৰাৰ লগতে ৭২৩০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া পলিপ্রপিলিন প্রকল্পৰো আধাৰশিলা স্থাপন কৰিছিল।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু