--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

In Short

  • বিজেপিৰ মুখপাত্র মমিনুল আৱালে কয় যে, স্বাধীনতাৰ ছয়টা দশকত উন্নয়নৰ মুখ দেখিবলৈ সক্ষম নোহোৱা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত উন্নয়ন আৰু প্ৰগতিৰ ধল বোৱাবলৈ সক্ষম হৈছে।

ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী পূৰ্বোত্তৰ ভাৰতৰ উন্নয়নৰ ব্ৰেণ্ড এম্বেছাদৰ। জনতাৰ হিয়াৰ আঁমঠু ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শিল্পীগৰাকীৰ প্ৰতি জনোৱা শ্রদ্ধা আৰু অসমৰ জনসাধাৰণৰ প্ৰতি আগবঢ়োৱা স্নেহ আৰু মৰমে অসমবাসীক আপ্লুত কৰিছে। উন্নয়নৰ বতৰাৰে উপস্থিত হোৱা প্রধানমন্ত্রী মোদীয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি থকা তেওঁৰ একাত্মতা পুনৰ দাঙি ধৰিলে। এই মন্তব্য ৰাজ্যিক বিজেপিৰ।


এক বিবৃতিত ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালে কয় যে, স্বাধীনতাৰ ছয়টা দশকত উন্নয়নৰ মুখ দেখিবলৈ সক্ষম নোহোৱা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত উন্নয়ন আৰু প্ৰগতিৰ ধল বোৱাবলৈ সক্ষম হৈছে। উত্তৰ-পূৰ্বাঞ্চল প্রাকৃতিক আৰু মানৰ সম্পদেৰে সমৃদ্ধিশালী এক অঞ্চল। প্রধানমন্ত্রী মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সম্পদ আৰু সম্ভাৱনাৰ সঠিক মূল্যায়নেৰে অঞ্চলটোৰ বিকাশৰ ক্ষেত্ৰত দৃঢ় আৰু সঠিক সিদ্ধান্ত গ্রহণ কৰিছে। প্রধানমন্ত্রী মোদীয়ে গ্ৰহণ কৰা পদক্ষেপৰ যোগেদি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে তেওঁৰ আত্মিক সম্পর্ক আৰু সবল নেতৃত্বৰ পৰিচয় দাঙি ধৰিছে।


প্রধানমন্ত্রী মোদী এগৰাকী অক্লান্ত পৰিশ্ৰমী, ৰাষ্ট্ৰপ্ৰেমী বিচক্ষণ নেতা বুলি উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে লগতে কয়, 'তেওঁৰ চিন্তাত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে সদায় এক সুকীয়া স্থান দখল কৰি আহিছে। প্রধানমন্ত্রী মোদীৰ নেতৃত্বত ভাৰতবৰ্ষৰ বুকুত অসমে এক সুকীয়া স্থান পাবলৈ সক্ষম হৈছে। প্রধানমন্ত্রী মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে অভিহিত কৰি অঞ্চলটোক ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ দূৰদৰ্শী দৃষ্টিভংগী প্ৰকাশ কৰিছে। ইফালে প্রধানমন্ত্রী মোদীৰ নেতৃত্বত অসম তথা উত্তৰ-পূৰ্বাঞ্চলে ১১ হাজাৰ কিল'মিটাৰতকৈও অধিক দৈৰ্ঘ্যৰ ঘাইপথ পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয়, 'উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক ৰে'ল যোগে সংযোগ কৰা হৈছে। বগীবিল দলং, ধলা-শদিয়া দলং, ৰাষ্ট্ৰীয় জলপথ পুনৰ উজ্জীৱিত কৰা হৈছে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে সুচল নীতি গ্রহণ কৰিছে। অৰ্থনৈতিক বিকাশৰ বাবে অসমত বিনিয়োগৰ বাবে এক অনুকূল পৰিৱেশ ৰচনা হৈছে। অসমত এডভাণ্টেজ আছাম প্রথম আৰু ২.০ অনুষ্ঠিত হৈছে।


নুমলীগড় তেল শোধনাগাৰৰ উৎপাদন ক্ষমতা তিনিগুণ বৃদ্ধি হৈছে। দেশৰ ভিতৰতে নুমলীগড়ত প্রথম বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ স্থাপন হৈছে। জাগীৰোডত ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণকাৰ্য পূর্ণগতিত চলি আছে। অসমৰ জনতাৰ দাবীৰ প্ৰতি সন্মান জনাই অসমবাসী ৰাইজৰ হিয়াৰ আঁমঠু আমাৰ প্ৰাণৰ স্পন্দন ড° ভূপেন হাজৰিকাক ভাৰতৰত্ন প্ৰদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূপেন হাজৰিকাৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা আৰু ভালপোৱা প্ৰকাশ কৰিছে। লাচিত বৰফুনৰ বীৰ গাথা ৰাষ্ট্ৰীয় মঞ্চত সঠিক উপস্থাপনেৰে আমাৰ স্বাভিমান বৃদ্ধি কৰিছে। অসমীয়াৰ স্বাভিমানৰ প্রতীক গামোচাক ৰাষ্ট্ৰীয় আৰু বিশ্বৰ মঞ্চত পৰিচয় কৰাই দি এক বিশেষ মর্যাদা প্রদান কৰিছে।


প্রধানমন্ত্রী মোদীৰ নেতৃত্বতে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যাৰ সমাধানৰ বাট প্রশস্ত হৈছে। প্রায় সকলোবোৰ বিদ্ৰোহী গোটৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত হৈছে। অঞ্চলটোলৈ শান্তিৰ পৰিৱেশ অহাৰ বাবেই সুৰক্ষা, নিৰাপত্তা আৰু উন্নয়নৰ পৰিৱেশ ৰচনা হৈছে। প্রধানমন্ত্রী মোদীৰ সঠিক নীতিৰ যোগাত্মক দৃষ্টিভংগী আৰু সবল নেতৃত্বত অসম তথা উত্তৰ-পূর্বাঞ্চল দক্ষিণ-পূব এছিয়াৰ বাবে এক কৌশলগত গুৰুত্বপূৰ্ণ সংযোগী স্থল হিচাপে বিবেচিত হৈছে বুলি মত প্রকাশ কৰি তেওঁ লগতে কয়- 'আমাৰ অধিকাৰ, আমাৰ মৰ্যাদা, আমাৰ ভাষা-সাহিত্য, কলা-সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ গুৰুত্ব প্রদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পূৰ্বোত্তৰ ভাৰতৰ উন্নয়নৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement