--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নাটকীয় ভঙ্গীত ৰাজনৈতিক অস্থিৰতাই জোকাৰি যোৱা মহাৰাষ্ট্ৰত এতিয়া ক্ষমতা হেৰুওৱাৰ সংকটত পৰিছে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ। উদ্ধৱ ঠাকৰে চৰকাৰৰ ক্ষমতাৰ স্থায়ীত্ব এতিয়া নিৰ্ণয় হ'ব গুৱাহাটীৰ পৰা। কিয়নো চৰকাৰৰ বিৰুদ্ধে বিসম্বাদৰ নেতৃত্ব দিয়া একনাথ সিন্দেৰ সৈতে প্ৰায় ৪০ জন বিধায়কে এতিয়া বাহৰ পাতিছে গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত। ৰাষ্ট্ৰীয় ৰাজনীতিত খলকনি তোলা মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক অস্থিৰতা আৰু চৰকাৰ ভঙা-পতাৰ খেলখন এতিয়া গুৱাহাটীৰ পৰাই নিৰ্ণয় হোৱাটো নিশ্চিত হৈ পৰিছে।

গুৱাহাটী বিমানবন্দৰত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি বিসম্দী নেতা একনাথ সিন্দেয়ে দাবী কৰে যে তেওঁৰ সৈতে প্ৰায় ৪৬ জন বিধায়কৰ সমৰ্থন আছে। যদি সিন্দেৰ দাবীৰ সঁচা হয়, তেতিয়াহ’লে সংকটৰ গৰাহত পৰিব উদ্ধৱ ঠাকৰেৰ মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ। অৱশ্যে সিন্দেই লগতে প্ৰতিশ্ৰুতি দিছে যে তেওঁলোকে বালাচাহেব ঠাকৰেৰ হিন্দুত্ব প্ৰতিনিয়ত কঢ়িয়াই নিব। "আমি বালাচাহেব ঠাকৰেৰ শিৱসেনা এৰি যোৱা নাই আৰু কেতিয়াও এৰি নাযাওঁ।"- সিন্দেই কয়।

ইফালে গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত একনাথ সিন্দেৰ নেতৃত্বৰ বিসম্বাদী বিধায়কসকলক অসম বিজেপিৰ কেইজনমান নেতা তথা বিধায়কে আদৰণি জনায় বুলি জানিব পৰা গৈছে। আনহাতে মহাৰাষ্ট্ৰৰ বিধায়কৰ দলটো ৰেডিচন ব্লুত উপস্থিত হোৱাৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰেডিচন ব্লুত উপস্থিত আছিল বুলিও খবৰ ওলাইছে। গতিকে বিসম্বাদী বিধায়কসকলে প্ৰত্যক্ষভাৱে বিজেপিৰ আতিথ্য লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে সম্প্ৰতি দেশৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে। অবিজেপি শাসিত ৰাজ্যৰ চৰকাৰ ভঙা-পতাৰ খেলত হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা ভূমিকাৰ বিষয়ে সৰ্বজনবিদিত। বিশেষকৈ উত্তৰ-পূবৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ স্পষ্টৰূপত প্ৰতিফলিত হৈছে। গতিকে মহাৰাষ্ট্ৰৰ এই ৰাজনৈতিক নাটকৰ মধ্যস্থতাৰ দায়িত্ব কেন্দ্ৰই হিমন্ত বিশ্ব শৰ্মাৰ হাতত দিয়া বুলিও সম্প্ৰতি চৰ্চা চলিছে।  
ইতিমধ্যে বিসম্বাদৰ নেতৃত্ব বহন কৰা একনাথ সিন্দেই স্পষ্টকৈ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক বিজেপিৰ সৈতে মিত্ৰতাৰ বাবে দাবী জনাইছে। আনহাতে মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে এই অস্থিৰতাৰ সময়তে মুকলিকৈ সিন্দেৰ সৈতে সহযোগ কৰি চৰকাৰ গঠন কৰিবলৈ সাজু আছে বুলি মন্তব্য কৰিছে।

তদুপৰি  মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নাভিছ এই সমগ্ৰ ঘটনাৰ আঁৰত আছে বুলিও সন্দেহ কৰা হৈছে। ফাড়নাভিছ বৰ্তমান দিল্লীত আছে আৰু কালি তেওঁ দিল্লীত বিজেপিৰ এই বিধায়ক কিনা-বেচা ৰাজনীতিৰ মূল কাণ্ডাৰী অমিত শ্বাহক সাক্ষাৎ কৰিছে। ফাড়নাভিছে সেনাৰ বিসম্বাদী নেতা সিন্দেক চুৰাটলৈ স্থানান্তৰিত কৰাত সহায় কৰা বুলি অভিযোগ উঠিছে।

সিন্দেৰ মুকলি বিসম্বাদৰ পিছত ঠাকৰে চৰকাৰৰ স্থায়ীত্বৰ ওপৰত সন্দেহ ঘনীভূত হোৱাটো স্বাভাৱিক। ঠাকৰে চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ আৰু আস্থাভোট জিকিবলৈ বিজেপিক মহাৰাষ্ট্ৰ বিধানসভাত থকা নিজা ১০৬ জনৰ ওপৰিও ৩৭ জন বিধায়কৰ প্ৰয়োজন। 

কিন্তু সিন্দেই তেওঁৰ সৈতে ৪৬ জন বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰাৰ পিছত এতিয়া অস্তিত্বৰ সংকটত পৰিছে উদ্ধৱ ঠাকৰেৰ চৰকাৰ। যিকোনো সময়তে এতিয়া মহা বিকাশ আঘাড়ী (এমভিএ) চৰকাৰ পতন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি