--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। পতনৰ দিশে অগ্ৰসৰ হৈছে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বৰ ত্ৰিদলীয় চৰকাৰ। সহযোগী দুয়োটা দল ক্ৰমে, কংগ্ৰেছ আৰু এনচিপিৰ মাজত বিভাজন দেখিবলৈ পোৱা নাই যদিও শিৱসেনাৰ বিধায়কসকলৰ মাজত হোৱা বিভাজনে এতিয়া অস্থিৰ কৰি তুলিছে মহাৰাষ্ট্ৰ চৰকাৰ। একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙাৰ সকলো পৰিকল্পনা ৰচনা হৈছে। আৰু স্বাভাৱিকতে আঁৰৰ পৰা এই সকলো প্ৰক্ৰিয়াৰে আঁত ধৰিছে বিজেপিয়ে। অৱশ্যে একনাথ সিন্দেই বিজেপিৰে সম্পৰ্কত থকাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বৃহৎ দলটোৱে গুৱাহাটী ৰেডিচন ব্লু হোটেলত বাহৰ পতাটোৱে বহু কথাই স্পষ্ট কৰি তুলিছে।

এই জল্পনা-কল্পনাৰ মাজতে আন এটা বৃহৎ খবৰক লৈ চৰ্চা চলিছে সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আজি সন্ধিয়া এটা বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছেধাৰণা কৰা হয় যে, মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে আজি সন্ধিয়াৰ ভাগলৈ পদত্যাগ কৰাৰ প্ৰস্তাৱ দিব পাৰে। উদ্ধৱে প্ৰথমে তেওঁৰ বাকী থকা বিধায়ক আৰু সাংসদসকলক সাক্ষাৎ কৰিব আৰু তেওঁলোকক তেওঁৰ স্থিতিৰ বিষয়ে ব্যাখ্যা কৰিব। ইয়াৰ উপৰি শিৱসেনাৰ মুৰব্বী তথা ত্ৰিদলীয় চৰকাৰখনৰ মূল গুৰি ধৰোঁতাগৰাকীয়ে এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে এনচিপিৰ সভাপতি শৰদ পাৱাৰৰ সৈতে এখন ব্যক্তিগত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব।

ইয়াৰ উপৰি, মুখ্যমন্ত্ৰী থাকৰেই পৰিস্থিতি স্পষ্ট কৰিবলৈ কংগ্ৰেছ দলৰ নেতা বালাচাহেব থোৰাটৰ সৈতেও কথা পাতিব। থাকৰেৰ এই ডাঙৰ সিদ্ধান্ত তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাটোৱেই হোৱাৰ সম্ভাৱনা আছে। ৰদ পাৱাৰক সাক্ষাৎ কৰাৰ পাছতে তেওঁ এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

কংগ্ৰেছৰ এটা সূত্ৰই সদৰি কৰিছে যে, চৰকাৰ সংখ্যালঘু অৱস্থালৈ আহিছে আৰু কংগ্ৰেছ ইয়াৰ বিষয়ে অৱগত। ইফালে, মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে মহাৰাষ্ট্ৰ বিধানসভা ভংগ কৰাৰ ইংগিত দিছে। সঞ্জয় ৰাউতে টুইট কৰিছিল যে মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকট বিধানসভা ভংগৰ দিশে আগবাঢ়িছে। এনে পৰিস্থিতিত শীঘ্ৰেই মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। এতিয়া কোনে ৰাজ্যখনৰ চৰকাৰৰ চালকৰ আসনত বহিব তাক লৈ এতিয়া জল্পনা কল্পনা চলিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি