--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতা অব্যাহত আছে। পতনৰ দিশে অগ্ৰসৰ হৈছে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বৰ ত্ৰিদলীয় চৰকাৰ। সহযোগী দুয়োটা দল ক্ৰমে, কংগ্ৰেছ আৰু এনচিপিৰ মাজত বিভাজন দেখিবলৈ পোৱা নাই যদিও শিৱসেনাৰ বিধায়কসকলৰ মাজত হোৱা বিভাজনে এতিয়া অস্থিৰ কৰি তুলিছে মহাৰাষ্ট্ৰ চৰকাৰ। একনাথ সিন্দেৰ নেতৃত্বত মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙাৰ সকলো পৰিকল্পনা ৰচনা হৈছে। আৰু স্বাভাৱিকতে আঁৰৰ পৰা এই সকলো প্ৰক্ৰিয়াৰে আঁত ধৰিছে বিজেপিয়ে। অৱশ্যে একনাথ সিন্দেই বিজেপিৰে সম্পৰ্কত থকাৰ কথা অস্বীকাৰ কৰিছে। কিন্তু মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ বৃহৎ দলটোৱে গুৱাহাটী ৰেডিচন ব্লু হোটেলত বাহৰ পতাটোৱে বহু কথাই স্পষ্ট কৰি তুলিছে।

এই জল্পনা-কল্পনাৰ মাজতে আন এটা বৃহৎ খবৰক লৈ চৰ্চা চলিছে সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে আজি সন্ধিয়া এটা বৃহৎ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছেধাৰণা কৰা হয় যে, মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে আজি সন্ধিয়াৰ ভাগলৈ পদত্যাগ কৰাৰ প্ৰস্তাৱ দিব পাৰে। উদ্ধৱে প্ৰথমে তেওঁৰ বাকী থকা বিধায়ক আৰু সাংসদসকলক সাক্ষাৎ কৰিব আৰু তেওঁলোকক তেওঁৰ স্থিতিৰ বিষয়ে ব্যাখ্যা কৰিব। ইয়াৰ উপৰি শিৱসেনাৰ মুৰব্বী তথা ত্ৰিদলীয় চৰকাৰখনৰ মূল গুৰি ধৰোঁতাগৰাকীয়ে এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে এনচিপিৰ সভাপতি শৰদ পাৱাৰৰ সৈতে এখন ব্যক্তিগত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব।

ইয়াৰ উপৰি, মুখ্যমন্ত্ৰী থাকৰেই পৰিস্থিতি স্পষ্ট কৰিবলৈ কংগ্ৰেছ দলৰ নেতা বালাচাহেব থোৰাটৰ সৈতেও কথা পাতিব। থাকৰেৰ এই ডাঙৰ সিদ্ধান্ত তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাটোৱেই হোৱাৰ সম্ভাৱনা আছে। ৰদ পাৱাৰক সাক্ষাৎ কৰাৰ পাছতে তেওঁ এই সম্পৰ্কত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

কংগ্ৰেছৰ এটা সূত্ৰই সদৰি কৰিছে যে, চৰকাৰ সংখ্যালঘু অৱস্থালৈ আহিছে আৰু কংগ্ৰেছ ইয়াৰ বিষয়ে অৱগত। ইফালে, মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতে মহাৰাষ্ট্ৰ বিধানসভা ভংগ কৰাৰ ইংগিত দিছে। সঞ্জয় ৰাউতে টুইট কৰিছিল যে মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকট বিধানসভা ভংগৰ দিশে আগবাঢ়িছে। এনে পৰিস্থিতিত শীঘ্ৰেই মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। এতিয়া কোনে ৰাজ্যখনৰ চৰকাৰৰ চালকৰ আসনত বহিব তাক লৈ এতিয়া জল্পনা কল্পনা চলিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান