--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শিশুৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, বয়স্কসকলৰ অৰ্শৰ সমস্যাৰ পৰা ওজন হ্ৰাস কৰালৈকে বহু উপকাৰিতা আছে পকা অমিতাৰ।

ডিজিটেল ডেস্ক: পকা অমিতা বৰ উপকাৰী ফল। পকা অমিতাত ভিটামিন A, C, পটাছিয়াম আৰু আঁহযুক্ত এক পুষ্টিকৰ ফল, যি হজম শক্তি বৃদ্ধি, কোষ্ঠকাঠিন্য দূৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি আৰু ছাল উজ্জ্বল কৰাত সহায় কৰে। ইয়াত থকা 'পেপেন' এনজাইমে আমিষ খাদ্য সহজে হজম কৰে আৰু চকুৰ বাবেও উপকাৰী। 


শিশুৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা, বয়স্কসকলৰ অৰ্শৰ সমস্যাৰ পৰা ওজন হ্ৰাস কৰালৈকে বহু উপকাৰিতা আছে পকা অমিতাৰ। ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰাকৃতিক উৎস পকা অমিতা চকুৰ বাবে উপকাৰী। বিটা কেৰটিনেৰে সমৃদ্ধ এই ফল ছালৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাতিপুৱা খালী পেটত পকা অমিতা খালে পেটটো সুস্থ হৈ থাকিব আৰু পেটৰ বিভিন্ন সমস্যা নাইকিয়া হ'ব।



পকা অমিতাৰ প্ৰধান উপকাৰিতা সমূহ হ’ল:


হজম শক্তি বৃদ্ধি: অমিতাত থকা পেপেন এনজাইমে পাচনতন্ত্ৰ শক্তিশালী কৰে, পেটৰ বিষ আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যা দূৰ কৰে। শৌচ খোলোচা কৰে৷


ৰোগ প্ৰতিৰোধ ক্ষমতা: ভিটামিন C-ৰ প্ৰাচুৰ্যই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।


ছাল আৰু চুলিৰ যত্ন: ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিন A-য়ে বয়সৰ চাপ কমায়, ছাল উজ্জ্বল কৰে আৰু শালমইনা নিৰাময়ত সহায় কৰে।


ওজন নিয়ন্ত্ৰণ: কম কেলৰিযুক্ত হোৱা বাবে ওজন হ্ৰাস কৰিবলৈ বিচৰা ব্যক্তিসকলৰ বাবে ই এক উত্তম ফল।


চকুৰ স্বাস্থ্য: ভিটামিন A-ৰ উৎস হোৱা বাবে চকুৰ দৃষ্টিশক্তি উন্নত কৰাত ই সহায় কৰে।


কৃমিৰ সমস্যা: পকা অমিতাৰ গুটি শুকুৱাই গুড়ি কৰি মৌৰ সৈতে খালে কৃমিৰ সমস্যা দূৰ হয়।


কেঞ্চাৰ নিৰাময়: ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্টযুক্ত পকা অমিতা কেঞ্চাৰৰ দৰে দুৰাৰোগ্য ৰোগ নিৰাময় কৰে। মুখৰ সোৱাদ পুনৰ ঘূৰাই আনি ভোক বৃদ্ধি কৰে, পেট পৰিষ্কাৰ ৰাখে।


হৃদযন্ত্ৰৰ সুস্থতা: হৃদযন্ত্ৰৰ সুস্বাস্থ্য বজাই ৰখাৰ বাবে পটাছিয়াম অতি গুৰুত্বপূৰ্ণ।পটাছিয়ামে ভৰপূৰ এই ফল উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ লগত জড়িত সকলো সমস্যা নিয়ন্ত্ৰণ কৰে।


অন্ত্ৰ স্বাস্থ্য: এচিডিটি আৰু বদহজমৰ সমস্যা কমোৱাতো পকা অমিতাই সহায় কৰাৰ‌ লগতে কলেষ্টেৰল আৰু ডায়েবেটিছ সমস্যা দূৰ কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু